Gandhi Jayanti 2025: ২ অক্টোবৰত গান্ধী জয়ন্তীঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

Gandhi Jayanti 2025: প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটো দেশে গান্ধী জয়ন্তী হিচাপে পালন কৰে। এই দিনটোতে জন্ম হৈছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ। এইবাৰ দেশে ১৫৬ সংখ্যক বাপুৰ জন্মবাৰ্ষিকী পালন কৰিব।

Gandhi Jayanti 2025: ২ অক্টোবৰত গান্ধী জয়ন্তীঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো...

মহাত্মা গান্ধী

Published: 

01 Oct 2025 20:09 PM

প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। এই দিনটোতে ১৮৬৯ চনত জন্ম হৈছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ। ২০২৫ চনত দেশে ১৫৬ সংখ্যত গান্ধীৰ জন্ম বাৰ্ষিকী পালন কৰিব। ‘ৰাষ্ট্ৰপিতা’ খ্যাত মোহনদাস কৰমচাঁদ গান্ধীৰ জীৱন আৰু অৱদানক সন্মান জনোৱাৰ বাবে প্ৰতিবছৰে এই দিনটোত গান্ধী জয়ন্তী পালন কৰা হয়। এই সময়চোৱাত দেশৰ বিভিন্ন স্থানত অনুষ্ঠানৰ আয়োজন কৰি বাপুক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইতিহাস

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতক স্বাধীনতা প্ৰদান কৰাত তেওঁ অৱদান অতুলনীয় আছিল। ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে তেওঁ অহিংস আন্দোলনৰ নেতৃত্ব দিছিল। এই আন্দোলনে লাখ লাখ দেশবাসীক অনুপ্ৰাণিত কৰিছিল।

তেওঁৰ নেতৃত্ব আৰু অসংখ্য স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু প্ৰচেষ্টাৰ ফলত ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল। সত্য আৰু অহিংসা আছিল তেওঁৰ আন্দোলনৰ মূল মন্ত্ৰ। তেওঁৰ এই অহিংস আন্দোলনে বিশ্বক অনুপ্ৰাণিত কৰিছিল। যেতিয়া ১৯৪৮ চনত গান্ধীৰ হত্যা হয়, তাৰ পাছৰ পৰা তেওঁৰ জন্মদিনটোত ‘ৰাষ্ট্ৰীয় বন্ধ’ ঘোষণা কৰা হয়। এই দিনটোত তেওঁক সন্মান জনোৱাৰ লগতে শান্তি, সম্প্ৰীতি, অহিংসাৰ প্ৰসাৰৰ বাবে যি অৱদান আগবঢ়াই থৈ গৈছে তাৰ বাবেও তেওঁৰ স্মৰণ কৰা হয়।

মহত্ব

দেশত গান্ধী জয়ন্তীৰ মহত্ব অধিক। এই দিনটো বাপুই আমাক দি যোৱা শিক্ষাক সন্মান জনোৱাৰ দিন। তেওঁ দি যোৱা সত্য, অহিংস আৰু থলুৱাৰ ওপৰত গুৰুত্বৰ বিষয়ে আমি জনা উচিত।

আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসঃ এই দিনটোত আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰা হয়। গান্ধীৰ নীতিক স্বীকৃতি দি ৰাষ্ট্ৰসংঘই ২০০৭ চনত ২ অক্টোবৰক আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰিছিল।

স্বদেশী সামগ্ৰীৰ প্ৰচাৰঃ গান্ধীয়ে স্বদেশী আন্দোলনৰ জৰিয়তে থলুৱা সামগ্ৰীৰ ব্যৱহাৰ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছিল। গতিকে ইয়াৰ প্ৰয়োজন প্ৰতি ভাৰতীয়ই জনা আৱশ্যক।

অহিংসা আৰু নাগৰিক অধিকাৰৰ উত্তৰাধিকাৰঃ নাগৰিক অধিকাৰ আৰু ন্যায়ৰ বাবে তেওঁ যি আন্দোলন কৰিছিল, সেই আন্দোলনে মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলছন মেণ্ডেলাৰ দৰে নেতাক অনুপ্ৰাণিত কৰিছিল।

কেনেকৈ পালন কৰা হয়

মহাত্মা গান্ধীৰ জন্ম দিনটোত দেশত ৰাষ্ট্ৰীয় বন্ধ পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন স্থানত প্ৰাৰ্থনা সভা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন হয়। দিল্লীৰ ৰাজঘাটলৈ গৈ ৰাষ্ট্ৰপতিৰ পৰা বিভিন্ন নেতা-মন্ত্ৰীয়ে এই দিনটোত বাপুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

 

অন্য খবৰ পঢ়কঃ Mahatma Gandhi: গান্ধীয়ে কিমানবাৰ অসমলৈ আহিছিল? কিয় অসমবাসীক খুজিছিল ক্ষমা…

অত্যন্ত ভাল ঘৰত এই ৫ জীৱৰ প্ৰৱেশ! জানক কি কি...
ভুলতো প্লাষ্টিকৰ পাত্ৰত নাৰাখিব এইবোৰ খাদ্য, হ’ব পাৰে বিপদ...
দিনটো নিজকে সতেজ কৰি ৰাখিব বিচাৰেনে? প্ৰতি নিশা শোৱাৰ পূৰ্বে কৰক এই কাম
উফিৰ ফলত চুলি সৰাৰ সমস্যা হয় নেকি? কি কয় বিশেষজ্ঞই, চাওক