Bhupen Hazarika Awards: সুধাকণ্ঠ উপাধিৰ পৰা ভাৰতৰত্নলৈ ড॰ ভূপেন হাজৰিকাই লাভ কৰা সন্মানসমূহ…
ড॰ ভূপেন হাজৰিকাই সংগীত পৰিচালক, গায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপে অসমীয়া সংগীত জগতত নিজকে এক সুকীয়া স্থানত প্ৰতিষ্ঠা কৰিছিল। তেখেতে ভাৰতীয় সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে অসংখ্য প্ৰশংসা লাভ কৰিছিল।

সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিয়ে অসমীয়া সংস্কৃতিক ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালক, গায়ক, গীতিকাৰ আৰু সুৰকাৰ হিচাপে অসমীয়া সংগীত জগতত নিজকে এক সুকীয়া স্থানত প্ৰতিষ্ঠা কৰিছিল। তেখেতে কণ্ঠ, সুৰ আৰু কথাৰ দ্বাৰা অসমীয়া সংগীতক এক নতুন মাত্ৰা দিছিল। একে সময়তে ভূপেন হাজৰিকাই তেওঁৰ গীতৰ দ্বাৰা অসমীয়া জনজীৱনৰ বিভিন্ন দিশসমূহ উপস্থাপন কৰিছিল।
তেওঁৰ গীতবোৰত সমাজ সচেতনতা, মানৱতাবোধ আৰু প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ মৰমৰ বহিঃপ্ৰকাশ ঘটিছিল। সুধাকণ্ঠ নামেৰে খ্যাত ভূপেন হাজৰিকা চুবুৰীয়া বাংলাদেশ আৰু অসম, পশ্চিম বংগ তথা ভাৰতৰ অন্যান্য ৰাজ্যৰ শ্ৰোতাৰ বাবে এগৰাকী জনপ্ৰিয় শিল্পী আছিল। তেওঁৰ ‘মানুহে মানুহৰ বাবে’, ‘বিস্তীৰ্ণ পাৰৰে’ আদি গীতে নতুন প্ৰজন্মক সামাজিকভাৱে অনুপ্ৰাণিত কৰিছিল। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যুবৰণ কৰে। ভূপেন হাজৰিকাই ভাৰতীয় সংগীত আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে অসংখ্য প্ৰশংসা লাভ কৰিছিল।
১৯৭৫ চনত চামেলি মেমছাহাব ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ভূপেন হাজৰিকাই। একেদৰে ভাৰতীয় চিনেমালৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ১৯৯২ চনত তেখেতলৈ দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছিল। ইফালে, শকুন্তলা(১৯৬০), প্ৰতিধ্বনি(১৯৬৪) আৰু লটিঘটি(১৯৬৭) ছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰে। ১৯৮৭ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে ভূপেন হাজৰিকাই।
উল্লেখ্য যে, ভূপেন হাজৰিকাই ১৯৭৭ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ সমান্তৰালভাৱে ২০০১ চনত তেখেতে পদ্ম ভূষণ সন্মান লাভ কৰে। ইফালে,মৰণোত্তৰভাৱে ২০১২ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটা তেখেতলৈ আগবঢ়োৱা হয়। শেহতীয়াকৈ ২০১৯ চনত মৰণোত্তৰভাৱে ভূপেন হাজৰিকালৈ আগবঢ়োৱা হয় ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন।