ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

১৮ বছৰৰ পাছত আজিৰ দিনটোতে ব্ৰিটেইনত লেবাৰ পাৰ্টি পুনৰ ক্ষমতালৈ আহে । একেদৰে হিটলাৰে জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰিছিল আজিৰ দিনটোতে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
Updated On: 

02 May 2025 09:39 AM

২ মে’ৰ দিনটো বিভিন্ন ঘটনা-পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে ।  ১৮ বছৰৰ পাছত আজিৰ দিনটোতে ব্ৰিটেইনত লেবাৰ পাৰ্টি পুনৰ ক্ষমতালৈ আহে । একেদৰে হিটলাৰে জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰিছিল আজিৰ দিনটোতে । আজিৰ দিনটোতে ইটালীত থকা জাৰ্মান সৈন্যই আত্মসমৰ্পণ কৰে।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ১৯৯৭ চনৰ আজিৰ দিনটোতে ১৮ বছৰৰ পাছত ব্ৰিটেইনত লেবাৰ পাৰ্টি পুনৰ ক্ষমতালৈ আহে আৰু টনি ব্লেয়াৰ ব্ৰিটিছ সংসদীয় ইতিহাসৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।
  2. ১৮৮৫ চনৰ আজিৰ দিনটোতে বেলজিয়ামৰ ৰজা দ্বিতীয় লিওপোল্ডে স্বাধীন কংগো ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰে।
  3. ১৯৯৪ চনৰ আজিৰ দিনটোতে পোলেণ্ডত বাছ দুৰ্ঘটনাত ৩২ জন লোকৰ মৃত্যু হয়।
  4. ১৯৩৩ চনৰ আজিৰ দিনটোতে হিটলাৰে জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰে।
  5. ১৯৪৯ চনৰ আজিৰ দিনটোৰ পৰা মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ বিচাৰ আৰম্ভ হয়।
  6. ১৯৪৫ চনৰ আজিৰ দিনটোতে জাৰ্মান সেনাই ইটালীত আত্মসমৰ্পণ কৰে।
  7. ১৯৯৯ চনৰ আজিৰ দিনটোতে মিৰেয়া মস্কোছ’ক পানামাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হয়।
শিৱলিংগত কি বস্তু আগবঢ়ালে কি ফল পোৱা যায়? সবিশেষ জানক..
বাহনত ভ্ৰমণৰ সময়ত বমি ভাব হয় নেকি? জানক পৰিত্ৰাণৰ উপায়
বন্দে ভাৰত বা শতাব্দী ৰে'লৰ পৰা পোৱা উপাৰ্জনৰ হিচাপ ৰাখেনে চৰকাৰে ? ৰে’ল মন্ত্ৰালয়ে RTI উত্তৰত কি ক'লে ?
Knowledge Story: চেফ্টিপিনত কিয় থাকে বৃত্তাকাৰ অংশটো? কেতিয়াবা ভাবিছেনে?