Job Alert: দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, ৫০০ পদৰ বাবে শীঘ্ৰে কৰক আবেদন

আপুনিও চাকৰি বিচাৰি আছে নেকি? দশম উত্তীৰ্ণৰ বাবে ওলাইছে বহু চাকৰি। অন্তিম তাৰিখৰ পূৰ্বে আপুনিও আবেদন কৰক ৫০০ পদৰ বাবে । লিখিত আৰু স্থানীয় ভাষাৰ পৰীক্ষাৰ ভিত্তিত পৰীক্ষাৰ্থীৰ বাছনি কৰা হ’ব।

Job Alert: দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, ৫০০ পদৰ বাবে শীঘ্ৰে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি,

Updated On: 

18 May 2025 16:12 PM

যদি আপুনি দশম উত্তীৰ্ণ আৰু বেংকত কাম কৰাৰ সপোন দেখিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। বেংক অৱ বৰোদাই দশম উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে কেইবাটাও পদত নিযুক্তিৰ কথা ঘোষণা কৰিছে। যাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। আবেদন প্ৰক্ৰিয়া ৩ মে’ৰ পৰা আৰম্ভ আৰু আবেদনৰ অন্তিম তাৰিখ ২৩ মে’, ২০২৫ লৈ।এই নিযুক্তিৰ বাবে যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰিলে বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত গৈ আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ প্ৰাৰ্থীসকলক এটা বৈধ ই-মেইল আইডি আৰু যোগাযোগ নম্বৰৰ প্ৰয়োজন হ’ব। এই নিযুক্তি অভিযানৰ অধীনত কাৰ্যালয় সহায়ক (পিয়ন)ৰ মুঠ ৫০০টা পদ পূৰণ কৰা হ’ব।

Bank of Baroda Vacancy Details: শ্ৰেণী অনুসৰি খালী পদৰ সবিশেষ
সাধাৰণ শ্ৰেণী- ২৫২ টা পদ
অ’বিচি – ১০৮টা পদ
ই ডব্লিউ এছ – ৪২টা পদ
অনুসূচিত জাতি – ৬৫টা পদ
এছ টি – ৩৩টা পদ

Bank of Baroda Recruitment 2025 Educational Qualification: শিক্ষাগত অৰ্হতা কি হ’ব লাগে?

এই পদসমূহত আবেদন কৰা প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দশম শ্ৰেণী (SSC/Matriculation) বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ উপৰিও সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্থানীয় ভাষাতো পাকৈত হ’ব লাগে, অৰ্থাৎ প্ৰাৰ্থীসকলে সেই ভাষাত পঢ়িব, লিখিব আৰু ক’ব পাৰিব লাগে।

Bank of Baroda Recruitment 2025 Age Limit: বয়সৰ সীমা কিমান?

আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ২৬ বছৰৰ ভিতৰত হ’ব লাগে। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক চৰকাৰী নিয়ম অনুসৰি উচ্চ বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হ’ব।

Bank of Baroda Recruitment 2025 Application Fee: আবেদন মাচুল কিমান?

সাধাৰণ, ই ডব্লিউ এছ আৰু অ বি চি শিতানৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৬০০ টকা নিৰ্ধাৰণ কৰাৰ বিপৰীতে অনুসূচিত জাতি, অনুসূচিত জাতি, পি ডব্লিউ বি ডি, এক্স এছ, ডি পি এছ এক্স আৰু মহিলাৰ বাবে আবেদন মাচুল ১০০ টকা।এই মাচুল অনলাইনযোগে পৰিশোধ কৰিব লাগিব।

Bank of Baroda Recruitment 2025 Apply: কেনেকৈ আবেদন কৰিব?

  • প্ৰথমে বেংক অৱ বৰোদাৰ কেৰিয়াৰ পেজ www.bankofbaroda.in/Careers.htm লৈ যাওক।
  • তাৰ পিছত ‘Current Opportunities’ লৈ গৈ Office Assistant পদৰ বাবে আবেদন কৰক
  • ইয়াৰ পিছত ‘Apply Now’ লিংকত ক্লিক কৰক।
  • এতিয়া আবেদন পত্ৰ পূৰণ কৰক, নথি-পত্ৰ আপলোড কৰক আৰু মাচুল দিয়ক।
  • ইয়াৰ পিছত আবেদন পত্ৰ জমা দিব আৰু ইয়াৰ প্ৰিন্টআউট লওক।

Bank of Baroda Recruitment 2025 Selection Process: পৰীক্ষাৰ আৰ্হি কি?

এই পদসমূহৰ বাছনি প্ৰক্ৰিয়াত লিখিত পৰীক্ষা আৰু স্থানীয় ভাষা পৰীক্ষা আদি অন্তৰ্ভুক্ত কৰা হৈছে। পৰীক্ষাৰ সময়সীমা হ’ব ৮০ মিনিট, যিটো চাৰিটা ভিন্ন শাখাৰে গঠিত হ’ব। প্ৰতিটো শিতানৰ পৰা ২৫ টা প্ৰশ্ন সোধা হ’ব য’ত ২৫ নম্বৰকৈ অৰ্থাৎ পৰীক্ষাৰ বাবে মুঠ নম্বৰ ১০০ হ’ব।পৰীক্ষাত ঋণাত্মক নম্বৰো থাকিব, যাৰ অধীনত ভুল উত্তৰৰ বাবে এক চতুৰ্থাংশ নম্বৰ কৰ্তন কৰা হ’ব।

লগতে পঢ়ক- ঋণত ডুব গৈছে ড’নাল্ড ট্ৰাম্পৰ আমেৰিকা!

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…