উচ্চতৰ মাধ্যমিকৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক, যোৱা বৰ্ষতকৈ হ্ৰাস উত্তীৰ্ণৰ হাৰ

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা । কলা, বিজ্ঞান আৰু বাণিজ্য আটাইকেইটা শাখাতে দেখা গৈছে ছাত্ৰীৰ আধিপত্য । বিগত বৰ্ষৰ তুলনাত হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ । চাওক সবিশেষ-

উচ্চতৰ মাধ্যমিকৰ ফলাফলত ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক, যোৱা বৰ্ষতকৈ হ্ৰাস উত্তীৰ্ণৰ হাৰ

উচ্চতৰ মাধ্যমিকৰ ফলাফল

Published: 

30 Apr 2025 12:20 PM

ঘোষণা হ’ল উত্তৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে ৱেবচাইটত ফলাফল ঘোষণা কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শিক্ষা বিভাগৰ ফলাফল ঘোষণা । শিক্ষা বিভাগে ঘোষণা কৰা ৱেবচাইটত উপলব্ধ হৈছে ফলাফলসমূহ ।

কলাশাখাত উত্তীৰ্ণৰ সংখ্যা

এইবাৰ কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮১.৩ । বাক্সাত জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক । জিলাখনত ৯৪.২১ শতাংশ শিক্ষাৰ্থী কলা শাখাত উত্তীৰ্ণ হৈছে । এইবাৰ কলা শাখাত মুঠ ২২৬৭৫৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত । ইয়াৰ ভিতৰত মুঠ ১৮৩৭৪৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইয়াৰ ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ সংখ্যা ৭৫৬০৮ আৰু উত্তীৰ্ণৰ হাৰ ৭৮.৪২ । ছাত্ৰীৰ উত্তীৰ্ণৰ সংখ্যা ১০৮১৩৭ আৰু উত্তীৰ্ণৰ হাৰ ৮২.৯৫ । ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৪.৫৩ অধিক ।

বাণিজ্য শাখাত উত্তীৰ্ণ সংখ্যা

বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮২.১৮ । বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক দক্ষিণ শালমৰা জিলাত । জিলাখনত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ । বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১৭৭৪৬ গৰাকী । ইয়াৰে উত্তীৰ্ণ হয় ১৪৫৮৪ গৰাকী । ছাত্ৰৰ উত্তীৰ্ণৰ সংখ্যা ১০২২৩ জন আৰু উত্তীৰ্ণৰ হাৰ ৮২.০৮ । ছাত্ৰীৰ মুঠ উত্তীৰ্ণৰ সংখ্যা ৪৩৬১ আৰু উত্তীৰ্ণৰ হাৰ ৮২.৪০ । বাণিজ্য শাখাতো ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ০.৩২১ অধিক ।

বিজ্ঞান শাখাত উত্তীৰ্ণৰ সংখ্যা

বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ । পশ্চিম কাৰ্বিআংলং জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ১০০ শতাংশ । এইবাৰ বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৫৬৯০৯ গৰাকী । ইয়াৰ ভিতৰত ছাত্ৰ ৩২৪০১ আৰু ছাত্ৰীৰ সংখ্যা ২৪৫০৮ । ছাত্ৰৰ মুঠ উত্তীৰ্ণৰ সংখ্যা ২৭৩৪৪ আৰু উত্তীৰ্ণৰ হাৰ ৮৪.৩৯ । ছাত্ৰীৰ উত্তীৰ্ণৰ সংখ্যা ২০৯৬৫ আৰু উত্তীৰ্ণৰ হাৰ ৮৫.৫৪ । ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ১.১৫ শতাংশ অধিক ।

বৃত্তিমুখী শাখাত উত্তীৰ্ণৰ সংখ্যা

আনহাতে বৃত্তিমুখী শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ । বৃত্তিমুখী শাখাত তিনিখন জিলাত সৰ্বাধিক ১০০ শতাংশ উত্তীৰ্ণ হৈছে । এই তিনিখন জিলা হ’ল- বিশ্বনাথ, লখিমপুৰ আৰু শ্ৰীভূমি । বৃত্তিমুখী শাখাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ১২০২ জন । ইয়াৰে ৭৯২ গৰাকী ছাত্ৰ আৰু ৪১০ গৰাকী ছাত্ৰী । ছাত্ৰৰ মুঠ উত্তীৰ্ণৰ সংখ্যা ৫১৯ আৰু উত্তীৰ্ণৰ হাৰ ৬৫.৫৩ । ছাত্ৰীৰ উত্তীৰ্ণৰ সংখ্যা ৩০৫ আৰু উত্তীৰ্ণৰ হাৰ ৭৪.৩৯ । এই শাখাতো ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰতকৈ ৮.৮৬ শতাংশ অধিক ।

ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ অধিক

তিনিওটা শাখাতে উত্তীৰ্ণৰ ক্ষেত্ৰত দেখা গ’ল ছাত্ৰীৰ আধিপত্য । সৰ্বমুঠ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.০৫ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮১.৪২ শতাংশ । ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৪.৩৭ শতাংশ অধিক ।

বিগত বৰ্ষতকৈ নিম্নগামী ফলাফল

যদি এই বৰ্ষৰ ফলাফলক তুলনা কৰোঁ তেন্তে যোৱা বৰ্ষতকৈ ফলাফল নিম্নগামী হোৱা দেখা গৈছে । যোৱা বছৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৮.৩৬ শতাংশ আৰু এই বৰ্ষত উত্তীৰ্ণৰ হাৰ ৮১.০৩ অৰ্থাৎ প্ৰায় ৭.৩৩ শতাংশ হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ ।

একেদৰে বিজ্ঞান শাখাৰ ক্ষেত্ৰতো উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা দেখা গৈছে । যোৱা বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৯.৮৮ শতাংশ আৰু এই বৰ্ষত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ । অৰ্থাৎ যোৱা বৰ্ষতকৈ চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে ৫ শতাংশ ।

আনহাতে বাণিজ্য শাখাত হ্ৰাস উত্তীৰ্ণৰ হাৰ । যোৱা বৰ্ষত এই শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৭.৬৬ আৰু এই বৰ্ষত উত্তীৰ্ণৰ হাৰ ৮২.১৮ । উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে ৫.৪৮ শতাংশ । তলত যোৱা দহ বছৰৰ উত্তীৰ্ণৰ হাৰৰ এক পৰিসংখ্যা আগবঢ়োৱা হ’ল ।

বৰ্ষ ২০১৬ ২০১৭ ২০১৮ ২০১৯ ২০২০ ২০২১ ২০২২ ২০২৩ ২০২৪ ২০২৫
কলা শাখা ৭৯.৯২ ৭৩.১৬ ৭৪.৬৮ ৭৫.১৪ ৭৮.২৩ ৯৮.৯৩ ৮৩.৪৮ ৭০.১২ ৮৮.৩৬ ৮১.০৩
বিজ্ঞান শাখা ৯০.৯৬ ৮৬.২৪ ৮৫.৭৪ ৮৬.৫৯ ৮৮.০৬ ৯৯.০৬ ৯২.১৯ ৮৪.৯৬ ৮৯.৮৮ ৮৪.৮৮
বাণিজ্য শাখা ৮৬.০১ ৮২.৭২ ৮৪.৬৪ ৮৭.৫৯ ৮৮.১৮ ৯৯.৫৭ ৮৭.২৬ ৭৯.৫৭ ৮৭.৬৬ ৮২.১৮

 

কোন বিভাগত কিমান উত্তীৰ্ণ- 

উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাত কোন বিভাগত কিমান উত্তীৰ্ণ হ’ল-

কলাশাখা
মুঠ পৰীক্ষাৰ্থী- ২২৬৭৫৬
মুঠ উত্তীৰ্ণ- ১৮৩৭৪৫
প্ৰথম বিভাগ- ৪৯৫৭৭
দ্বিতীয় বিভাগ- ৮০৬৫০
তৃতীয় বিভাগ- ৫৩৫১৮

বাণিজ্য শাখা
মুঠ পৰীক্ষাৰ্থী- ১৭৭৪৬
মুঠ উত্তীৰ্ণ- ১৪৫৮৪
প্ৰথম বিভাগ- ৬৫১৯
দ্বিতীয় বিভাগ-৫৭৬০
তৃতীয় বিভাগ-২৩০৫

বিজ্ঞান শাখা
মুঠ পৰীক্ষাৰ্থী- ৫৬৯০৯
মুঠ উত্তীৰ্ণ- ৪৮৩০৯
প্ৰথম বিভাগ- ২৫৮২৭
দ্বিতীয় বিভাগ- ১৯২৮৬
তৃতীয় বিভাগ- ৩১৯৬

এইসমূহ লিংকত ক্লিক কৰি ফলাফল চাব পাৰিব-

অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা