ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নহয়ঃ ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াৰ মাজতে ট্ৰাম্পে কয় যে, ইয়াৰ ক্ষেত্ৰত ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নহয়।

ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নহয়ঃ ট্ৰাম্প

ড'নাল্ড ট্ৰাম্প

Published: 

08 Aug 2025 | 09:09 AM

ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা কৰাৰ বিষয়টো স্পষ্টভাৱে অস্বীকাৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে, যেতিয়ালৈকে শুল্ক বিবাদ অব্যাহত থাকিব, বিষয়টো চূড়ান্ত নহয় তেতিয়ালৈকে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্থগিত থাকিব। বৃহস্পতিবাৰে অ’ভেল অফিচত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ট্ৰাম্পে। লগতে কয় যে, বিষয়টো সমাধান নোহোৱা পৰ্যন্ত বাণিজ্যিক আলোচনা নহয়।

ANI ৰ সাংবাদিকে ট্ৰাম্পক সোধে যে, “ভাৰতৰ শুল্ক সন্দৰ্ভত ৫০% শুল্ক ঘোষণা কৰাৰ পাছত বাণিজ্যিক আলোচনা বৃদ্ধি পাব বুলি আশা কৰিছেনে?” ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে, “নাই, যেতিয়ালৈকে এই বিষয়টো সমাধান নহয়”।

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ক্ষুব্ধ হৈ পৰিছে। যাৰ বাবে প্ৰথমে ২৫ শতাংশ আৰু পাছত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে আমেৰিকাই। এতিয়া ভাৰতৰ সৈত বাণিজ্যিক চুক্তি সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে ট্ৰাম্পে।

 

ইফালে আমেৰিকাৰ শুল্ক বৃদ্ধি সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, কৃষকৰ স্বাৰ্থক আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ দিও। কৃষকৰ হিতৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহয়। ভাৰতে কেতিয়াও নিজৰ কৃষক, পশুপালক আৰু মাছমৰীয়া ভাই-ভনীৰ স্বাৰ্থত আপোচ নকৰে।

ট্ৰাম্পে বৃদ্ধি কৰিছে শুল্ক

প্ৰথম অৱস্থাত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কৰ বাবে ৬ আগষ্টত পুনৰ তেওঁ ২৫ শতাংশ শুল্ক আৰোপ কৰে। ভাৰতৰ ওপৰত তেওঁ মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰে। এই ক্ষেত্ৰত ট্ৰাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ উদ্বেগ উল্লেখ কৰে আৰু ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰা বিষয়টো আঙুলিয়াই দিয়ে। আমেৰিকাই কৈছে যে, ৰাছিয়াৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল ক্ৰয় কৰাতো আমেৰিকাৰ বাবে এক ভাবুকিৰ সৃষ্টি কৰে। ট্ৰাম্পে আনকি ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ বাধা দিছে। কিন্তু ভাৰতে এই দাবী মানি লোৱা নাই।

মোদীৰ প্ৰত্যুত্তৰ

এই সমগ্ৰ বিষয়টোত মোদীয়ে উচিত প্ৰত্যুত্তৰ দিছে। নতুন দিল্লীত অনুষ্ঠিত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে, ভাৰতে কোনো ধৰণৰ বাহ্যিক হেঁচাৰ শিৰনত নকৰে। আমাৰ বাবে কৃষকৰ স্বাৰ্থ প্ৰথম। ভাৰতে কেতিয়াও নিজৰ কৃষক, মাছমৰীয়া আৰু দুগ্ধ খেতিয়কৰ স্বাৰ্থত আপোচ নকৰে। তেওঁ লগতে কয়, মই জানো ইয়াৰ বাবে হয়তো আমি ডাঙৰ মূল্য দিব লাগিব। কিন্তু ইয়াৰ বাবে ভাৰত সাজু।

মোদীৰ এই মন্তব্যত সমৰ্থন জনাইছে বিদেশ মন্ত্ৰালয়ে। এক বিবৃতিৰ জৰিয়তে মন্ত্ৰালয়ে ট্ৰাম্পৰ সিদ্ধান্তক অনুচিত আৰু অপ্ৰয়োজনীয় বুলি উল্লেখ কৰিছে। লগতে কৈছে যে, ৰাষ্ট্ৰহিতৰ বাবে ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিব।

 

 

অন্য খবৰ পঢ়কঃ ৰাছিয়াত ডোভাল, চীন যাব মোদী, ব্ৰাজিল ভাৰতৰ পক্ষত! ট্ৰাম্পৰ বিৰুদ্ধে গঠন হ’ব নেকি ডাঙৰ মিত্ৰজোট…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব