সুখবৰ! নতুন বছৰত হ্ৰাস পাব চাউলৰ আৰু দাইলৰ মূল্য, জানক সবিশেষ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি চলিত বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ ৬.৬ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। এই ক্ষেত্ৰত নতুন বছৰত আটা, দাইল আৰু চাউলৰ মূল্য হ্ৰাস পাব নেকি?

সুখবৰ! নতুন বছৰত হ্ৰাস পাব চাউলৰ আৰু দাইলৰ মূল্য, জানক সবিশেষ

নতুন বছৰত হ্ৰাস পাব চাউলৰ আৰু দাইলৰ মূল্য

Updated On: 

31 Dec 2024 | 11:57 AM

ভাৰতীয় অৰ্থনীতি বৰ্তমান শক্তিশালী আৰু সুস্থিৰ যেন দেখা গৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি চলিত বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ ৬.৬ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। আৰ বি আইয়ে কয় যে, গ্ৰামাঞ্চলত ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে অৰ্থনীতিয়ে উত্থান লাভ কৰিছে। লগতে চৰকাৰী ব্যয় আৰু বিনিয়োগ দ্ৰুতগতিত বৃদ্ধি পাইছে। সেৱা খণ্ডৰ পৰা ৰপ্তানি শক্তিশালী হৈ উঠিছে।

অৰ্থনীতিৰ অৱস্থা শক্তিশালী

ভাৰতীয় বিত্তীয় ব্যৱস্থাৰ অৱস্থাও শক্তিশালী বুলি আৰ বি আইৰ প্ৰতিবেদনত উল্লেখ কৰিছে। বেংকসমূহৰ লভ্যাংশও বৃদ্ধি পাইছে। এতিয়া হাতত যথেষ্ট মূলধন আৰু নগদ ধন আছে। তদুপৰি এতিয়া বেংকৰ বেয়া ঋণ (নন-পাৰফৰ্মিং এচেট) কম। লগতে ঋণৰ ৰিটাৰ্ণ (ROA) আৰু বিনিয়োগৰ ৰিটাৰ্ণ (ROE) দশক দশক ধৰি সৰ্বোত্তম স্তৰত আছে।

মূল্য হ্ৰাসৰ সম্ভাৱনা

মুদ্ৰাস্ফীতি সন্দৰ্ভত প্ৰতিবেদনত কোৱা হৈছে যে, আগন্তুক সময়ত খাদ্যৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। চাউল,গোম ধানৰ লগতে আৰু ৰবি শস্য চলি আছে। কিন্তু জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব সংঘাতৰ বাবে কিছু বিপদ আছে। ইয়াৰ ফলত দামত প্ৰভাৱ পৰিব পাৰে। প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ বেংকৰ হাততো অতিৰিক্ত মূলধন আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ভাৰতীয় অৰ্থনীতিৰ কথা ক’বলৈ গ’লে, আৰ বি আইয়ে কয় যে ২০২৪-২৫ চনৰ প্ৰথম ছমাহত জিডিপি বৃদ্ধিৰ হাৰ ৬ শতাংশ হ’ব পাৰে। যোৱা বছৰৰ প্ৰথমাৰ্ধত ৮.২ শতাংশ আৰু দ্বিতীয়াৰ্ধত ৮.১ শতাংশ আছিল। আৰ বি আইৰ মতে অহা কেইমাহমানৰ ভিতৰত পুনৰ বৃদ্ধিৰ হাৰ উন্নত হ’ব। কাৰণ চৰকাৰী ব্যয়, বিনিয়োগ আৰু শক্তিশালী সেৱা ৰপ্তানিৰ বাবে অৰ্থনীতিৰ সহায় সহযোগিতা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...