Job Alert: SBI-ত ওলাইছে চাকৰি, শীঘ্ৰে অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

ভাৰতীয় ষ্টেট বেংকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৫,৫৮৩টা জুনিয়ৰ এছ’চিয়েটছ (গ্ৰাহক সহায়ক আৰু বিক্ৰী) পদৰ বাবে নিযুক্তি আৰম্ভ কৰিছে। যদি আপুনিও বেংকত চাকৰি কৰিব বিচাৰে, তেন্তে শীঘ্ৰে আবেদন কৰক।

Job Alert: SBI-ত ওলাইছে চাকৰি, শীঘ্ৰে অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

SBI-ত ওলাইছে চাকৰি

Published: 

08 Aug 2025 14:12 PM

SBI job Vacancy 2025: যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই সন্ধান ভাৰতীয় ষ্টেট বেংক (SBI)ত সম্পূৰ্ণ হ’ব। ৰাজহুৱা খণ্ডৰ বৃহৎ বেংক এছ বি আইয়ে গ্ৰাহক সেৱা শক্তিশালী কৰাৰ লগতে কৰ্মশক্তি বৃদ্ধিৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৫,৫৮৩ জন জুনিয়ৰ এছ’চিয়েট (গ্ৰাহক সহায় আৰু বিক্ৰী)ৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে ৬ আগষ্টৰ পৰা ২৬ আগষ্টলৈ অনলাইন আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিছে । এনে ক্ষেত্ৰত বেংকত কাম কৰিব বিচৰা প্ৰাৰ্থীয়ে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকত যোগদান কৰাৰ এক সোণালী সুযোগ লাভ কৰিব।

যোৱা মাহতো পদ খালী হৈছিল

যোৱা কেইমাহমানৰ ভিতৰত এছ বি আইয়ে ৫০৫ জন প্ৰবেচনেৰী অফিচাৰ (পি অ’) আৰু ১৩,৪৫৫ জন জুনিয়ৰ এছ’চিয়েটক নিযুক্তি দিয়ে।

২.৩৬ লাখৰো অধিক কৰ্মচাৰীৰে অন্যতম বৃহৎ চাকৰি প্ৰদানকাৰী অফিচ এছ বি আই। নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰীসকলক বিভিন্ন স্থানত নিয়োগ কৰা হ’ব, যাৰ ফলত গ্ৰাহকৰ সৈতে উন্নত যোগাযোগ, অভিযোগৰ ক্ষিপ্ৰ সমাধান আৰু বেংকিং প্ৰক্ৰিয়া মসৃণ হ’ব।

প্ৰতিভাৱান যুৱক-যুৱতীসকলক সংযোগ কৰাৰ লক্ষ্য

এছ বি আইৰ চেয়াৰমেন চি এছ চেটীয়ে কয় যে, এই নিযুক্তি অভিযান বেংকৰ দীৰ্ঘম্যাদী কৌশলৰ সৈতে মিল আছে। যাৰ লক্ষ্য হৈছে মানৱ সম্পদৰ সামৰ্থ্য শক্তিশালী কৰা। তেওঁ কয় যে আমাৰ মাজত নতুন প্ৰতিভাৱান যুৱক-যুৱতীক সংযোজন কৰাটো আমাৰ অগ্ৰাধিকাৰ। আমি তেওঁলোকক দক্ষতা বিকাশ কামৰ জৰিয়তে কাৰিকৰী আৰু কাৰ্য্যকৰী দক্ষতা প্ৰদান কৰিম, যাতে তেওঁলোকে পৰিৱৰ্তিত বেংকিং ক্ষেত্ৰৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খাব পাৰে।

আবেদন প্ৰক্ৰিয়া

পদ: জুনিয়ৰ এছ’চিয়েট (গ্ৰাহক সহায় আৰু বিক্ৰী)
খালী পদঃ ৫,৫৮৩ টা
আবেদনৰ তাৰিখ: ৬ আগষ্টৰ পৰা ২৬ আগষ্ট ২০২৫লৈ

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...