শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰে’লৱেই কৰিলে বৃহৎ ঘোষণা, টিকট ৰিজাৰ্ভেচনৰ ক্ষেত্ৰত দেখা যাব এনে নতুন নিয়ম…

বৰ্তমানলৈকে এই নিয়ম কেৱল তটকালৰ টিকটৰ বাবে প্ৰযোজ্য আছিল। এতিয়া ৰে’লৱেই এই ব্যৱস্থা সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে। এই নিয়ম ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ভাৰতীয় ৰে’লৱেই টিকট ৰিজাৰ্ভচনৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন কৰিবলৈ ওলাইছে জানো আহক।

ৰে’লৱেই কৰিলে বৃহৎ ঘোষণা, টিকট ৰিজাৰ্ভেচনৰ ক্ষেত্ৰত দেখা যাব এনে নতুন নিয়ম…
ভাৰতীয় ৰে’লৱেৰ নতুন নিয়মImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 16 Sep 2025 10:47 AM

দেশৰ পৰিবহণ ব্যৱস্থাৰ আটাইতকৈ সুচল আৰু ব্যৱহৃত মাধ্যম ৰেলৱে অধিকাংশ লোকেই এতিয়াও পৰিবহণৰ বাবে ৰে’ল সেৱাকে আগস্থান দিয়ে পিছে ৰেলৱেৰ আসন নিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থাৎ ৰিজাৰ্ভেচনৰ ক্ষেত্ৰত যাত্ৰীসকল প্ৰায়ে সমস্যাৰ সন্মুখীন হয় ইয়াৰ আটাইতকৈ প্ৰধান কাৰণ হৈছে টিকট বুকিঙৰ ক্ষেত্ৰত দেখা দিয়া প্ৰৱঞ্চনা। এনে প্ৰৱঞ্চনাৰ বাবে বহু যাত্ৰী টিকট লাভৰ পৰা বঞ্চিত হয় এতিয়া এই প্ৰৱঞ্চনা বন্ধ কৰিবলৈ ৰেলৱেই এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে।

এতিয়া ভাৰতীয় ৰেলৱেই বৰ্তমানৰ তটকাল টিকটত প্ৰযোজ্য হৈ থকা নিয়ম ৰিজাৰ্ভেচন টিকট বুকিং কৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰাৰ সিদ্ধান্ত লৈছে এই নিয়ম ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ভাৰতীয় ৰে’লৱেই টিকট ৰিজাৰ্ভচনৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন কৰিবলৈ ওলাইছে জানো আহক।

নতুন নিয়ম অনুসৰি, অহা ১ অক্টোবৰৰ পৰা ৰেলৱেৰ ৰিজাৰ্ভেচন উইণ্ডো খোলাৰ পিছত প্ৰথম ১৫ মিনিটত ভাৰতীয় ৰেলৱেই টিকট বুকিং কৰিব পাৰিব এই সুবিধা কেৱল ইতিপূৰ্বে আধাৰ ভেৰিফিকেচন কৰা লোকসকলেহে লাভ কৰিব এই নিয়ম ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনৰ (IRCTC)ৰ ৱেবছাইট আৰু মোবাইল এপ দুয়োটাতে প্ৰযোজ্য হ’ব।

বৰ্তমানলৈকে এই নিয়ম কেৱল তটকালৰ টিকটৰ বাবে প্ৰযোজ্য আছিল এতিয়া ৰেলৱেই এই ব্যৱস্থা সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে। এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰকৃত ব্যৱহাৰকাৰীক ৰিজাৰ্ভেচন ব্যৱস্থাৰ সুবিধা প্ৰদান কৰা আৰু অকৰ্তৃত্বশীল বা অসৎ এজেণ্টৰ অপব্যৱহাৰ ৰোধ কৰা।

লগতে ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন (IRCTC)ৰ ৱেবছাইট আৰু ইয়াৰ মোবাইল এপৰ জৰিয়তে অনলাইন বুকিঙৰ ক্ষেত্ৰতহে এই নতুন নিয়ম প্ৰযোজ্য হ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে। তদুপৰি বিবৃতিটোত ৰিজাৰ্ভচনৰ প্ৰথম ১০ মিনিটৰ ভিতৰত অনুমোদিত টিকট এজেণ্টে টিকট বুকিং কৰিব নোৱাৰাকৈ থকা বৰ্তমানৰ নিষেধাজ্ঞা অব্যাহত থাকিব বুলিও উল্লেখ কৰা হৈছে।

এই প্ৰয়োজনীয় পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ ৰেলৱে তথ্য ব্যৱস্থা কেন্দ্ৰ IRCTCক নিৰ্দেশনা জাৰি কৰা হৈছে বুলি ৰেলৱেই জানিবলৈ দিছে। ইয়াৰ সমান্তৰালকৈ জ’নেল ৰে’লৱেৰ বিষয়াসকলকো গাইডলাইন জাৰি কৰাৰ লগতে এই নতুন নিয়মৰ কাৰ্যকৰী নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।