আজিৰ দিনটো সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে বিশেষ, চাওক দিনটোৰ ইতিহাস…

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। ১৯২৪ চনৰ আজিৰ দিনটোতে সংগীত শিল্পী মহম্মদ ৰফিৰ জন্ম হয়। অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা ইন্দ্ৰ বণিয়াৰ জন্ম। চাওক দিনটোৰ ইতিহাস।

আজিৰ দিনটো সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে বিশেষ, চাওক দিনটোৰ ইতিহাস...
Published: 

24 Dec 2025 | 07:00 AM

২৪ ডিচেম্বৰ তাৰিখটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। ১৯২৪ চনৰ আজিৰ দিনটোতে সংগীত শিল্পী মহম্মদ ৰফিৰ জন্ম হয়। সুৰৰ ৰজা মহম্মদ ৰফিয়ে স্বাধীনতাৰ পিছত জীৱনৰ কেইটামান বসন্তহে জীয়াই আছিল যদিও তেওঁ ইমানখিনি সাফল্য লাভ কৰিছিল যে, তেওঁ আৰু তেওঁৰ গীতৰ প্ৰতি এতিয়াও মানুহ আকৰ্ষিত হৈ আছে। প্ৰায় ৪২ বছৰ আগতে তেওঁৰ যাদুকৰী কণ্ঠ ম্লান হৈ পৰিছিল যদিও তেওঁৰ গীতৰ সুৰীয়া সুৰে এতিয়াও মানুহক মোহিত কৰি ৰাখিছে। মাত্ৰ ৫৫ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে মহম্মদ ৰফিয়ে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৫২৪ চনত ইউৰোপৰ পৰা ভাৰতলৈ যোৱা সাগৰীয় পথ আৱিষ্কাৰ কৰা পৰ্তুগীজ নাৱিক ভাস্কো দা গামাৰ কোচিত মৃত্যু হয়।

১৯৪২ চনৰ আজিৰ দিনটোতে অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা ইন্দ্ৰ বণিয়াৰ জন্ম। জাহ্নু বৰুৱা পৰিচালিত হালধীয়া চৰাইয়ে বাওধান খায়ত তেওঁৰ আকৰ্ষণীয় অভিনয়ৰ জড়িয়তে তেওঁ ১৯৮৮ চনত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়।

১৯৭৭ চনৰ আজিৰ দিনটোতে অসমীয়া কবি আৰু লেখিকা নলিনীবালা দেৱীৰ মৃত্যু।

১৭৯৮ চনত ৰাছিয়া আৰু ব্ৰিটেইনৰ মাজত দ্বিতীয় ফ্ৰান্স বিৰোধী মিত্ৰজোঁট স্বাক্ষৰিত হয়।

১৯২৪ চনত ভাৰতীয় প্লেবেক গায়ক মহম্মদ ৰফিৰ জন্ম হয়।

১৯৫৪ চনত দক্ষিণ-পূব এছিয়াৰ দেশ লাওছে স্বাধীনতা লাভ কৰে।

১৯৫৯ চনত বলীউডৰ প্ৰখ্যাত অভিনেতা অনিল কাপুৰৰ জন্ম হয়।

১৯৮৯ চনত মুম্বাইত দেশৰ প্ৰথমখন বিনোদন পাৰ্ক এচেল ৱৰ্ল্ড মুকলি কৰা হয়।

১৯৮৮ চনত প্ৰখ্যাত হিন্দী গল্পকাৰ তথা ঔপন্যাসিক জৈনেন্দ্ৰ কুমাৰৰ মৃত্যু হয়।

২০০০ চনত বিশ্বনাথন আনন্দ প্ৰথম ভাৰতীয় বিশ্ব দবা চেম্পিয়ন হয়।

২০০০ চনত গ্ৰাহক সুৰক্ষা আইন বিধেয়ক ১৯৮৬ গৃহীত হোৱাৰ স্মৃতিত এই দিনটো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে ঘোষণা কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...