একেলগে লাভ কৰিছিল স্বাধীনতা, কিন্তু ভাৰততকৈ এদিন পূৰ্বে কিয় স্বাধীনতা দিৱস উদযাপন কৰে পাকিস্তানে?
Independence day 2025: ১৯৪৭ত দেশ স্বাধীন হোৱাৰ পূৰ্বলৈকে পাকিস্তান আৰু ভাৰত একেখনেই দেশ আছিল। বিভাজনৰ দ্বাৰাহে দুখন পৃথক ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছিল স্বাধীনতাৰ প্ৰাক মুহূৰ্তত। নাম দিয়া হ'ল হিন্দুস্তান (ভাৰত) আৰু পাকিস্তান। কিন্তু পাকিস্তানে কিয় এদিন আগত স্বাধীনতা দিৱস উদযাপন কৰে, জানো আহক সবিশেষ।

পাকিস্তানত স্বাধীনতা দিৱস উদযাপন (ফাইল ফটো)
প্ৰতিবছৰে ১৫ আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে ভাৰতবৰ্ষই। এইবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী। কিন্তু বৃটিছ ভাৰতৰ অন্য়তম অংগ তথা বৰ্তমান আমাৰ চুবুৰীয়া দেশ পাকিস্তানে ভাৰততকৈ এদিন আগত অৰ্থাৎ ১৪ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে।
১৯৪৭ত দেশ স্বাধীন হোৱাৰ পূৰ্বলৈকে পাকিস্তান আৰু ভাৰত একেখনেই দেশ আছিল। বিভাজনৰ দ্বাৰাহে দুখন পৃথক ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছিল স্বাধীনতাৰ প্ৰাক মুহূৰ্তত। নাম দিয়া হ’ল হিন্দুস্তান (ভাৰত) আৰু পাকিস্তান। কিন্তু পাকিস্তানে কিয় এদিন আগত স্বাধীনতা দিৱস উদযাপন কৰে, জানো আহক সবিশেষ।
ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ অনুসৰি সেই সময়ত পঞ্জাৱ আৰু বংগ প্ৰদেশক দুভাগ কৰি ভাৰত আৰু পাকিস্তানক দুখন সুকীয়া ৰাষ্ট্ৰ ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত পূৰ্ববংগক পাকিস্তানৰ পৰা পৃথক কৰি সৃষ্টি কৰা হয় আন এখন ৰাষ্ট্ৰ বাংলাদেশ। সেইটো এটা বেলেগ অধ্যায়। আজি আমি ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা দিৱসৰ বিষয়ে কিছু কথা পাতোঁ আহক।
পাকিস্তানৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয় মহম্মদ আলী জিন্নাক। ৰেডিঅ’ৰ জৰিয়তে এক ঐতিহাসিক ভাষণত জিন্নাই ঘোষণা কৰিছিল, “১৫ আগষ্ট হৈছে স্বাধীন আৰু সাৰ্বভৌম পাকিস্তানৰ জন্মদিন। নিজৰ গৃহভূমিৰ হকে যোৱা বহুবছৰ ধৰি অশেষ ত্যাগ স্বীকাৰ কৰা মুছলমান দেশখনৰ বাবে এই তাৰিখটো নিজা স্বীকৃতি লাভৰ এক চিন হৈ ৰ’ব।”
গতিকে ভাৰতে স্বাধীনতা লাভ কৰাৰ নিশাই যে পাকিস্তানে সুকীয় ৰাষ্ট্ৰ হিচাপে অস্তিত্ব লাভ কৰিছিল সেই কথা প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট প্ৰমাণ পোৱা গৈছে। তেন্তে পাকিস্তানে কিয় এদিন আগতে অৰ্থাৎ ১৪ আগষ্টত স্বাধীনতা দিৱস পালন কৰে?
এই বিষয়ক লৈ বহুকেইটা তত্ব প্ৰচলিত হৈ আহিছে। এটা তত্ত্বই ইয়াক ব্ৰিটিছ ইণ্ডিয়াৰ শেষ ভাইচৰয় আৰু ডমিনিয়ন অৱ ইণ্ডিয়াৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনৰ ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ সৈতে সংযুক্ত কৰি ৰাখিছে। প্ৰথমতে ১৯৪৮ চনৰ জুন মাহৰ আগতে ক্ষমতা হস্তান্তৰৰ পৰিকল্পনা কৰা হৈছিল যদিও মাউণ্টবেটেনে ১৫ আগষ্টৰ লগে লগে দুয়োখন দেশৰ স্বাধীনতা দিৱস ঘোষণা কৰাৰ পৰিকল্পনাই কামবোৰ দ্ৰুত কৰি তুলিছিল। ১৯৪৭ চনৰ ১৪ আগষ্টত তেওঁ পাকিস্তানৰ শাসন ক্ষমতা মহম্মদ আলী জিন্নাক হস্তান্তৰ কৰিবলৈ কৰাচীলৈ যায়।
আন এটা তত্ত্বই ইয়াক কেবিনেটৰ সিদ্ধান্তৰ বাবেই বুলি কয়। ১৯৪৮ চনৰ জুন মাহত পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকট আলী খানৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ আগত দেশখনে স্বাধীনতা দিৱস উদযাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। এই প্ৰস্তাৱত জিন্নাই অনুমোদন জনাই স্বাধীনতা দিৱস উদযাপনৰ তাৰিখ ১৪ আগষ্টলৈ আগুৱাই লৈ যায়।
ইয়াৰ অন্যতম কাৰণ হিচাপে ধৰ্মীয় ৰমজান মাহটোও উল্লেখ কৰা হৈছে। পাকিস্তানৰ কিছু সমৰ্থকে কয় যে ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টৰ মাজৰ নিশাটো শুভ দিন হিচাপে গণ্য কৰা পবিত্ৰ ৰমজান মাহৰ ২৭ তাৰিখৰ লগত মিলি গৈছিল। সেয়েহে ১৪ আগষ্টক স্বাধীনতা দিৱস হিচাপে বাচি লোৱা হৈছিল।
ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম (IST) পাকিস্তান ষ্টেণ্ডাৰ্ড টাইম (PST)তকৈ ৩০ মিনিট আগবাঢ়ি থকাটোও ইয়াৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰা হৈছে। যিহেতু ভাৰত ১৫ আগষ্টৰ নিশা ১২ বজাত স্বাধীন দেশত পৰিণত হৈছিল, সেয়েহে পাকিস্তান স্থানীয় সময় অনুসৰি ১৪ আগষ্টৰ নিশা ১১:৩০ বজাত স্বাধীন হৈছিল, সেয়েহে এদিন আগতে উদযাপন কৰা হৈছিল।
দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ সৈতে ২০১৬ চনত হোৱা এক সাক্ষাৎকাৰত পাকিস্তানী শ্বাহিদা কাজিয়ে কয়, “যদি আমি যুক্তি দিওঁ, যিকোনো ধৰণৰ যুক্তি, ১৫ আগষ্ট দিনটোত আমি (পাকিস্তান) স্বাধীনতা দিৱস উদযাপন কৰিব পাৰোঁ।”
আনকি জিন্না আৰু পাকিস্তান কেবিনেটে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পুৱা শপত গ্ৰহণ কৰিছিল বুলি প্ৰকাশ কৰিছে দ্য এক্সপ্ৰেছ ট্ৰিবিউনে। ১৯৪৮ চনৰ জুলাই মাহত মুকলি কৰা পাকিস্তানৰ প্ৰথম স্মৃতিচাৰণ ডাক টিকটসমূহেও ১৯৪৭ চনৰ ১৫ আগষ্টক দেশখনৰ স্বাধীনতা দিৱস বুলি উল্লেখ কৰিছিল।
পাকিস্তানৰ সংবাদপত্ৰ ডনৰ মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী মহম্মদ আলীয়ে ১৯৬৭ চনত লিখা ‘দ্য ইমাৰ্জেন্স অৱ পাকিস্তান’ নামৰ গ্ৰন্থখনত লিখিছে, “১৯৪৭ চনৰ ১৫ আগষ্ট ইছলামৰ অন্যতম পবিত্ৰ দিন ৰমজান-উল-মুবাৰকৰ শেষ শুকুৰবাৰ আছিল। সেই শুভ দিনটোত কোৱাইদ-ই-আজম (জিন্না) পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল হৈছিল আৰু কেবিনেটে শপত গ্ৰহণ কৰি তৰা-অৰ্ধচন্দ্ৰযুক্ত পতাকা উত্তোলন কৰা হ’ল আৰু পাকিস্তানে বিশ্বৰ মানচিত্ৰত আত্মপ্ৰকাশ কৰিলে।”
পাকিস্তানৰ প্ৰখ্যাত ইতিহাসবিদ খুৰ্শ্বিদ কমল আজিজে তেওঁৰ গ্ৰন্থ Murder of History ত লিখিছে, “ভাৰতত ব্ৰিটিছ ৰাজৰ একমাত্ৰ প্ৰতিনিধি ভাইচৰয়ে ব্যক্তিগতভাৱে নতুন দেশসমূহলৈ ক্ষমতা হস্তান্তৰ কৰিবলগীয়া হৈছিল। লৰ্ড মাউণ্টবেটেন একে মুহূৰ্ততে কৰাচী আৰু নতুন দিল্লীত ব্যক্তিগতভাৱে উপস্থিত থাকিব নোৱাৰিলে। নতুবা ১৫ আগষ্টৰ পুৱা ভাৰতলৈ ক্ষমতা হস্তান্তৰ কৰি তাৰ পিছত কৰাচীলৈ লৰালৰিকৈ যাব নোৱাৰিলে, কাৰণ সেই সময়লৈকে তেওঁ নতুন ইণ্ডিয়ান ডমিনিয়নৰ গৱৰ্ণৰ জেনেৰেল হ’লহেঁতেন। গতিকে একমাত্ৰ ব্যৱহাৰিক কাম আছিল তেওঁ ভাৰতৰ ভাইচৰয় হৈ থকাৰ সময়ত ১৪ আগষ্টত পাকিস্তানলৈ ক্ষমতা হস্তান্তৰ কৰা। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ১৪ আগষ্টত পাকিস্তানে স্বাধীনতা লাভ কৰিছিল। ভাৰতীয় স্বাধীনতা আইনত ইয়াৰ ব্যৱস্থা নাছিল।”
জিন্না: মিথ এণ্ড ৰিয়েলিটিৰ লেখক ইয়াছেৰ লতিফ হামদানীয়ে ২০১৩ চনত পিটিআইক জনাইছিল যে ১৯৪৮ চনৰ আগষ্ট মাহৰ ভিতৰত জিন্নাই ইতিমধ্যে মৃত্যুশয্যাত থকাৰ বাবে স্বাধীনতা দিৱসৰ তাৰিখ সলনি কৰিব নোৱাৰিলেহেঁতেন। অৱশ্যে হামদানীয়ে তাৰিখ সলনিৰ ন্যায্যতা প্ৰদান কৰি কয় যে পাকিস্তান এখন নতুন দেশ যিয়ে নিজৰ পৰিচয় খোদিত কৰিব লাগিব।
সাংবাদিক কাজীয়ে দ্য এক্সপ্ৰেছ ট্ৰিবিউনক কয়, “আমাৰ (পাকিস্তান) নেতাসকলে কিয় ১৪ তাৰিখে উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল সেয়া অৱশ্যেই সম্পূৰ্ণ বেলেগ কাহিনী। তেওঁলোকে মাত্ৰ হয়তো বিচাৰিছিল যে ই ভাৰততকৈ বেলেগ দিনত হওক।”