ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

আজি ১৪ ডিচেম্বৰ। ১৪ ডিচেম্বৰৰ ইতিহাসৰ কথা ক’বলৈ গ’লে, আজিৰ দিনটোতে মানুহে প্ৰথমে দক্ষিণ মেৰুত ভৰি দিছিল। ইয়াৰ লগতে চাওক এই দিনটোত ঘটা বিভিন্ন ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
Updated On: 

14 Dec 2025 | 09:40 AM

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজি ১৪ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৪ ডিচেম্বৰৰ ইতিহাসৰ কথা ক’বলৈ গ’লে, আজিৰ দিনটোতে মানুহে প্ৰথমে দক্ষিণ মেৰুত ভৰি দিছিল। মেৰু অন্বেষণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ব্যক্তি ৰ’ল্ড আমুণ্ডচেনে ১৯১১ চনৰ ১৪ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে দক্ষিণ মেৰুত ভৰি দিছিল।১৯১০ চনৰ জুন মাহত নৰৱেৰ আমুণ্ডচেনে এন্টাৰ্কটিকা অভিমুখে যাত্ৰা কৰিছিল আৰু প্ৰায় ডেৰ বছৰৰ যাত্ৰাৰ অন্তত তেওঁৰ অভিযানত সফলতা লাভ কৰিছিল।

১৪ ডিচেম্বৰত দেশ আৰু বিশ্বৰ ইতিহাসত লিপিবদ্ধ গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনা

  1. ১৯১১ চনত ৰ’ল্ড আমুণ্ডচেনে দক্ষিণ মেৰুত ভৰি দিয়ে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।
  2. ১৯১৮ চনত বি.কে.এছ. আয়েংগাৰৰ জন্ম হৈছিল। কৰ্ণাটকৰ বেলুৰত জন্মগ্ৰহণ কৰা আয়েংগাৰে দেশৰ প্ৰথম যোগগুৰু হিচাপে পৰিগণিত হৈছিল।
  3. ১৯২৪ চনত হিন্দী চিনেমাৰ প্ৰথম শ্ব’মেন ৰাজ কাপুৰৰ জন্ম হয়।
  4. ১৯৩০ চনত বম্বে টকীজত ক্লেপ বয় হোৱা ৰাজ কাপুৰে পৃথ্বী থিয়েটাৰত অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু অভিনয়ৰ উপৰিও চলচ্চিত্ৰ নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰতো যথেষ্ট খ্যাতি অৰ্জন কৰিছিল।
  5. ১৯৭২ চনত আমেৰিকাৰ চন্দ্ৰ অন্বেষণ অভিযানৰ অন্ত পৰাৰ লগে লগে আমেৰিকাই চন্দ্ৰলৈ প্ৰেৰণ কৰা প্ৰথমখন মানৱবাহী মহাকাশযান এপ’ল’ ১৭ ঘূৰি আহিল।
  6. ১৯৯৫ চনত বছনিয়া, ছাৰ্বিয়া আৰু ক্ৰ’ৱেচিয়াই পেৰিছত ডেটন চুক্তি স্বাক্ষৰ কৰি তিনি বছৰীয়া সংঘাতৰ অন্ত পেলায়।
  7. ২০১২ চনত আমেৰিকাৰ কানেকটিকাটৰ নিউটাউনত সংঘটিত হোৱা গুলীচালনাত ২০ টা শিশুকে ধৰি ২৮ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছিল ২০ বছৰীয়া আক্ৰমণকাৰী এডাম লাঞ্জা।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...