শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৬ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 16 Sep 2025 10:02 AM

আজি ১৬ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৬ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৭৯৫ চনত ব্ৰিটেইনে দক্ষিণ আফ্ৰিকাৰ কেপ টাউন দখল কৰে।

১৮২১ চনত মেক্সিকোৰ স্বাধীনতাক স্বীকৃতি দিয়া হয়।

১৮৪৮ চনত ফ্ৰান্সে নিজৰ সকলো উপনিবেশতে দাসত্ব বিলুপ্ত কৰে।

১৮৬১ চনত ব্ৰিটেইনৰ ডাকঘৰত চেভিংছ বেংক একাউণ্টৰ সুবিধা আৰম্ভ হয়।

১৯০৬ চনত নৰৱেৰ ৰ’ল্ড আমুণ্ডচেনে চুম্বকীয় দক্ষিণ মেৰু আৱিষ্কাৰ কৰে।

১৯৬৭ চনত ছোভিয়েট ইউনিয়নে পূব কাজাখস্তানত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।

১৯৭৮ চনত জেনেৰেল জিয়া উল হক পাকিস্তানৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।

১৯৮৬ চনত দক্ষিণ আফ্ৰিকাৰ সোণৰ খনিত আবদ্ধ হৈ ১৭৭ জন লোকৰ মৃত্যু হয়।