Gold Price : ট্ৰাম্পে আৰম্ভ কৰিলে বাণিজ্যিক যুদ্ধ, আকাশলংঘী সোণৰ মূল্য

ট্ৰাম্পৰ শুল্কৰ বাবে সোণৰ মূল্য বৃদ্ধি পাইছে। আনহাতে, ডলাৰ সূচকাংকৰ ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ বাবে সোণৰ চাহিদা বৃদ্ধি পাইছে। এইবোৰ কাৰণতে ৰাজধানী দিল্লীত সোণৰ মূল্য ৯৯ হাজাৰ টকা অতিক্ৰম কৰিছে। আপোনাৰ চহৰতো বৃদ্ধি পাব নেকি সোণৰ মূল্য?

Gold Price : ট্ৰাম্পে আৰম্ভ কৰিলে বাণিজ্যিক যুদ্ধ, আকাশলংঘী সোণৰ মূল্য

আকাশলংঘী সোণৰ মূল্য

Published: 

08 Jul 2025 | 11:25 PM

সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দক্ষিণ কোৰিয়া আৰু জাপানৰ ওপৰত ২৫ শতাংশ ফ্লেট টেৰিফ অৰ্থাৎ শুল্ক আৰোপ কৰি পুনৰবাৰ বাণিজ্যিক যুদ্ধখন আৰম্ভ কৰিছে । যাৰ বাবে এতিয়া সোণৰ মূল্য বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে শুল্কৰ উপৰিও ডলাৰ সূচকাংক হ্ৰাস পোৱাৰ ফলত সোণৰ মূল্য বৃদ্ধি হৈছে। সেই বাবে দেশৰ ৰাজধানী দিল্লীত পুনৰবাৰ সোণৰ মূল্যই অতিক্ৰম কৰিলে ৯৯ হাজাৰ টকাৰ ঘৰ। যদি পৰিস্থিতি একেই থাকে, তেন্তে অতি সোনকালে সোণৰ দাম আকৌ এবাৰ ১ লাখ টকা অতিক্ৰম কৰিব। বিশেষজ্ঞসকলৰ মতে আমেৰিকাত মুদ্ৰাস্ফীতিৰ পৰিসংখ্যাই সোণৰ দামও নিৰ্ধাৰণ কৰিব।

সোণৰ দৰ বৃদ্ধি

অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি, দেশৰ ৰাজধানী দিল্লীত সোণৰ মূল্য ৫৫০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৯৯,১২০ টকা হৈছে। সোমবাৰে ৯৯.৯ শতাংশ বিশুদ্ধতা থকা সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৫৭০ টকাত ৰৈ যায়। ছাৰাফা এছ’চিয়েশ্যনে জনোৱা মতে, ৯৯.৫ শতাংশ বিশুদ্ধতা থকা সোণ ৫০০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত (সকলো কৰকে ধৰি) ৯৮,৬০০ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও মঙলবাৰে একেৰাহে তৃতীয় অধিবেশনৰ বাবে প্ৰতি কেজি (সকলো কৰকে ধৰি) ৰূপৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ডৰ মূল্য ১১.৪২ ডলাৰ বা ০.৩৪ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ৩,৩২৫.০৯ ডলাৰ হয়।

ট্ৰাম্পৰ শুল্কৰ প্ৰভাৱ

এইচ ডি এফ চি ছিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক ক’ম’ডিটিজ ছাউমিল গান্ধীয়ে কয় যে, বাণিজ্য যুদ্ধ পুনৰ আৰম্ভ হোৱাৰ আশংকা বৃদ্ধিৰ লগে লগে সোণে কালিৰ লোকচান ওলোটা কৰি মঙলবাৰে লাভ পঞ্জীয়ন কৰে। জাপান আৰু দক্ষিণ কোৰিয়াৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছতে বজাৰৰ গতি সলনি হৈছে। তেওঁ কয় যে, এই সিদ্ধান্তই আমেৰিকাৰ বাণিজ্য নীতি সংস্কাৰৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ব্যাপক পদক্ষেপক প্ৰতিফলিত কৰিছে, যিয়ে বজাৰসমূহত অহৰহ অনিশ্চয়তাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত নিৰাপদ-বিনিয়োগ সম্পত্তি সোণৰ বাবে পৰিৱেশ অনুকূল হৈ পৰে।

আবান্স ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ চিন্তান মেহতাই কয় যে, বিনিয়োগকাৰীয়ে আমেৰিকাৰ বাণিজ্যিক আলোচনা, ফেডাৰেল ৰিজাৰ্ভৰ মন্তব্য আৰু সতেজ মুদ্ৰাস্ফীতিৰ তথ্য নিবিড়ভাৱে নিৰীক্ষণ কৰিব। যিয়ে সোণৰ ভৱিষ্যতৰ গতি নিৰ্ণয় কৰিব। এঞ্জেল ৱানৰ জ্যেষ্ঠ টেক বিশ্লেষক (পণ্য আৰু মুদ্ৰা) তেজস শিগ্ৰেকাৰৰ মতে সোণ এতিয়াও এক গুৰুত্বপূৰ্ণ হেজ সম্পত্তি হৈয়ে আছে। জুন মাহৰ পৰা ডলাৰৰ মূল্য দুৰ্বল হোৱাৰ ফলত গ্ৰাহকৰ বাবে সোণৰ চাহিদা বৃদ্ধি পাইছে। বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকৰ ক্ৰয়ৰ বাবেও দীৰ্ঘম্যাদী চাহিদা ৰৈ গৈছে, বিশেষকৈ চীন আৰু ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ। তেওঁ কয় যে সাময়িকভাৱে বিৰতিৰ পিছত ইটিএফৰ প্ৰবাহ পুনৰ আৰম্ভ হৈছে, আৰু গহনা বজাৰত শক্তিশালী চাহিদা অব্যাহত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...