April 8 in History: ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোতে ফাঁচী দিয়া হৈছিল মংগল পাণ্ডেক। ব্ৰিটিছৰ বিৰুদ্ধে হোৱা চিপাহী বিদ্ৰোহৰ অন্যতম নেতা আছিল মংগল পাণ্ডে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ কেইটামান পৰিঘটনা।

April 8 in History: ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজি দিনটোৰ ইতিহাস

Updated On: 

08 Apr 2025 | 09:34 AM

আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ । আজিৰ দিনটোতে ফাঁচী দিয়া হৈছিল মংগল পাণ্ডেক। ব্ৰিটিছৰ বিৰুদ্ধে হোৱা চিপাহী বিদ্ৰোহৰ অন্যতম নেতা আছিল মংগল পাণ্ডে । ১৮৫৭ চনৰ এই বিপ্লৱৰ অন্যতম এগৰাকী নায়ক আছিল মংগল পাণ্ডে। এই বিদ্ৰোহৰ বাবে আজিৰ দিনটোতে ফাঁচী দিয়া হৈছিল মংগল পাণ্ডেক।

যদিও স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডে নিজে এগৰাকী ব্ৰিটিছ চিপাহী আছিল তথাপিও তেওঁ নিজৰ সৈন্যৰ বিৰুদ্ধে ১৮৫৭ চনৰ ২৯ মাৰ্চত বিদ্ৰোহ কৰিছিল। প্ৰকৃতে পশুৰ চৰ্বিৰ পৰা তৈয়াৰী কাৰ্টিজৰ ওপৰত তেওঁৰ আপত্তি আছিল। ইয়াৰ ফলত তেওঁ বাৰাকপুৰত ব্ৰিটিছ বিষয়াসকলক আক্ৰমণ কৰে । এই কাৰ্যৰ বাবে তেওঁক ফাঁচী দিয়াৰ তাৰিখ ১৮ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু সেই দিনটোত প্ৰতিবাদৰ সন্মুখীন হ’ব পাৰে বুলি ব্ৰিটিছ চৰকাৰে আশংকা কৰিছিল । সেয়েহে ৮ এপ্ৰিলৰ পুৱা ৫:৩০ বজাত মংগল পাণ্ডেক সৈনিকৰ সন্মুখত ফাঁচী দিয়া হয়।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোৰ কেইটামান উল্লেখ্যযোগ্য পৰিঘটনা

  1. ১৮৫৭ চনৰ আজিৰ দিনটোতে বেৰেকপুৰ ৰেজিমেণ্টৰ সৈনিক মংগল পাণ্ডেক ফাঁচী দিয়া হয়।
  2. ১৮৯৪ চনৰ আজিৰ দিনটোতে ‘বন্দে মাতৰম’ গীতৰ ৰচক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু হয়।
  3. ১৯২৯ চনৰ আজিৰ দিনটোতে ভগত সিং আৰু বটুকেশ্বৰ দত্তই বিধানসভাত বোমা নিক্ষেপ কৰি গ্ৰেপ্তাৰ হয়।
  4. ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত লিয়াকুৱাট-নেহৰু চুক্তি সম্পাদিত হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...