দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২৬ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ২৬ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৬ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯০৫ চনত নৰৱেই ছুইডেনৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৩৪ চনত মহাত্মা গান্ধীৰ পৃষ্ঠপোষকতাত সৰ্বভাৰতীয় গ্ৰাম্য উদ্যোগ সন্থা প্ৰতিষ্ঠা কৰা হয়।
১৯৪৩ চনৰ আজিৰ দিনটোতে অক্টোবৰৰ তৃতীয় সপ্তাহত কলিকতা (তেতিয়াৰ কলকাতা)ত কলেৰা মহামাৰীৰ ফলত ২১৫৫ জন লোকৰ মৃত্যু হয়।
১৯৪৭ চনত ৰাজা হৰি সিঙে জম্মু-কাশ্মীৰক ভাৰতৰ সৈতে একত্ৰিত কৰিবলৈ সন্মত হয়।
১৯৫০ চনত চেন্ট মাদাৰ টেৰেছাই কলিকতাত এটা চেৰিটি মিছন প্ৰতিষ্ঠা কৰে।
১৯৫১ চনত উইন্সটন চাৰ্চিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হয়।
১৯৬৯ চনত চন্দ্ৰত খোজ কঢ়া প্ৰথম মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু এডউইন এলড্ৰিন মুম্বাইত উপস্থিত হয়।
১৯৭৬ চনত ট্ৰিনিদাদ আৰু ট’বাগো গণৰাজ্যই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৯৯ চনত উচ্চতম ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ সময়সীমা ১৪ বছৰ নিৰ্ধাৰণ কৰে।
২০০১ চনত জাপানে ভাৰত আৰু পাকিস্তানৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।