Bharat Mata: আমাৰ দেশক কিয় ‘ভাৰত মাতা’ বুলি কোৱা হয়? জানক সকলো…

১৫ আগষ্টত সমগ্ৰ দেশে স্বাধীনতা দিৱস পালন কৰে। এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বিশেষ। আমাৰ দেশক ভাৰতমাতা বুলি কোৱা হয়। ইয়াৰ কাৰণ কি জানেনে?

Bharat Mata: আমাৰ দেশক কিয় ভাৰত মাতা বুলি কোৱা হয়? জানক সকলো...

ভাৰত মাতা

Updated On: 

14 Aug 2025 17:22 PM

আমাৰ দেশত আমি ভাৰত মাতা বুলি কও। অৱশ্য এই দিশটোৱেও বিবাদৰ পৰা সাৰি যোৱা নাই। কিন্তু তাৰ পাছতো অতীজৰ পৰা ভাৰতক মাতৃভূমি বুলি কোৱা হয়। বহু বেদত এই কথা উল্লেখ আছে। জানিব পৰা মতে, অথৰ্ববেদৰ এটা শ্লোক মাতৃভূমিৰ বিষয়ে উল্লেখ আছে। পৰৱৰ্তী সময়ত বংকিম চন্দ্ৰ চেতাৰ্জীয়ে বন্দে মাতৰম গীতটি ৰচনা কৰাৰ পাছত মাতৃভূমিৰ ধাৰণাটোৱে অধিক শক্তি লাভ কৰিছিল। তথ্য অনুসৰি বেংগলী চিত্ৰশিল্পী অবনীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে ভাৰতমাতাৰ ছবি অংকন কৰিছিল। তাৰ পাছত অৱশ্যে এই ছবিৰ কিছু পৰিবৰ্তন হয়।

১৯ শতিকাৰ এজন বিখ্যাত লেখক আছিল ভূদেৱ মুখোপধ্যায়। বাংলা লেখৰগৰাকীৰ দ্বাৰা ৰচিত ব্যংগ উনাবিমছা পুৰাণ অৰ্থাৎ  ঊনবিংশ পুৰাণত ভাৰত মাতাৰ বিষয়ে উল্লেখ আছে। অৱশ্যে ১৮৬৬ চনত প্ৰকাশিত এই ব্যংগ প্ৰবন্ধটোত ভাৰতমাক আদি-ভাৰতী বুলি অভিহিত কৰা হৈছিল। পাছত বাংলা লেখক কিৰণ চন্দ্ৰ বেনাৰ্জীয়ে ভাৰতক মাতা বুলি কৈছিল। ১৯৮৩ চনত তেওঁৰ নাটক এখনৰ নাম আছিল ভাৰত মাতা। তেতিয়া দেশৰ বাবে এই শব্দ ব্যৱহাৰ কৰা হৈছিল।

তথ্য অনুসৰি পশ্চিমবংগত দুৰ্গা পূজাৰ জৰিয়তে স্বাধীনতা সংগ্ৰামৰ বাবে মানুহক একত্ৰিত কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ আলোচনা কৰাৰ বাবে ই এক মাধ্যম হৈ পৰিছিল। ইয়াত বাংলা লেখকসকলেও অংশ গ্ৰহণ কৰিছিল। কোৱা হৈছিল, মা দুৰ্গাই তাত থকা কবি-সাহিত্যিকসকলক প্ৰভাৱিত কৰিছিল যাৰ বাবে বিভিন্ন লেখাত তেওঁলোকে ভাৰতক মাতৃ আৰু মাতৃভূমি বুলি ক’বলৈ আৰম্ভ কৰে।

ভাৰত মাতাৰ ছবিৰ তাৎপৰ্য

ভাৰত মাতাৰ ছবিখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ আছে। অবনীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনত এইখন ছবি প্ৰস্তুত কৰিছিল। ছবিখনত অতি সাধাৰণ পোচাকত ভাৰত মাতাক উপস্থাপন কৰা হৈছিল। তেওঁক গহনা পিন্ধোৱা হোৱা নাছিল। এই ছবিত মাতাৰ ৪ খন হাত আছে। এখনত ঘেঁহুৰ খাৰু, এখনত কাপোৰ, এখনত কিতাপ আৰু আনখনত এডাল মালা আছে।মাতৃয়ে নিজৰ দেশত খাদ্য, বস্ত্ৰ, শিক্ষা আৰু ধৰ্মীয় কাম-কাজ প্ৰতিষ্ঠা কৰক। তলৰ ছবিখনত দেখা দেৱীগৰাকীক বংগ দেৱী বুলিও কোৱা হয়।

ভাৰত মাতাৰ প্ৰথমখন ছবি (photo wikipedia)

পাছত সলনি হৈছিল ছবি 

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰত মাতাৰ ছবি সলনি হৈছিল। বৰ্তমান দুখন হাত আছে। ইয়াৰে এখনত পতাকা আনখনত ত্ৰিশূল আছে। লগত আছে এটা সিংহ। অৱশ্যে কিছুমান ফটোত কিছু পৃথক দেখা যায়।

 

 

অন্য খবৰ পঢ়কঃ Independence day 2025: স্বাধীনতা দিৱসঃ ১ মিনিটত জানক প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে প্ৰয়োজনীয় ১৫টা কথা…

দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?
ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...