শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোৰ অসমৰ বাবেও বিশেষ । কাৰণ ১৯০৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
manas-borah
Manas Borah | Published: 17 Jun 2025 07:30 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৭ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোৰ অসমৰ বাবেও বিশেষ । কাৰণ ১৯০৩ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ বুলি কোৱা হয়। তেওঁ নিৰ্মাণ কৰিছিল প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ । ১৯৩৫ চনত তেখেতে জয়মতী অসমীয়া চলচ্চিত্ৰখন নিৰ্মাণ কৰে।

ইয়াৰ লগতে চাওক দিনটোৰ ঘটনা পৰিঘটনা

  1. ১৭৫৬ চনত নবাব ছিৰাজ-উদ-দৌলাহে ৫০ হাজাৰ সৈন্যৰে কলিকতা (বৰ্তমান কলকাতা) আক্ৰমণ কৰে।
  2. ১৭৯৯ চনত নেপোলিয়ন বোনাপাৰ্টে ইটালীক নিজৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰে।
  3. ১৮৫৫ চনত নিউয়ৰ্কৰ বন্দৰলৈ ষ্টেচু অৱ লিবাৰ্টি অনা হয়।
  4. ১৯৩৮ চনৰ আজিৰ দিনটোতে জাপানে চীনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  5. ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে আত্মসমৰ্পণ কৰে।
  6. ১৯০৩ চনৰ আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ।
  7. ১৯৭৪ চনত ব্ৰিটিছ সংসদত বোমা বিস্ফোৰণত ১১ জন লোক আহত হয়।