Job: ২১,৪১৩ টা পদৰ বাবে ভাৰতীয় ডাকত ওলাইছে চাকৰি, দশম উত্তীৰ্ণসকলে এনেকৈ কৰক আবেদন

Job: চাকৰি বিচাৰি আছে নেকি? ভাৰতীয় ডাক বিভাগত চাকৰি কৰাৰ বাবে আপোনাৰ হাতত আছে সুবৰ্ণ সুযোগ। ভাৰতীয় ডাকে কেইবাটাও পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে।

Job: ২১,৪১৩ টা পদৰ বাবে ভাৰতীয় ডাকত ওলাইছে চাকৰি, দশম উত্তীৰ্ণসকলে এনেকৈ কৰক আবেদন

ভাৰতীয় ডাক বিভাগ

Published: 

12 Feb 2025 | 09:39 AM

দশম উত্তীৰ্ণসকলে চাকৰি বিচাৰি আছে নেকি?  তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। ভাৰতীয় ডাক বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছে। ভাৰতীয় ডাকে গ্ৰামীন ডাক সেৱক (GDS)পদৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি ডাক বিভাগে মুঠ ২১,৪১৩ টা পদ পূৰণ কৰিব। এই পদ সমূহৰ দ্বাৰা দেশৰ বিভিন্ন ৰাজ্যত নিযুক্তি প্ৰদান কৰা হ’ব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰে। ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া ৩ মাৰ্চলৈ চলিব।

গ্ৰামীন ডাক সেৱক পদত নিযুক্তি উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ছত্তীশগড়, দিল্লী, অন্ধ্ৰপ্ৰদেশ, অসম, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, পঞ্জাৱ, তামিলনাডু, তেলেংগানা আদি ৰাজ্যৰ বাবে। আবেদন কৰাৰ পাছত ৬ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ প্ৰ-পত্ৰত সংশোধন কৰিব পাৰিব।

অৰ্হতা

আবেদন কৰা প্ৰাৰ্থীসকল স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা দশম উত্তীৰ্ণ হ’ব লাগিব। লগতে আবেদনকাৰীয়ে কম্পিউটাৰৰ মৌলিক জ্ঞান আৰু স্থানীয় ভাষা জানিব লাগিব। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগে। অ’বিচি প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত ৩ বছৰৰ ৰেহাই, অনুসূচিত জাতি/জনজাতি বিভাগৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু সক্ষম প্ৰাৰ্থীৰ বাবে ১০ বছৰ ৰেহাই দিয়া হৈছে।

মাচুল

সাধাৰণ আৰু অবিচি প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিবলৈ ১০০ টকা মাচুল দিব লাগিব। ইয়াৰ বিপৰীতে সংৰক্ষিত শ্ৰেণীৰলোকে কোনো মাচুল দিব নালাগে।

কেনেকৈ কৰিব আবেদন

  • প্ৰাৰ্থীয়ে ভাৰতীয় ডাকৰ অফিচিয়েল ৱেবচাইট indiapostgdsonline.gov.in ত যাওক।
  • হোমপেজৰ এপ্লাই লিংকত ক্লিক কৰক।
  • পঞ্জীয়ন কৰি আবেদন পত্ৰ পূৰ কৰক।
  • তথ্যসমূহ দিয়ক।
  • মাচুল আদায় কৰি চাবমিট কৰক।

India Post GDS Recruitment 2025 Notification

India Post GDS Recruitment 2025 Apply Link

 

কেনেকৈ হ’ব নিৰ্বাচন

শৈক্ষিক অৰ্হতাৰ ভিত্তিত প্ৰস্তুত কৰা মেৰিট লিষ্টৰ জৰিয়তে প্ৰাৰ্থীৰ নিৰ্বাচন হ’ব। মেৰিটৰ জৰিয়তে চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক নথি পৰীক্ষণ আৰু মেডিকেল ফিটনেছ টেষ্টৰ বাবে মতা হ’ব।

 

অন্য খবৰ পঢ়কঃ Job: অইলত ওলাইছে চাকৰি, দ্বাদশ উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন, জানক সবিশেষ…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...