ড’নাল্ড ট্ৰাম্পৰ গুৰু কোন? যাৰ পৰামৰ্শ মতে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছিল…
সমগ্ৰ বিশ্বতে বাণিজ্য যুদ্ধ আৰম্ভ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ বিষয়ে চৰ্চা চলিছে। তেওঁৰ বহু সিদ্ধান্ত এনেকুৱা যিয়ে সকলোকে আচৰিত কৰি তোলে। কিন্তু ট্ৰাম্পৰ এই সিদ্ধান্তসমূহৰ আঁৰত কোন আছে জানেনে?

ড’নাল্ড ট্ৰাম্পৰ গুৰু কোন?
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱা ড’নাল্ড ট্ৰাম্পে শুল্কৰ জৰিয়তে সমগ্ৰ বিশ্বতে হুলস্থূলৰ সৃষ্টি কৰিছে। শাসনলৈ অহাৰ লগে লগে বহু দেশৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিলে ট্ৰাম্পে। ইয়াৰ ভিতৰত চীন, ব্ৰাজিল, কানাডা আদি বহু দেশ। কেৱল এয়াই নহয়, ট্ৰাম্পে শুল্কৰ বোজা ভাৰতৰ ওপৰতো জাপি দিলে। যিয়ে আমেৰিকাক নিজৰ বন্ধু দেশ বুলি গণ্য কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে ট্ৰাম্পে আন কাৰোবাৰ পৰামৰ্শতহে এনে দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাম্পক পৰামৰ্শ দিয়াজন আন কোনো নহয়, ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰো।
পিটাৰ নাভাৰো হৈছে ড’নাল্ড ট্ৰাম্পৰ বাণিজ্য উপদেষ্টা। ফাইনেন্সিয়েল টাইমছৰ তথ্য অনুসৰি ট্ৰাম্পৰ শুল্ক নীতিৰ আঁৰৰ মূল আছিল তেওঁ। ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল। ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলৈ ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পৰা যাব বুলি নাভাৰোৰ বিশ্বাস আছিল। যিটো ইউক্ৰেইনৰ সৈতে যুদ্ধ কৰি থকা ৰাছিয়াৰ যুদ্ধ অৰ্থনীতি দুৰ্বল কৰাৰ এই সুযোগ হ’ব পাৰে। শুল্ক আৰোপ কৰাৰ সময়তে ট্ৰাম্পে ভাৰতক সকীয়াই দিছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব লাগিব।
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল ট্ৰাম্পে
নাভাৰোৱে অভিযোগ কৰে যে ভাৰতে ৰাছিয়া আৰু চীন উভয়ৰে ওচৰ চাপিছে আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিব লাগে। কাৰণ ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতি শক্তিশালী হৈছে, যিটো ইউক্ৰেইনৰ সৈতে যুদ্ধ অব্যাহত ৰখাত সহায়ক হৈ পৰিছে। কিন্তু প্ৰতিবেদনত নাভাৰোৱে উল্লেখ কৰা নাই যে ৰাছিয়াৰ সৰ্ববৃহৎ তেল ক্ৰেতা চীনক আমেৰিকাই কিয় শাস্তি নিদিলে। ইতিমধ্যে ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে, ইয়াৰে ২৫% শুল্ক আৰোপ কৰা হৈছে কেৱল ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে।
নাভাৰো কোন?
ট্ৰাম্পৰ ‘বাণিজ্য যুদ্ধ’ নীতিৰ পিতৃ নাভাৰো। তেওঁক বিতৰ্কিত আৰু মেৰুকৰণকাৰী ব্যক্তি হিচাপে গণ্য কৰা হয়। আগতে তেওঁ অধ্যাপক আছিল যদিও পিছলৈ অৰ্থনৈতিক জাতীয়তাবাদী হৈ পৰে। হাৰ্ভাৰ্ডৰ পৰা অৰ্থনীতিত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে যদিও সমালোচকসকলে কয় যে তেওঁৰ গৱেষণাৰ স্তৰ দুৰ্বল আৰু বেছিভাগেই পক্ষপাতমূলক আছিল। ইৰভাইনৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল যদিও একাডেমিক জাৰ্নেলতকৈ বেছি সংবাদ মাধ্যম আৰু কিতাপত লিখিছিল।
তেওঁৰ চীন বিৰোধী চিন্তাধাৰা ক্ৰমান্বয়ে কঠিন হৈ পৰিল আৰু ২০১১ চনৰ ডেথ বাই চাইনা নামৰ কিতাপখনৰ জৰিয়তে মুকলিকৈ ওলাই আহিল। ইয়াত চীনৰ বিৰুদ্ধে অবৈধ ৰপ্তানি ৰাজসাহায্য, মুদ্ৰাৰ হেতালি খেলা আৰু অৰ্থনৈতিক আগ্ৰাসনৰ অভিযোগ উত্থাপন কৰা হৈছিল। ২০১২ চনত তেওঁ একে নামৰ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছিল।তেওঁৰ শক্তিশালী ভাষাই তেওঁক আমেৰিকাৰ জাতীয়তাবাদীসকলৰ মাজত জনপ্ৰিয় কৰি তুলিছিল।
শুল্ক নীতি তৈয়াৰ কৰাৰ কাহিনী
ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰে Death by China পঢ়ি নাভাৰোক প্ৰচাৰ অভিযানত অন্তৰ্ভুক্ত কৰে। তাৰ পিছত নাভাৰোৱে ট্ৰাম্প চৰকাৰৰ বাণিজ্য উপদেষ্টা হৈ আগ্ৰাসী শুল্ক নীতি লিখিবলৈ আৰম্ভ কৰে। শুল্ক যুদ্ধৰ আৰম্ভণিতে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ‘আমেৰিকা ফাৰ্ষ্ট’ৰ নীতিও নাভাৰোৰ অৱদান। নাভাৰোৰ আক্ৰমণাত্মক শৈলীৰ বাবে তেওঁ প্ৰায়ে নিজৰ সহকৰ্মীসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। ২০১৮ চনত তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে কৈছিল, ‘এনে নেতাৰ বাবে নৰকত বিশেষ স্থান আছে’। পিছত তেওঁ ক্ষমা খুজিছিল যদিও তেতিয়ালৈকে তেওঁৰ ভাবমূৰ্তি অধিক বিতৰ্কিত হৈ পৰিছিল।
লগতে পঢ়ক: এইসমূহ সামগ্ৰীত বৃদ্ধি পাব ৪০ শতাংশ GST! কি প্ৰভাৱ পৰিব মধ্যবিত্তৰ ওপৰত?