২৬ নৱেম্বৰত কিয় সংবিধান দিৱস পালন কৰা হয় ? সংবিধান প্ৰণয়ন কৰিবলৈ কিমান সময় লাগিল ?
আজি সংবিধান দিৱস। এই দিৱসটো কিয় পালন কৰা হয় জানেনে ? ইয়াৰ আমাৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ সংবিধানসভাক কিমান দিনৰ প্ৰয়োজন হৈছিল জানোঁ আহক।

আজি সংবিধান দিৱস। আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা, অধিকাৰ, গণতন্ত্ৰৰ ভেঁটি স্থাপন কৰা হৈছিল। প্ৰতিবছৰে ভাতৰবৰ্ষত আজিৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই বিশেষ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰে। ভাৰতীয়ে সংবিধানখন প্ৰস্তুত কৰিবলৈ সময় লাগিছিল ২ বছৰ, ১১ মাহ, ১৮ দিন।
২০১৫ চনত ভাৰত চৰকাৰে দেশত সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ১৯৪৬ চনত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান সভা গঠন কৰা হয়। সংবিধানৰ খচৰা প্ৰস্তুতৰ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল ড° বি.আৰ. আম্বেদকাৰে।
১৯৪৮ চনৰ আৰম্ভণিতে ড° আম্বেদকাৰে সংবিধানৰ খচৰা প্ৰস্তুত কৰি গণপৰিষদৰ সন্মুখত দাখিল কৰে। বহু বিবেচনা, পৰামৰ্শ আৰু বিতৰ্কৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত আনুষ্ঠানিকভাৱে সংবিধানখন গৃহীত হয়। তাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধান কাৰ্যকৰী হয় আৰু ২৬ জানুৱাৰীৰ দিনটোতে ভাৰত গণৰাজ্যত পৰিণত হয়, যিটো দিন আমি প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰো।
ভাৰতীয় সংবিধানক বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান বুলি গণ্য কৰা হয়। ইয়াৰ ইংৰাজী সংস্কৰণত প্ৰায় ১১৭,৩৬৯ টা শব্দ আছে। ইয়াৰ ব্যাপকতা আৰু বিশদ বৰ্ণনাই ইয়াক বিশ্বৰ আটাইতকৈ অনন্য আৰু সুষম সংবিধানসমূহৰ ভিতৰত স্থান দিছে।
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত দেশখনক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিজন নাগৰিকক ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধ প্ৰদানৰ দ্বাৰা জাতিটোৰ ঐক্য আৰু অখণ্ডতা শক্তিশালী কৰা।
সংবিধান দিৱস হৈছে ভাৰতৰ ভৱিষ্যত গঢ় দিয়া ২৭১ জন সদস্যৰ কঠোৰ পৰিশ্ৰম, দৃষ্টিভংগী, আৰু সমৰ্পণক সন্মান জনোৱাৰ এক অনুষ্ঠান। এই দিনটোৱে সোঁৱৰাই দিয়ে যে, গণতন্ত্ৰৰ প্ৰকৃত শক্তি নিহিত হৈ আছে নাগৰিকৰ অংশগ্ৰহণ আৰু সাংবিধানিক মূল্যবোধৰ আনুগত্যত। সংবিধান দিৱসে কেৱল অধিকাৰৰ কথা কোৱাই নহয়, প্ৰতিজন ভাৰতীয়ক কৰ্তব্যৰ প্ৰতিও সজাগ হ’বলৈ অনুপ্ৰাণিত কৰে।
সংবিধান গৃহীত হোৱাৰ ৭৬ বছৰীয়া জয়ন্তী উপলক্ষে বুধবাৰে সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত উদযাপন কৰা হ’ব। ২০২৫ চনৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দুয়োটা সদনৰ সংসদ সদস্যসকলেও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এই কাৰ্যসূচীৰ সময়ত মুৰ্মুৱে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠৰ নেতৃত্ব দিব বুলি বিষয়াসকলে জানিবলৈ দিয়ে।