TV9 শিক্ষামেলা, অহা ২৪ আৰু ২৫ মে’ত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত, আপোনাৰ কেৰিয়াৰ গঢ়াৰ এক সুযোগ

এই শিক্ষামেলাত আপুনি বিশেষজ্ঞৰ পৰা কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ লাভ কৰিব । লগতে আগশাৰীৰ শিক্ষানুষ্ঠানত আপুনি মনে বিচৰা পাঠ্যক্ৰমৰ সম্পৰ্কে তথ্য লাভ কৰিব পাৰিব । দ্বাদশ আৰু স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষকৈ আয়োজন কৰা হৈছে এই শিক্ষামেলা ।

TV9 শিক্ষামেলা, অহা ২৪ আৰু ২৫ মেত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত, আপোনাৰ কেৰিয়াৰ গঢ়াৰ এক সুযোগ

Tv9 Education Expo

Published: 

19 May 2025 | 05:37 PM

TV9 শিক্ষামেলা, আপোনাৰ কেৰিয়াৰৰ চাবিকাঠি । দেশৰ অগ্ৰণী নিউজ নেটৱৰ্ক TV9 এ দেশৰ ১৫ খন মহানগৰত অনুষ্ঠিত কৰিছে TV9 শিক্ষামেলাৰ । এই শিক্ষামেলাত আপুনি লাভ কৰিব কেৰিয়াৰ উন্নীতকৰণৰ সুবিধা । আপোনাৰ বাবে এই শিক্ষামেলা ভৱিষ্যতৰ বাট নিশ্চিত কৰাৰ এক সুযোগ হ’ব পাৰে । দেশৰ আন ১৪ খন মহানগৰৰ লগতে গুৱাহাটীতো অনুষ্ঠিত হ’ব TV9 শিক্ষামেলা । গুৱাহাটীৰ বেতকুচিত থকা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অহা ২৪ আৰু ২৫ মে’ত অনুষ্ঠিত হ’ব এই শিক্ষামেলা । পুৱা ১০ বজাৰ পৰা ৭ বজালৈকে অনুষ্ঠিত হ’ব বিভিন্ন অনুষ্ঠান ।

Tv9 Education Expo

এই শিক্ষামেলাত আপুনি বিশেষজ্ঞৰ পৰা কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ লাভ কৰিব । লগতে আগশাৰীৰ শিক্ষানুষ্ঠানত আপুনি মনে বিচৰা পাঠ্যক্ৰমৰ সম্পৰ্কে তথ্য লাভ কৰিব পাৰিব । দ্বাদশ আৰু স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষকৈ আয়োজন কৰা হৈছে এই শিক্ষামেলা । যাতে, তেওঁলোকে নিজৰ বাবে এটা সুন্দৰ আৰু ফলপ্ৰসূ কেৰিয়াৰ বাচনি কৰাত সহায় লাভ কৰে । অসমৰ বাহিৰেও কলকাতা, দিল্লী, পাটনা আদি বিভিন্ন চহৰত পৃথক পৃথক তাৰিখত এই শিক্ষামেলা অনুষ্ঠিত হ’ব ।

Tv9 Education Expo

ইয়াৰ লগতে আপোনাৰ বাবে আৰু এটা ভাল খবৰ আছে । এই শিক্ষামেলাত অংশগ্ৰহণৰ বাবে আপুনি কোনো মাচুল ভৰিব নালাগে । সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি এই শিক্ষামেলাত অংশগ্ৰহণ কৰিব পাৰিব । সাক্ষাৎ কৰিব পাৰিব কেৰিয়াৰ বিশেষজ্ঞক । তেওঁলোকক নিজৰ কেৰিয়াৰ সম্পৰ্কে জানিবলগীয়া কথাবোৰ সুধিবলৈ সুযোগ পাব ।

Tv9 Education Expo

ডাঙৰ শিক্ষানুষ্ঠান এটা অধ্যয়ন কৰাৰ সপোন যদি পুহি ৰাখিছে তেন্তে, এই শিক্ষামেলাই সেই সপোন পূৰণ কৰাত আপোনাক সহায় কৰিব । কিয়নো ইয়াত ৩০ অধিক আগশাৰীৰ শিক্ষানুষ্ঠানে আপোনাক নিজ নিজ পাঠ্যক্ৰমৰ সবিশেষ তথ্য প্ৰদান কৰিব । ফলত এটা সুন্দৰ কেৰিয়াৰ বাচনি কৰাৰ বাবে আপুনিও পাঠ্যক্ৰমসমূহৰ বিষয়ে বুজি ল’ব পাৰিব । তেন্তে দেৰি কিহৰ, অহা ২৪ আৰু ২৫ মে’ত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ আহক আৰু TV9 শিক্ষামেলাত অংশ গ্ৰহণ কৰক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...