2 Sept 2025
TV9 ASSAM
লো ব্লাড প্ৰেচাৰ বা নিম্ন ৰক্তচাপৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ সমস্যা হয়। যাৰ ফলত মানুহে- ভাগৰুৱা, দুৰ্বল, মূৰ ঘূৰোৱা আদি সমস্যাৰ সন্মুখীন হয়।
শৰীৰ সুস্থ ৰাখিবলৈ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা আৱশ্যক। নিম্ন ৰক্তচাপ হ'লে কিছুমান ঘৰুৱা উপায়েৰে সকাহ পাব পাৰে। অৱশ্যে অধিক তথ্যৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা আৱশ্যক।
যেতিয়া নিম্ন ৰক্তচাপ হয় তেতিয়া নিমখ, চেনি পানীত মিহলি কৰি খাব লাগে। ইয়াৰ ফলত শৰীৰত ইলেক্ট্ৰোলাইটৰ মাত্ৰ ঠিকে থাকে। যাৰ ফলত বিপি নিয়ন্ত্ৰিত হয়। খালী পেটত এয়া খোৱা বেছি ভাল।
গাখীৰত গুড় মহিলাই খাব পাৰে। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰিত হয়। গাখীৰ গৰম কৰি গুড় মিহলাই খালে সুফল পোৱা যায়।
তুলসী খোৱাৰ ফলতো ৰক্তচাপ নিয়ন্ত্ৰণত আহিব পাৰে। ইয়াৰ বাবে তুলসীৰ ২-৩টা পাত পানীত দিব। পাছত সেয়া গৰম কৰি খাব।
নাৰিকল পানীয়ে শৰীৰত ইলেক্ট্ৰোলাইট সন্তুলন কৰি ৰাখে। যাৰ বাবে বিপি স্থিৰ থাকে। ই শৰীৰক হাইড্ৰেইট কৰে আৰু হৃদযন্ত্ৰক ভালে ৰাখে।
নিমখীয়া খাদ্য, বাদাম, আদি খাব পাৰে। ইয়াৰোপৰি বিপি লো হ'লে শুই দিব আৰু ভৰিৰ তলত ২-৩ টা গাৰু ৰাখিব। ইয়াৰ ফলত তেজৰ সঞ্চালন ঠিক হয়।
পঢ়িবলৈ ক্লিক কৰক