১৬ জানুৱাৰীৰ দিনটোত ক’ত কি ঘটিছিল ? চাওঁ আহক দিনটোৰ ইতিহাস
বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৬ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? চাওঁ আহক।

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১৬ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই কল্পনা চাওলাক দুবাৰকৈ মহাকাশ ভ্ৰমণৰ বাবে বাছনি কৰিছিল। যিগৰাকীয়ে ২০০৩ চনৰ ১৬ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিছিল স্পেচ শ্বাটল কলম্বিয়াত।
কিন্তু এই বিমানখনেই তাইৰ শেষ বিমান বুলি প্ৰমাণিত হ’ল, কিয়নো ১৬ দিনীয়া মহাকাশ অভিযানৰ অন্তত পৃথিৱীলৈ উভতি অহাৰ সময়ত ১ ফেব্ৰুৱাৰীত মহাকাশযানখন দুৰ্ঘটনা পতিত হোৱাৰ বাবে আন ছয়জন ক্ৰুৰ সৈতে কল্পনা চাওলাৰ মৃত্যু হয়। ইয়াৰ লগতে চাওক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
- ১৫৫৬ চনত দ্বিতীয় ফিলিপ স্পেইনৰ সম্ৰাট হয়।
- ১৬৮১ চনত শিৱাজীৰ পুত্ৰ সম্ভাজীক ৰায়গদ গড়ত মুকুট পিন্ধোৱা হয়।
- ১৯০১ চনত মহান পণ্ডিত মহাদেৱ গোবিন্দ ৰানাডেৰ মৃত্যু হয়।
- ১৯৩৮ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত বাঙালী ঔপন্যাসিক শৰত চন্দ্ৰ চট্টোপাধ্যায়ৰ দেহাৱসান।
- ১৯৪৩ চনত ইণ্ডোনেছিয়াৰ আম্বন দ্বীপত আমেৰিকাৰ বায়ুসেনাই প্ৰথম বিমান আক্ৰমণ চলায়।
- ১৯৬৯ চনত ছোভিয়েট মহাকাশযান ছয়ুজ ৪ আৰু ছয়ুজ ৫ প্ৰথমবাৰৰ বাবে মহাকাশত ক্ৰুৰ আদান-প্ৰদান।
- ১৯৯১ চনত প্ৰথম উপসাগৰীয় যুদ্ধ (ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ব্যৱস্থা) আৰম্ভ হয়।
- ১৯৯২ চনত ভাৰত আৰু ব্ৰিটেইনৰ মাজত প্ৰত্যাৰ্পণ চুক্তি স্বাক্ষৰিত হয়।
- ১৯৯৬ চনত হাবল স্পেচ টেলিস্কোপৰ বিজ্ঞানীসকলে মহাকাশত ১০০ টাতকৈও অধিক নতুন তাৰকাৰাজ্য আৱিষ্কাৰ কৰা বুলি দাবী কৰে।
- ১৯৮৯ চনত ছোভিয়েট ইউনিয়নে মংগল গ্ৰহলৈ দুবছৰীয়া মানৱবাহী অভিযানৰ পৰিকল্পনা ঘোষণা কৰে।
- ২০০৩ চনত ভাৰতত জন্মগ্ৰহণ কৰা কল্পনা চাওলাই দ্বিতীয় মহাকাশ যাত্ৰাত নামি পৰে।
- ২০০৬ চনত সমাজবাদী নেত্ৰী মিচেল বেচেলেট চিলিৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।