শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা আৰম্ভ, অন্ত পৰিবনে শুল্ক যুদ্ধ?

কিছুদিন আগলৈকে ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা আছিল যদিও এতিয়া পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। যদিও যোৱা কেইসপ্তাহমানৰ ভিতৰত দুয়োখন দেশৰ মাজত ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো সুনিৰ্দিষ্ট ফলাফল লাভ কৰিব পৰা নগ’ল। কিন্তু এতিয়া নতুন দিল্লীত হ’বলগীয়া আলোচনাই ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত সহায় কৰিব পাৰে।

ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা আৰম্ভ, অন্ত পৰিবনে শুল্ক যুদ্ধ?
ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা আৰম্ভ
trishna-kalita
Trishna Kalita | Published: 16 Sep 2025 13:20 PM

শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক কিছু উন্নত হোৱাৰ দিশে আগবাঢ়িছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ শুল্ক সিদ্ধান্তৰ পিছতে দুয়োখন দেশৰ মাজত পুনৰ আৰম্ভ হ’ব বাণিজ্যিক আলোচনা । মঙলবাৰে নতুন দিল্লীত হ’ব এই আলোচনা, য’ত ভাৰতলৈ আহিব আমেৰিকাৰ বাণিজ্যিক বিষয়াৰ এটা প্ৰতিনিধি দল।

টেৰিফৰ পিছত প্ৰথমবাৰৰ বাবে আলোচনা হ’ব

এইবাৰ আলোচনা বিশেষ, কাৰণ ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা গধুৰ শুল্কৰ পিছত এয়া প্ৰথম আলোচনা। মন কৰিবলগীয়া যে ২৭ আগষ্টত ট্ৰাম্প প্ৰশাসনে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত শাস্তিমূলক শুল্ক আৰোপ কৰিছিল। ইয়াৰ অধীনত ৫০% পৰ্যন্ত শুল্ক আৰোপ কৰা হৈছিল, য’ত ২৫% শুল্ক কেৱল ৰাছিয়াৰ তেলৰ ওপৰত কেন্দ্ৰিত কৰা হৈছিল। ইয়াৰ বাবেই ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্য চুক্তি (বিটিএ) সন্দৰ্ভত ষষ্ঠ ৰাউণ্ডৰ আলোচনা স্থগিত ৰখা হয়।

বাণিজ্যিক বিষয়ত সুনিৰ্দিষ্ট আলোচনা হ’ব

ইটিৰ এক প্ৰতিবেদন অনুসৰি ভাৰত চৰকাৰৰ হৈ বাণিজ্য বিভাগৰ বিশেষ সচিব ৰাজেশ আগৰৱালাই এই বৈঠক বিটিএ সন্দৰ্ভত আনুষ্ঠানিক আলোচনা নহয়, যদিও দুয়োখন দেশৰ মাজত বাণিজ্যিক বিষয়ত সুনিৰ্দিষ্ট আলোচনা হ’ব বুলি অৱগত কৰে। আমেৰিকাৰ দলটোক নেতৃত্ব দিব ইয়াৰ পূৰ্বে ভাৰতৰ বাবে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্ৰেণ্ডন লিঞ্চে।

ৰাজেশ আগৰৱালাই কয় যে, এই কথা-বতৰা আনুষ্ঠানিক আলোচনাৰ অংশ নহয়, কিন্তু ইয়াক আলোচনাৰ ‘ধাৰাবাহিকতা’ বুলি ধৰিব পাৰি। ইয়াৰ উদ্দেশ্য হৈছে বাণিজ্য সন্দৰ্ভত দুয়োখন দেশৰ মাজত থকা ভুল বুজাবুজি আঁতৰাই আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণ কৰা।

যোৱা কেইসপ্তাহমানৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজত ভাৰ্চুৱেল বৈঠক হৈছে যদিও কোনো সুনিৰ্দিষ্ট ফলাফল লাভ কৰিব পৰা নগ’ল।  ইয়াৰ মাজতে আমেৰিকাই ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। আমেৰিকাৰ যুক্তি যে, ইয়াৰ ফলত ৰাছিয়াই ইউক্ৰেইন যুদ্ধৰ বাবে ধন লাভ কৰে। একে সময়তে ভাৰতে নিজৰ শক্তিৰ প্রয়োজন অনুযায়ী সিদ্ধান্ত ল’ব বুলি স্পষ্ট কৰি দিছিল ৷

ট্ৰাম্পৰ পৰিৱৰ্তিত শৈলী

অৱশ্যে এতিয়া ট্ৰাম্পৰ মনোভাৱ আগৰ তুলনাত বহু পৰিৱৰ্তন হোৱা যেন দেখা গৈছে। শেহতীয়াকৈ তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিবলৈ পাই তেওঁ উসাহিত আৰু দুয়োখন দেশৰ মাজত থকা যিকোনো বাণিজ্যিক বাধা শীঘ্ৰে দূৰ হ’ব বুলি তেওঁ আত্মবিশ্বাসী। প্ৰধানমন্ত্ৰী মোদীয়ে এই বক্তব্যৰ প্ৰতি ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দুয়োখন দেশৰ দলসমূহে এই কথা-বতৰাক অতি সোনকালে ফলাফললৈ অনাৰ কামত নিয়োজিত হৈ আছে।

চুক্তি স্বাক্ষৰ হ’ব নেকি?

নতুন দিল্লীত চলি থকা এই বৈঠকক দুয়োখন দেশৰ সম্পৰ্কৰ এক নতুন দিশ হিচাপে বিবেচিত হৈছে। ট্ৰাম্পে গ্ৰহণ কৰা কোমল মনোভাৱেই ইংগিত দিয়ে যে আগন্তুক সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি সম্ভৱ হ’ব পাৰে।