শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৯ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 09 Sep 2025 09:54 AM

আজি ৯ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৯ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৭৭৬ চনত আমেৰিকাৰ সংসদ কংগ্ৰেছে আনুষ্ঠানিকভাৱে দেশখনৰ নাম ‘ইউনাইটেড কলনীজ’ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সলনি কৰে।

১৮৫০ চনত কেলিফৰ্ণিয়া আমেৰিকাৰ ৩১ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।

১৮৬৭ চনত ইউৰোপীয় দেশ লাক্সেমবাৰ্গে স্বাধীনতা লাভ কৰে।

১৯২০ চনত আলিগড়ৰ এংলো অৰিয়েণ্টেল কলেজ আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।

১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংবিধান সভাই হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰে।

১৯৭৬ চনত মাও চে টুঙৰ মৃত্যু হয় আৰু কুও ফেং ৰাষ্ট্ৰপতি হয়।

১৯৫৪ চনত আফ্ৰিকাৰ দেশ আলজেৰিয়াত হোৱা ভূমিকম্পত ১৪০০ লোকৰ মৃত্যু হয়।

১৯৯১ চনত তাজিকিস্তানে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।

২০০৫ চনত চীনৰ বেইজিঙৰ চাওয়াং পাৰ্কত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন।