শীঘ্ৰে ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰিত হ’ব চুক্তি, ট্ৰাম্পে দিলে আভাস…

এই চুক্তি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, তেওঁ প্ৰধানমন্ত্ৰী মোডীক সন্মান কৰে আৰু তেওঁৰ ভাল বন্ধুও। ট্ৰাম্পে কয় যে আমি ভাৰতৰ সৈতে ভাল চুক্তিৰ দিশত আগবাঢ়িছো। কেইবাদিনো ধৰি হ্ৰাস পাই থকা ভাৰতীয় শ্বেয়াৰ বজাৰৰ বাবেও ট্ৰাম্পৰ এই বক্তব্য এটা ভাল লক্ষণ হিচাপে বিবেচিত হৈছে।

শীঘ্ৰে ভাৰত-আমেৰিকাৰ মাজত স্বাক্ষৰিত হ’ব চুক্তি, ট্ৰাম্পে দিলে আভাস...

ভাৰত-আমেৰিকাৰ চুক্তি...

Published: 

22 Jan 2026 | 09:22 AM

আমেৰিকাৰ সৈতে চুক্তিৰ বিষয়ে চলি থকা জল্পনা-কল্পনাৰ মাজতে পোহৰলৈ আহিছে এটা ডাঙৰ খবৰ । এই বিশেষ খবৰটো দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই। যোৱা বুধবাৰে ডাভোছত তেওঁ ভাৰতৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত কেইবাটাও ইতিবাচক সংকেত দিছিল। এই চুক্তি সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, তেওঁ প্ৰধানমন্ত্ৰী মোডীক সন্মান কৰে আৰু তেওঁৰ ভাল বন্ধুও। ট্ৰাম্পে কয় যে আমি ভাৰতৰ সৈতে ভাল চুক্তিৰ দিশত আগবাঢ়িছো। কেইবাদিনো ধৰি হ্ৰাস পাই থকা ভাৰতীয় শ্বেয়াৰ বজাৰৰ বাবেও ট্ৰাম্পৰ এই বক্তব্য এটা ভাল লক্ষণ হিচাপে বিবেচিত হৈছে।

ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ সম্ভাৱনা সম্পৰ্কে প্ৰত্যক্ষ প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চমু কিন্তু ইতিবাচক উত্তৰ দিলে। ট্ৰাম্পে কয় যে, আমি ভাল চুক্তিত উপনীত হ’ব বুলি আশা কৰিছো। দ্বিপাক্ষিক বাণিজ্য চুক্তি আৰু পাৰস্পৰিক কৰ হ্ৰাসৰ অস্থায়ী ব্যৱস্থা সন্দৰ্ভত ভাৰত আৰু আমেৰিকাই এই পৰ্যন্ত ছয়টা ৰাউণ্ডৰ বিস্তৃত আলোচনাত  মিলিত হৈছে । যাৰ দ্বাৰা দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বাণিজ্যিক বিবাদ সমাধানৰ চেষ্টা চলোৱা হৈছে ।

ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠকৰ পিছতে দ্বিপাক্ষিক বাণিজ্য আলোচনা তীব্ৰতৰ হৈ পৰে। ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে মিছন ৫০০ ঘোষণা কৰে দুয়োগৰাকী নেতাই।

ষ্টক মাৰ্কেটত প্ৰভাৱ

ট্ৰাম্পৰ এই বক্তব্যই ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এই বিবৃতিৰ পিছতে পুনৰবাৰ সেই কোম্পানীসমূহৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত হৈছে, যাৰ ব্যৱসায় ৰপ্তানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। বিশেষকৈ বস্ত্ৰশিল্প, চিংৰাৰ খাদ্য ৰপ্তানিকাৰক, আৰু ঔষধ খণ্ডই বাতৰিৰ শিৰোনাম দখল কৰিছে।

বৰ্তমান ঔষধ খণ্ডৰ ওপৰত কোনো শুল্ক নাই যদিও বস্ত্ৰ খণ্ডত বিশেষভাৱে প্ৰভাৱ পৰিছে। গোকালডাছ এক্সপ’ৰ্টছ, ৱেলছপান লিভিং, পাৰ্ল গ্ল’বেলৰ দৰে কোম্পানীয়ে আমেৰিকাৰ বজাৰৰ পৰা ৰাজহৰ ৫০ৰ পৰা ৭০ শতাংশ লাভ কৰে। এনে পৰিস্থিতিত শুল্কৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ লাভৰ ওপৰতো পৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...