ব্যৱহাৰ কৰিছিল ক’লা ধন হিচাপে! এতিয়াও মানুহৰ হাতত আছে ৫,৮৮৪ কোটি টকাৰ ২০০০ টকীয়া নোট…

আজিৰ পৰা প্ৰায় ২বছৰ পূৰ্বে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ হৈ পৰিছিল। কিন্তু আজিও মানুহৰ হাতত হাজাৰ হাজাৰ কোটি টকাৰ ২০০০ টকীয়া নোট। ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই তথ্য।

ব্যৱহাৰ কৰিছিল কলা ধন হিচাপে! এতিয়াও মানুহৰ হাতত আছে ৫,৮৮৪ কোটি টকাৰ ২০০০ টকীয়া নোট...

২০০০ টকীয়া নোট

Updated On: 

02 Oct 2025 | 09:46 AM

আপোনাৰ ওচৰতো আছে নেকি ২০০০ টকীয়া নোট? ২০২৩ চনৰ ১৯ ​​মে’ত এই নোটৰ প্ৰচলন বন্ধ হৈ পৰিছিল যদিও শেহতীয়াকৈ এক ডাঙৰ তথ্য প্ৰকাশ পাইছে। বুধবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে ইতিমধ্যে ২০০০ টকীয়া নোট প্ৰচলন বন্ধ কৰিছে যদিও এতিয়াও বজাৰত ৫,৮৮৪ কোটি টকা মূল্যৰ ২০০০ টকীয়া নোট আছে। এই নোটসমূহ বৰ্তমান পৰ্যন্ত বেংকলৈ ঘূৰি অহা নাই।

২০০০ টকীয়া নোট এতিয়াও বৈধ হৈয়ে আছে।কেন্দ্ৰীয় বেংকে এক বিবৃতিত কয় যে ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত ব্যৱসায় বন্ধ হোৱাৰ সময়ত প্ৰচলিত ২০০০ টকীয়া নোটৰ মুঠ মূল্য ৫,৮৮৪ কোটি টকালৈ হ্ৰাস পাইছে।

বেংকলৈ কিমান ঘূৰি আহিছে

২০২৩ চনৰ ১৯ ​​মে’ত এই  নোটৰ প্ৰচলন বন্ধ হৈছিল। তেতিয়া এই নোটৰ মূল্য আছিল ৩.৫৬ লাখ কোটি টকা। তেতিয়াৰ পৰা এতিয়ালৈকে ৯৮.৩৫ শতাংশ ২০০০ টকীয়া নোট বেংক ঘূৰাই দিয়া হৈছে যদিও এতিয়াও হাজাৰ হাজাৰ কোটি টকা মানুহৰ হাতত আছে।

 

কেনেকৈ বিনিময় কৰা হয়

এই নোটসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ১৯টা ইছ্যু কাৰ্যালয়ত সলনি কৰিব পাৰিব। ইয়াৰোপৰি আপোনাৰ ওচৰতো যদি এই নোট আছে আৰু ঘূৰাই দিব বিচাৰে তেন্তে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ যিকোনো ইছ্যু কাৰ্যালয়লৈ ইণ্ডিয়া ডাকযোগে প্ৰেৰণ কৰি বেংক একাউণ্টত জমা কৰিব পাৰিব।

কিয় জমা হোৱা নাই

পৰিসংখ্যা অনুসৰি এতিয়াও ৫,৮৮৪ কোটি টকা মূল্যৰ ২০০০ টকীয়া নোট মানুহৰ হাতত আছে। এই বিশাল পৰিমাণৰ ধনৰাশি চাই অনুমান কৰা হৈছে যে সম্ভৱতঃ এয়া ক’লা ধনৰ অংশ। কিয়নো ঠাই কম প্ৰয়োজন হোৱা বাবে বহুতে হয়তো ২০০০ টকীয়া নোট ক’লা ধন হিচাপে ব্যৱহাৰ কৰিছিল। যাৰ বাবে তেওঁলোকে এই নোট বিনিময় কৰা নাই। কিন্তু শীঘ্ৰেই ইয়াৰ বৈধতা নোহোৱা হ’ব।

 

অন্য খবৰ পঢ়কঃ বিজয়া দশমীৰ দিনটোত কিমান মূল্যত বিক্ৰী হৈছে সোণ-ৰূপ, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...