নিযুক্তিৰ সুৱৰ্ণ সুযোগঃ দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন, এতিয়াই চাওক

চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ। ভাৰতীয় নৌসেনাই আনিছে নিযুক্তিৰ এক সুৱৰ্ণ সুযোগ। দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই এই পদসমূহৰ বাবে কৰিব পাৰিব আবেদন। ভাৰতীয় নৌসেনাই Boat Crew Staff পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে।

নিযুক্তিৰ সুৱৰ্ণ সুযোগঃ দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন, এতিয়াই চাওক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Mar 2025 20:14 PM

চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ। ভাৰতীয় নৌসেনাই আনিছে নিযুক্তিৰ এক সুৱৰ্ণ সুযোগ। দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই এই পদসমূহৰ বাবে কৰিব পাৰিব আবেদন। ভাৰতীয় নৌসেনাই Boat Crew Staff পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। আজিৰ পৰাই এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে নৌসেনাৰ অফিচিয়েল ৱেবছাইট joinindiannavy.gov.in ত গৈ অনলাইনযোগে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে ৪ মে’।

এই পদসমূহৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। লগতে আবেদনকাৰীৰ সাঁতোৰৰ জ্ঞান থাকিব লাগিব। ফায়াৰমেন পদৰ বাবে প্ৰাৰ্থীজনৰ প্ৰি-ছি ট্ৰেইনিং কোৰ্চৰ প্ৰমাণ পত্ৰও থাকিব লাগিব। আবেদন কৰা প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগে।

একে সময়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলকো চৰকাৰী নিয়ম অনুসৰি সৰ্বোচ্চ বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব-

প্ৰথমে ভাৰতীয় নৌসেনাৰ অফিচিয়েল ৱেবছাইট joinindiannavy.gov.in চাওক।

হোম পেজত দিয়া কেৰিয়াৰ টেবত ক্লিক কৰক।

ইয়াৰ পিছত নিযুক্তি অধিসূচনাৰ লিংকত ক্লিক কৰক।

এতিয়া নিয়ম অনুসৰি আবেদন কৰক।

নথি-পত্ৰ আপলোড কৰি চাবমিট কৰক।

এই নিযুক্তি প্ৰক্ৰিয়াত আবেদনকাৰীৰ বাছনি লিখিত পৰীক্ষা, সাঁতোৰ পৰীক্ষা আদি প্ৰক্ৰিয়াৰ জৰিয়তে বাচনি কৰা হ’ব। এই পৰীক্ষাত মুঠ ১০০ নম্বৰৰ প্ৰশ্ন থাকিব। অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীয়ে নৌসেনা আৰু নিয়োগ বাতৰিত প্ৰকাশিত বিজ্ঞাপন চাব পাৰে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?