শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জিঅ'ই আৰম্ভ কৰিলে ডিজিটেল টুইন ব্যৱস্থা, লাভ কৰিব হাইস্পীড ইন্টাৰনেট সেৱা...

জিঅ’ই আৰম্ভ কৰিলে ডিজিটেল টুইন ব্যৱস্থা, লাভ কৰিব হাইস্পীড ইন্টাৰনেট সেৱা…

Barasha Sarma
Barasha Sarma | Published: 02 Sep 2025 21:41 PM

ৰিলায়েন্স জিঅ'ই লৈ আহিছে ডিজিটেল টুইন ব্যৱস্থা। যাৰ সহায়ত গ্ৰাহকে অতি সহজে হাইস্পীড ইন্টাৰনেট সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। ইয়াৰোপৰি ই ইলন মাস্কৰ বাবে হ'ব পাৰে প্ৰত্যাহ্বান।

আপোনাৰো নেট বাৰে বাৰে শ্লো হৈ যায় নেকি? ভিডিঅ’ চোৱাত, ফটো আপলোড কৰাত অসুবিধা পাই নেকি? যদি এনে হয় তেন্তে এতিয়া আৰু চিন্তা নাই। ৰিলায়েন্স জিঅই গ্ৰহণ কৰিছে এক ডাঙৰ পদক্ষেপ। যাৰ সহায়ত আপুনি সহজে দ্ৰুত ইন্টাৰনেট সেৱা লাভ কৰিব পাৰিব।

মুকেশ আম্বানীৰ জিঅ’ই গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিভিন্ন অফাৰ আগবঢ়ায়। কিন্তু এইবাৰ তেওঁ গ্ৰাহকৰ সুবিধাৰ বাবে গ্ৰহণ কৰিছে অন্য এক পদক্ষেপ। ৰিলায়েন্সৰ ৪৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কোম্পানীটোৱে এক ডাঙৰ ঘোষণা কৰে। মুকেশ আম্বানীৰ কোম্পানীয়ে মুকলি কৰিছে ‘ডিজিটেল টুইন’ ব্যৱস্থা। যিয়ে সলনি কৰিব ভাৰতৰ ব্ৰডবেণ্ড সেৱা। ইয়াৰ পাছত মানুহে সহজে দ্ৰুত ইন্টাৰনেট সেৱা লাভ কৰিব বুলি ক’ব পাৰি।

ইয়াৰোপৰি ই ইলন মাস্কক প্ৰত্যাহ্বান জনোৱাৰ আন এক পদক্ষেপ হ’ব পাৰে। কিয়নো ভাৰতলৈ ষ্টাৰলিংক অহাৰ বাবে ইতিমধ্যে বাট মুকলি হৈছে।