চীনৰ হাতত পৰাস্ত ! ২০২৬ চনৰ QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত তললৈ নামিল ভাৰত
দহটা সৰ্বোচ্চ ৰেংকিঙৰ প্ৰতিষ্ঠানৰ ভিতৰত ৯টা প্ৰতিষ্ঠানৰ ৰেংকিং যোৱা বছৰৰ তুলনাত হ্ৰাস পাইছে। ভাৰত এতিয়া এছিয়াত দ্বিতীয় স্থানত আছে।

দুবছৰৰ পিছত ২০২৬ চনৰ QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত শীৰ্ষ স্থান হেৰুৱালে ভাৰতে। দেখা গৈছে যে, ইয়াৰ দহটা সৰ্বোচ্চ ৰেংকিঙৰ প্ৰতিষ্ঠানৰ ভিতৰত ৯টা প্ৰতিষ্ঠানৰ ৰেংকিং যোৱা বছৰৰ তুলনাত হ্ৰাস পাইছে। ভাৰত এতিয়া এছিয়াত দ্বিতীয় স্থানত আছে। এইবাৰৰ ৰেংকিং অনুসৰি ১৩৭ খন ভাৰতীয় বিশ্ববিদ্যালয়ে এই তালিকাত স্থান লাভ কৰিছে। দেশখনৰ মুঠ ২৯৪খন বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰাৰ বিপৰীতে চীনে ২৬১খন প্ৰতিষ্ঠান সংযোজন কৰি মুঠ ৩৯৫ খনত উপনীত হয়। সামগ্ৰিকভাৱে এইবাৰ ১,৫২৯খন বিশ্ববিদ্যালয়ে এই ৰেংকিঙত স্থান লাভ কৰে।
হংকং, চীন আৰু ছিংগাপুৰৰ প্ৰতিষ্ঠানসমূহে শীৰ্ষ ১০ খন স্থানত আধিপত্য বিস্তাৰ কৰে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (IIT) দিল্লী ভাৰতৰ শীৰ্ষ প্ৰদৰ্শনকাৰী বিশ্ববিদ্যালয় পৰিগণিত হৈছে, যৌথভাৱে ৫৯ নম্বৰ স্থান লাভ কৰে। যোৱা বছৰৰ ৪৪ নম্বৰৰ তুলনাত ১৫ টা স্থান তললৈ নামিল। যোৱা বছৰ ৪৮ নম্বৰত থকা আই আই টি বম্বেও এইবাৰ ৭১ নম্বৰ স্থান লাভ কৰে।
কোনবোৰ ভাৰতীয় প্ৰতিষ্ঠানে শীৰ্ষ ৰেংকিঙত স্থান লাভ কৰিছিল?
ভাৰতৰ শীৰ্ষ ১০ খন প্ৰতিষ্ঠানৰ ভিতৰত সাতখন হৈছে IIT — দিল্লী, মাদ্ৰাজ, বম্বে, কানপুৰ, খড়গপুৰ, ৰুৰকী আৰু গুৱাহাটৰ লগতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc) বেংগালুৰু, দিল্লী বিশ্ববিদ্যালয় আৰু চণ্ডীগড় বিশ্ববিদ্যালয়। ইয়াৰে কেৱল চণ্ডীগড় বিশ্ববিদ্যালয়েহে ৰেংকিঙৰ উন্নতি সাধন কৰি ১২০ নম্বৰৰ পৰা ১০৯ নম্বৰলৈ উন্নীত হয়।
সামগ্ৰিকভাৱে ভাৰতৰ সাতখন বিশ্ববিদ্যালয় শীৰ্ষ ১০০ খনৰ ভিতৰত, ২০খনে শীৰ্ষ ২০০ খন আৰু ৬৬খন শীৰ্ষ ৫০০ খনৰ ভিতৰত স্থান লাভ কৰিছে।
QS Asia Rankings ত কি কি মাপকাঠী ব্যৱহাৰ কৰা হয়?
কোৱাৰেলি চাইমণ্ডছে বছৰি প্ৰকাশ কৰা কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ ফৰ এছিয়াই গৱেষণাৰ প্ৰভাৱ, শৈক্ষিক সুনাম, নিয়োগকৰ্তাৰ সুনাম, আন্তৰ্জাতিককৰণ আৰু অধ্যাপকৰ অৰ্হতাকে ধৰি ১১টা সূচকৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়সমূহৰ মূল্যায়ন কৰে।