17 June 2025
TV9 ASSAM
Photos Credit: Getty Images
আপুনি মুখৰ ছালৰ উজ্জ্বলতা বৃদ্ধি বাবে ঘৰুৱা উপায় বিচাৰি আছে নেকি ? তেন্তে আপুনি আলুৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।
আলুৰ ৰস ব্যৱহাৰ কৰিলে আপোনাৰ মুখৰ ক'লা দাগ আঁতৰিব আৰু সৌন্দৰ্যতা বৃদ্ধি পাব । আলুত ভিটামিন চি প্ৰচুৰ পৰিমাণে আছে ।
আলুৰ ৰস ব্যৱহাৰ কৰিলে আপোনাৰ মুখৰ বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰাত সহায় কৰিব । আলুৰ ৰসত ফ্লেভন'ইডৰ দৰে এণ্টিঅক্সিডজেন্ট থাকে ।
আলুৰ ৰসত থকা এনজাইমে নতুন আৰু সুস্থ কোষ সৃষ্টিত সহায় কৰে । ইয়াৰ ফলত ব্ৰণ বা শালমইনাৰ দাগ বা ক'লা দাগ যথেষ্ট হ্ৰাস পায় ।
আলুৰ ৰসে মুখৰ ছালখন হাইড্ৰেট কৰি ৰাখে । শুকান ছালৰ বাবে আলুৰ ৰস উপকাৰী । ফলত ছালৰ দাগবোৰ বহু পৰিমাণে কমিবলৈ আৰম্ভ কৰে ।
ঘৰুৱা উপায় হিচাপে মুখৰ ক'লা দাগ আঁতৰাই, ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে আলুৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।
এলাৰ্জীৰ দৰে সাম্ভাৱ্য যিকোনো সমস্যাৰ পৰা ৰক্ষা পাবলৈ প্ৰথমে পেষ্ট পৰীক্ষা কৰক । নতুবা বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ।
পঢ়িবলৈ ক্লিক কৰক