Aadhaar: নিষ্ক্ৰিয় কৰা হ’ল ২ কোটিৰো অধিক আধাৰ কাৰ্ড! UIDAI-এ আঁতৰালে এইসকল লোকৰ তথ্য….

এই ‘চফাই অভিযান’ সফল কৰাৰ বাবে ইউআইডিএআইয়ে কেইবাটাও চৰকাৰী সংস্থাৰ সৈতে সহযোগিতা আগবঢ়াইছে। মৃত ব্যক্তিৰ তথ্য মূলতঃ ভাৰতৰ মহাপঞ্জীয়ক (Registrar General of India – RGI), বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজহুৱা বিতৰণ ব্যৱস্থা (Public Distribution System – PDS), আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী National Social Assistance Program) আদি উৎসৰ পৰা লাভ কৰা হৈছিল।

Aadhaar: নিষ্ক্ৰিয় কৰা হল ২ কোটিৰো অধিক আধাৰ কাৰ্ড! UIDAI-এ আঁতৰালে এইসকল লোকৰ তথ্য....

আধাৰ কাৰ্ড

Updated On: 

27 Nov 2025 10:45 AM

দেশৰ আধাৰ কাৰ্ডৰ তদাৰকীৰ দায়িত্বত থকা ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই(UIDAI) এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছতা আৰু তথ্যৰ সঠিকতা বজাই ৰাখিবলৈ ২ কোটিৰো অধিক মৃত লোকৰ আধাৰ নম্বৰ নিষ্ক্ৰিয় (deactivate)  কৰিছে UIDAI-এ। যিটো ‘চাফাই অভিযান’ দেশজোৰা প্ৰচেষ্টাৰ অংশ। এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে তথ্যকোষক সঠিক আৰু সুৰক্ষিত কৰি ৰখা।

আপুনি হয়তো ভাবিছে যে মৃত ব্যক্তিৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰাৰ প্ৰয়োজনীয়তা কিয় প্ৰয়োজনীয়? ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক প্ৰৱঞ্চনা প্ৰতিৰোধৰ সৈতে। ইউআইডিএআইয়ে উল্লেখ কৰিছে যে যদিহে মৃত ব্যক্তিৰ আধাৰ সংখ্যা সক্ৰিয় হৈ থাকে তেন্তে তেওঁলোকৰ পৰিচয়ৰ অপব্যৱহাৰ হ’ব পাৰে।

এই নম্বৰসমূহ আন কাকো আবণ্টন দিয়া নহ’ব

যিকোনো প্ৰৱঞ্চক ব্যক্তিয়ে এই আধাৰ কাৰ্ড ব্যৱহাৰ কৰি কল্যাণমূলক আঁচনিৰ সুবিধা ল’ব পাৰে, যিটো সম্পূৰ্ণ অবৈধ। গতিকে পৰিচয়ৰ সম্ভাৱ্য জালিয়াতি (identity fraud)  আৰু চৰকাৰী সুবিধাৰ অকৰ্তৃত্বশীল ব্যৱহাৰ ৰোধ কৰিবলৈ এই নিষ্ক্ৰিয়কৰণ অতি প্ৰয়োজনীয় আছিল। UIDAIয়ে এই কথাও স্পষ্ট কৰি দিছে যে কোনো মৃত ব্যক্তিৰ আধাৰ নম্বৰ কেতিয়াও আন ব্যক্তিক পুনৰ আৱণ্টিত কৰা নহয়।

এই ‘চফাই অভিযান’ সফল কৰাৰ বাবে ইউআইডিএআইয়ে কেইবাটাও চৰকাৰী সংস্থাৰ সৈতে সহযোগিতা আগবঢ়াইছে। মৃত ব্যক্তিৰ তথ্য মূলতঃ ভাৰতৰ মহাপঞ্জীয়ক (Registrar General of India – RGI), বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, ৰাজহুৱা বিতৰণ ব্যৱস্থা (Public Distribution System – PDS), আৰু ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী National Social Assistance Program) আদি উৎসৰ পৰা লাভ কৰা হৈছিল। তদুপৰি, ইউআইডিএআইয়ে এতিয়া বিত্তীয় প্ৰতিষ্ঠান আৰু অন্যান্য অনুৰূপ সংস্থাসমূহৰ সৈতে কাম কৰি মৃত ব্যক্তিসকলৰ তথ্য অধিক ব্যাপকভাৱে উপলব্ধ কৰাৰ পৰিকল্পনা কৰিছে।

ইউআইডিএআইয়ে সাধাৰণ নাগৰিকৰ বাবেও এই প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ‘myAadhaar Portal’ত ‘পৰিয়ালৰ এজন সদস্যৰ মৃত্যুৰ খবৰ দিয়া’ নামৰ এক নতুন বৈশিষ্ট্য মুকলি কৰা হৈছিল। বৰ্তমান এই বৈশিষ্ট্য অসামৰিক পঞ্জীয়ন ব্যৱস্থা ব্যৱহাৰ কৰা ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উপলব্ধ। শীঘ্ৰে বাকী থকা ৰাজ্যসমূহক এই পৰ্টেলৰ সৈতে সংযোগ কৰাৰ কাম চলি আছে।

যদি আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ মৃত্যু হৈছে তেন্তে আপুনিও এই পৰ্টেলত নিজেও ৰিপৰ্ট কৰিব পাৰে। পৰিয়ালৰ সদস্যজনে প্ৰথমে নিজকে প্ৰমাণীকৰণ কৰিব লাগিব। ইয়াৰ পিছত তেওঁলোকে মৃত ব্যক্তিজনৰ আধাৰ নম্বৰ আৰু মৃত্যু পঞ্জীয়ন নম্বৰৰ লগতে অন্যান্য জনগাঁথনিগত তথ্য পৰ্টেলত প্ৰৱেশ কৰিব লাগিব। প্ৰদান কৰা তথ্য পৰীক্ষা কৰাৰ পিছত মৃত ব্যক্তিজনৰ আধাৰ নম্বৰ নিষ্ক্ৰিয় কৰিব নে নকৰে সেই সন্দৰ্ভত ইউআইডিএআইয়ে অধিক ব্যৱস্থা গ্ৰহণ কৰিব।

UIDAI য়ে সকলো আধাৰধাৰীক আহ্বান জনাইছে যে মৃত্যুৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ লগে লগে আপোনজনৰ মৃত্যুৰ বিষয়ে myAadhaar পৰ্টেলত খবৰ দিব লাগে। ইয়াৰ দ্বাৰা তথ্যসমূহ সঠিক হোৱাই নহয়, কোনো ধৰণৰ সম্ভাৱ্য প্ৰৱঞ্চনা ৰোধ কৰা হ’ব।

ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
শুৱাৰ ভংগীমাই বৃদ্ধি কৰিব পাৰে নেকি স্তনৰ আকাৰ? জানক...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...