কোনবোৰ টোল প্লাজাত বৈধ হ’ব বাৰ্ষিক টোল পাছ? জানি লওক আপোনাৰ মনত উদয় হোৱা সকলো প্ৰশ্নৰ উত্তৰ

১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব বাৰ্ষিক টোল পাছ ব্যৱস্থা। এই বাৰ্ষিক পাছৰ মূল্য হ’ব ৩ হাজাৰ টকা। এই পাছৰ জৰিয়তে ব্যক্তিগত বাহনৰ মালিকে ৰাষ্ট্ৰীয় ঘাইপথত চাপমুক্তভাৱে যাত্ৰা কৰিব পাৰিব। এই পাছৰ অধীনত বাহনৰ মালিকসকলে এবছৰত সৰ্বাধিক ২০০ বাৰ টোলৰ মাজেৰে পাৰ হ’ব পাৰিব।

কোনবোৰ টোল প্লাজাত বৈধ হব বাৰ্ষিক টোল পাছ? জানি লওক আপোনাৰ মনত উদয় হোৱা সকলো প্ৰশ্নৰ উত্তৰ

বাৰ্ষিক টোল পাছ কেনেদৰে পাব?

Updated On: 

18 Jun 2025 19:21 PM

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে ফাষ্টটেগ ভিত্তিক নতুন বাৰ্ষিক টোল পাছ ব্যৱস্থা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব নতুন পাছ ব্যৱস্থা। এই বাৰ্ষিক পাছৰ মূল্য হ’ব ৩ হাজাৰ টকা। এই পাছৰ জৰিয়তে ব্যক্তিগত বাহনৰ মালিকে ৰাষ্ট্ৰীয় ঘাইপথত চাপমুক্তভাৱে যাত্ৰা কৰিব পাৰিব। এই পাছৰ অধীনত বাহনৰ মালিকসকলে এবছৰত সৰ্বাধিক ২০০ বাৰ টোলৰ মাজেৰে পাৰ হ’ব পাৰিব।

ইয়াত আমি ১০টা প্ৰশ্ন আৰু উত্তৰৰ জৰিয়তে নতুন পাছ ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিটো প্ৰশ্নৰ উত্তৰ জনাম-

প্ৰশ্ন- ফাষ্টটেগ বাৰ্ষিক পাছ কি?

উত্তৰ- ফাষ্টটেগ বাৰ্ষিক পাছৰ দ্বাৰা ব্যক্তিগত গাড়ী/জীপ/ভেন নিৰ্বাচিত ৰাষ্ট্ৰীয় ঘাইপথ (NH) আৰু ৰাষ্ট্ৰীয় এক্সপ্ৰেছৱে’ (NE) ৰ টোল প্লাজাৰ মাজেৰে এবছৰ বা ২০০ বাৰ ভ্ৰমণ কৰিলে, প্ৰতিবাৰে টোল নিদিয়াকৈ পাৰ হ’ব পাৰে।

প্ৰশ্ন- বাৰ্ষিক পাছ ক’ৰ পৰা ক্ৰয় কৰিব পাৰি?

উত্তৰ- এই পাছ কেৱল Highway Saathi App আৰু NHAI ৱেবছাইটতহে উপলব্ধ। বৰ্তমান ই আন কোনো ৱেবছাইট, বেংক বা অফলাইন স্থানত উপলব্ধ নহ’ব।

প্ৰশ্ন- কোনবোৰ টোল প্লাজাত এই পাছ বৈধ?

উত্তৰ- ৰাষ্ট্ৰীয় ঘাইপথ (NH) আৰু ৰাষ্ট্ৰীয় এক্সপ্ৰেছৱে (NE)ৰ টোল প্লাজাতহে বৈধ। ৰাজ্যিক ঘাইপথ বা স্থানীয় সংস্থাৰ দ্বাৰা পৰিচালিত টোল প্লাজাত ই সাধাৰণ ফাষ্টটেগৰ দৰে কাম কৰিব আৰু তাত সাধাৰণ চাৰ্জ আৰোপ কৰা হ’ব।

প্ৰশ্ন- বাৰ্ষিক পাছ কিমান দিনৰ বাবে বৈধ?

উত্তৰ- এই পাছটো এবছৰ বা ২০০ টা ভ্ৰমণৰ বাবে বৈধ।

প্ৰশ্ন- সকলো বাহনৰ বাবে উপলব্ধ নেকি?

উত্তৰ- নহয়, ই কেৱল ব্যক্তিগত অবাণিজ্যিক গাড়ী/জীপৰ বাবেহে। যদি ইয়াক কোনো ব্যৱসায়িক বাহনত ব্যৱহাৰ কৰা হয় তেন্তে তৎক্ষণাত বন্ধ কৰি দিয়া হ’ব।

প্ৰশ্ন- বাৰ্ষিক পাছ আন এখন বাহনলৈ স্থানান্তৰ কৰিব পাৰিনে?

উত্তৰ- নোৱাৰি, এই পাছ কেৱল সেই বাহনখনৰ বাবেহে বৈধ, যিখন বাহনত ফাষ্টটেগ লগোৱা আৰু পঞ্জীয়ন কৰা হৈছে। আন এখন বাহনত ব্যৱহাৰ কৰিলে ইয়াক নিষ্ক্ৰিয় কৰা হ’ব।

প্ৰশ্ন- গাড়ীৰ উইণ্ডশ্বিল্ডত ফাষ্টগ লগোৱাটো প্ৰয়োজনীয় নেকি?

উত্তৰ- হয়, বাৰ্ষিক পাছটো তেতিয়াহে সক্ৰিয় হ’ব যেতিয়া গাড়ীৰ সন্মুখৰ গ্লাছত ফাষ্টটেগ সঠিকভাৱে লগোৱা হ’ব।

প্ৰশ্ন- যদি Fastag কেৱল chassis নম্বৰৰ সৈতে ৰেজিষ্টাৰ কৰা হয় তেন্তে বাৰ্ষিক পাছ পাব পাৰিনে?

উত্তৰ- নোৱাৰি, চেছিছ নম্বৰৰ সৈতে পঞ্জীয়ন কৰা Fastag ত বাৰ্ষিক পাছ দিব নোৱাৰিব। ইয়াৰ বাবে আপুনি বাহন পঞ্জীয়ন নম্বৰ (VRN) আপডেট কৰিব লাগিব।

প্ৰশ্ন- এক ভ্ৰমণ বুলি কোনবোৰ ভ্ৰমণক গণ্য কৰা হয়?

উত্তৰ-

১/ পইণ্ট বেছড টোল প্লাজাত প্ৰতিটো ভ্ৰমণক পৃথক ভ্ৰমণ হিচাপে গণ্য কৰা হয়। অৰ্থাৎ প্ৰতিটো ভ্ৰমণক দুটা ভ্ৰমণ হিচাপে গণ্য কৰা হ’ব।

২) প্ৰৱেশ-প্ৰস্থান ভিত্তিক টোল প্লাজাত প্ৰৱেশ আৰু প্ৰস্থানক এটা ভ্ৰমণ হিচাপে গণ্য কৰা হ’ব।

প্ৰশ্ন- বাৰ্ষিক পাছৰ সৈতে জড়িত তথ্যৰ বাবে এছএমএছ সতৰ্কবাণী পোৱা যাব নে?

উত্তৰ- হয়, বাৰ্ষিক পাছ সক্ৰিয় কৰি আপুনি Highway Saathi App ত আপোনাৰ বেংক একাউন্টৰ সৈতে লিংক কৰা মোবাইল নম্বৰ ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ এছএমএছ আৰু জাননী প্ৰেৰণ কৰাৰ অনুমতি দিব পাৰে।

ফেটি লিভাৰৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে জানো আহক
জামুৰ গুটি পেলাই দিয়ে নেকি? ঔষধতকৈ কোনো গুণে কম নহয় এই ফলৰ গুটি
শাৰীৰিক সম্পৰ্কত সমস্যাই দেখা দিছে নেকি? জানক ইয়াৰ কাৰণ...
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...