Vande Bharat Sleeper: গুৱাহাটীলৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন, প্ৰতিটো কোচৰ দাম কিমান? যাত্ৰা কৰিবলৈ হাতত কিমান টকা লাগিব, জানক…

Vande Bharat Sleeper Train: কলকাতাৰ হাওৰা ষ্টেচনৰ পৰা গুৱাহাটীলৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। ১৬ টা ডবা থকা এই ট্ৰেইনখনত যাত্ৰীয়ে বহু সুবিধা লাভ কৰিব। পিছে এই ট্ৰেইনখনৰ প্ৰতিটো কোচৰ দাম জানেনে?

Vande Bharat Sleeper: গুৱাহাটীলৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন, প্ৰতিটো কোচৰ দাম কিমান? যাত্ৰা কৰিবলৈ হাতত কিমান টকা লাগিব, জানক...

বন্দে ভাৰত

Published: 

05 Jan 2026 | 01:47 PM

মাজত মাত্ৰ কেইটামান দিন। জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন হাওৰা আৰু গুৱাহাটীৰ মাজত চলিব। নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱে (এন এফ আৰ) জ’নে এই অৰ্ধ-গীতবেগী ৰে’লখন পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিব। কমলা আৰু ধূসৰ ৰঙৰ এই ৰে’লখনে ঘণ্টাত সৰ্বোচ্চ ১৮০ কিলোমিটাৰ গতি কৰিব পাৰে। পিছে প্ৰশ্ন হয়, বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ প্ৰতিটো কোচৰ বাবদ কিমান টকা খৰচ হৈছে? এই ৰে’লত যাত্ৰা কৰিবলৈ কিমান টকা দিব লাগিব?

এই ৰে’লখনে ঘন্টাত সৰ্বোচ্চ ১৮০ কিলোমিটাৰ বেগত চলিব পাৰিব। কিন্তু সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব দি ঘন্টাত ১৩০ কিলোমিটাৰ পৰ্যন্তহে চলিব বুলি জানিব পৰা গৈছে। ৰে’লখনত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে বিশেষ বীজাণুনাশক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। চালকৰ কেবিনত আধুনিক নিৰাপত্তা ব্যৱস্থাও আছে। ৰে’লখনৰ বাহিৰৰ অংশও এৰ’ডাইনেমিক। দুৱাৰবোৰ স্বয়ংক্ৰিয়ভাৱে খোল খাব আৰু বন্ধ হৈ যাব। কোচৰ ভিতৰত চিচিটিভি আছে। ৱাশ্বৰুমসমূহত অত্যাধুনিক সা-সঁজুলিও সজ্জিত কৰা হৈছে।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই ৰে’লখন নিৰ্মাণৰ খৰচ মেট্ৰ’ ৰে’লৰ ডবাতকৈ কম। মেট্ৰ’ ৰেলৰ ডবা এটাৰ দাম সাধাৰণতে ১০ৰ পৰা ১০.৫ কোটি টকা। আনহাতে, বন্দে ভাৰতৰ শ্লীপাৰ ট্ৰেইনৰ ডবা এটাৰ খৰচ প্ৰায় ৮ৰ পৰা ৮.৫ কোটি হ’ব বুলি অনুমান কৰা হৈছে।

বন্দে ভাৰতৰ ৰে’ল বর্তমান ২০টা ডবাৰে চলি আছে৷ ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনখনত মুঠ ১৬টা ডবা থাকিব। ইয়াৰে ১১ টি কোচ এচি ৩ টায়াৰ, ৪ টা কোচ এচি ২ টায়াৰ আৰু ১ টা কোচ ফাৰ্ষ্ট এচি। এই ৰে’লখনত মুঠ ৮২৩ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। ইয়াৰে ৩ টায়াৰত ৬১১ জন, ২ টায়াৰত ১৮৮ জন আৰু ফাৰ্ষ্ট এচিত ২৪ জন যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰে।

ভাড়া কিমান?

বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত হাওৰাৰ পৰা গুৱাহাটীলৈ যাবলৈ হ’লে প্ৰতিটো কোচতে বেলেগ বেলেগ ভাড়া ভৰিব লাগিব। এচি ৩ টায়াৰত ২,৩০০ টকা, এচি ২ টায়াৰত ৩০০০ টকা আৰু এচি ফাৰ্ষ্ট ক্লাছত ৩,৬০০ টকা। খাদ্যৰ ভাড়া ইয়াতেই অন্তৰ্ভুক্ত হ’ব। জানিব পৰা মতে, এই ট্ৰেইনত অসমীয়া খাদ্য, বঙালী খাদ্য পোৱা যাব।

 

অন্য খবৰ পঢ়কঃ মাত্ৰ ১৫০ টকা জমা কৰি লাভ কৰক ২৬ লাখ টকা! কেনেকৈ জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...