Independence Day Flag: ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ঐতিহ্যৰ কথা জানেনে? জানো আহক আঁৰৰ মানুহজনৰ বিষয়ে…

স্বাধীনতা দিৱসৰ ঐতিহ্যৰ কথা আমি প্ৰতিজন লোকেই জানো। পিছে যিখন ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় আমি দেশৰ স্বাধীনতাৰ ঐতিহ্য স্মৰণ কৰিম, সেই ৰাষ্ট্ৰীয় পতাকাখনৰ ঐতিহ্যৰ কথা জানেনে?

Independence Day Flag: ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ঐতিহ্যৰ কথা জানেনে? জানো আহক আঁৰৰ মানুহজনৰ বিষয়ে...

ৰাষ্ট্ৰীয় পতাকাৰ ঐতিহ্যৰ বিষয়ে জানেনে?

Published: 

12 Aug 2025 20:22 PM

অহা ১৫ আগষ্টত দেশে উদযাপন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস ব্ৰিটিছ ঔপনিৱেশ শাসনৰ পৰাধীনতাৰ পৰা মুক্ত হৈ দেশে স্বাধীনতা লাভ কৰা এই মহান দিনটো সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ প্ৰতিজন লোক স্বাধীনতা দিৱসৰ ঐতিহ্যৰ কথা আমি প্ৰতিজন লোকেই জানো পিছে যিখন ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় আমি দেশৰ স্বাধীনতাৰ ঐতিহ্য স্মৰণ কৰিম, সেই ৰাষ্ট্ৰীয় পতাকাখনৰ ঐতিহ্যৰ কথা জানেনে?

দেশৰ স্বাধীনতাৰ যুঁজত জপিয়াই পৰি অসংখ্য লোকে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। সমান্তৰালৈ স্বাধীনতাৰ ইতিহাসত অনন্য ভূমিকাৰ বাবে বহু লোক চিৰদিনৰ বাবে স্মৰণীয় হৈ এই মহান লোকসকলৰ ভিতৰত পিংগলি ভেংকায়া অন্যতম দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ গৌৰৱ ৰাষ্ট্ৰীয় পতাকাখনৰ সমান্তৰালকৈ চিৰস্মৰণীয় হৈ ভেংকায়াৰ নাম

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতাৰ যুঁজৰ এগৰাকী অগ্ৰণী নায়ক পিংগলি ভেংকায়াই প্ৰস্তুত কৰিছিল ভাৰতৰ গৌৰৱময় অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ স্বাক্ষ্যৰ ৰাষ্ট্ৰীয় পতাকাখনিৰ ডিজাইন তেওঁৰ এই মহৎ অৱদানৰ স্বীকৃতি দেশবাসীয়ে চিৰদিনলৈ দি যাব এইগৰাকী মহান লোকৰ জন্ম হৈছিল ১৮৭৬ চনৰ ২ আগষ্টত বৰ্তমান অন্ধ্ৰ প্ৰদেশৰ ভাটলাপেনুমাৰু নামৰ এখন গাঁৱত।

এগৰাকী স্বাধীনতা সংগ্ৰামীৰ লগতে ভেংকায়া আছিল এগৰাকী শিক্ষাবিদ, কৃষি-গৱেষক, ভাষাবিদ। লক্ষণীয়ভাৱে তেওঁ ব্ৰিটিছ সেনাতো কৰ্মৰত আছিল কিন্তু মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ চাকৰি ত্যাগ কৰি স্বাধীনতা আন্দোলনত জপিয়াই পৰে। ১৯২১ চনত বিজয়ৱাডাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত তেওঁ মহাত্মা গান্ধীৰ ওচৰত ভাৰতৰ বাবে এখন পতাকাৰ ডিজাইন দাখিল কৰে।

এই প্ৰথম পতাকাখনত ৰঙা আৰু সেউজীয়া ৰঙৰ আছিল ইয়াৰ ৰঙা ৰঙে হিন্দুক প্ৰতিনিধিত্ব কৰিছিল আৰু সেউজীয়াই দেশৰ মুছলমানসকলক প্ৰতিনিধিত্ব কৰিছিল। গান্ধীৰ পৰামৰ্শ মতে ভেংকায়াই পতাখনত বগা ৰং আৰু এটা যঁতৰৰ ছবি সংযোগ কৰে এই বগা ৰং আৰু যঁতৰে শান্তি আৰু আত্মনিৰ্ভৰতাক প্ৰতিনিধিত্ব কৰিছিল

১৯৩১ চনত ভেংকায়াই ডিজাইন কৰা পতাকাখনৰ ৰঙা ৰং কমলালৈ সলনি কৰা হয় ইয়াৰ পিছত এই পতাকাখন সমগ্ৰ দেশতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হয়। ভাৰতৰ স্বাধীনতা লাভৰ ২০ দিন পূৰ্বে অৰ্থাৎ ১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাৰ এখন বৈঠকৰ সময়ত ভেংকায়াই ডিজাইন কৰা এই পতাকাখনকে বৰ্তমানৰ ৰূপত গ্ৰহণ কৰা হয়

বৰ্তমান দেশবাসীৰ সন্মানৰ প্ৰতীক এই ত্ৰিৰংগাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হৈছে ৩:২। পতাকাৰ ওপৰৰ কমলা ৰঙে সাহস আৰু ত্যাগক প্ৰতিনিধিত্ব কৰে। মাজত থকা বগা ৰঙে শান্তি আৰু সত্যক প্ৰতিনিধিত্ব কৰে আৰু তলৰ সেউজীয়া ৰং সমৃদ্ধি, উৰ্বৰা ভূমি আৰু উন্নয়নৰ প্ৰতীক। মাজত থকা নীলা ৰঙৰ অশোক চক্ৰ ধৰ্মচক্ৰৰ প্ৰতীক যি আইন, ন্যায় আৰু চিৰ প্ৰবাহমান ধাৰণাৰ প্ৰতীক

এই ত্ৰিৰংগা ভাৰতীয় জাতি-চেতনাৰ এক গর্বৰ প্ৰতীক। স্বাধীনতা সংগ্ৰামৰ কালছোৱাত এই পতাকাই লক্ষ লক্ষ ভাৰতীয়ক ব্ৰিটিছ ঔপনিৱেশ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ কৰিছিল। আজি এই পতাকাৰ ছাঁত দেশবাসীয়ে নিজৰ জাতীয় সত্বা, সংহতি আৰু স্বাভিমান প্ৰকাশ কৰে। দেশবাসীৰ গৰ্ব, ভক্তি আৰু একতাৰ প্ৰতীক এই মহান ৰাষ্ট্ৰীয় পতাকাৰ অৱদানৰ বাবে চিৰ স্মৰণীয় হৈ পিংগলি ভেংকায়া

বৃহস্পতিবাৰে ব্ৰত পালন কৰিলে কি কি লাভ হয়? আচৰিত ফল পাব...
ঋণৰ বোজাৰ পৰা মুক্ত হ'বলৈ এই নিয়ম মানি চলক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণে দেখা দিলে এই কাম কৰক, লগে লগে নিয়ন্ত্ৰণ হ'ব...
বাৰিষাৰ বতৰত ৰোগমুক্ত হৈ থাকিব বিচাৰেনে? খাওক এইসমূহ ফল...