পোষ্ট অফিচৰ এক বিশেষ আঁচনি, য’ত ৫বছৰত লাভ কৰিব ১৩ লাখ টকা! জানক সবিশেষ…

ভৱিষ্যতৰ বাবে বহু মানুহে টকা জমা ৰাখিব বিচাৰে। কিন্তু ইয়াৰ বাবে উপযুক্ত আঁচনি বিচাৰি নাপায়। কিন্তু পোষ্ট অফিচত এনে কিছুমান আঁচনি আছে য'ত আপুনি টকা জমা ৰাখিব পাৰে।

পোষ্ট অফিচৰ এক বিশেষ আঁচনি, যত ৫বছৰত লাভ কৰিব ১৩ লাখ টকা! জানক সবিশেষ...

পোষ্ট অফিচ

Updated On: 

30 Jul 2025 | 08:57 PM

ধন জমা ৰখাৰ বাবে পোষ্ট অফিচত বিভিন্ন ধৰণৰ আঁচনি আছে। এই আঁচনিৰ সহায়ত মাত্ৰ কেইটামান বছৰৰ পাছতেই আপোনাৰ জমা ধন বৃদ্ধি পাব। গতিকে আপুনিও যদি টকা জমা কৰি বৃদ্ধি কৰাৰ কথা ভাবিছে তেন্তে আপোনাৰ বাবে আছে এক বিশেষ আঁচনি। ডাকঘৰৰ ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC) ত আপুনি টকা জমা কৰিব পাৰে।

এইখন এখন চৰকাৰী নিশ্চিয়তা প্ৰদান কৰা আঁচনি। যি ৫ বছৰ পৰ্যন্ত চলাব পাৰি। যদি আপোনাৰ হাতত অৱসৰৰ ধন, মাটি বিক্ৰী কৰা ধন বা মোটা অংকৰ ধন আছে তেন্তে এন এছ চি আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে। ইয়াত ৰিটাৰ্ণ নিৰ্দিষ্ট আৰু আপোনাৰ ধন সম্পূৰ্ণ নিৰাপদ। ইয়াৰ বাবে আপুনি ডাকঘৰত গৈ কে ৱাই চি আৰু প্ৰয়োজনীয় নথি-পত্ৰ জমা দি একাউণ্ট খুলিব পাৰিব।

কোনে বিনিয়োগ কৰিব পাৰে?

এই আঁচনিখনত যিকোনো ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰে। আপুনি এই আঁচনিৰ অধীনত অকলে বা যৌথভাৱে একাউন্ট খুলিব পাৰে। ইয়াত সৰ্বাধিক ৩জন প্ৰাপ্তবয়স্কই একেলগে একাউন্ট খুলিব পাৰে। ১০ বছৰ বা তাৰ ওপৰৰ শিশুৱেও নিজাকৈ একাউণ্ট খুলিব পাৰিব। যদি শিশুটি সৰু বা কোনো ব্যক্তি মানসিকভাৱে অসুস্থ, তেন্তে তেওঁৰ অভিভাৱকে তেওঁৰ নামত একাউণ্ট খুলিব পাৰে।  ইয়াৰ বাবে পৰিয়ালৰ কোনো সদস্যত মনোনীত কৰিব পাৰে। এই আঁচনিৰ অধীনত আপুনি ইচ্ছা অনুসৰি একাউন্ট খুলিব পাৰে।

নূন্যতম বিনিয়োগ মাত্ৰ ১০০০ টকা। কিন্তু সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই। গতিকে আপুনি ইচ্ছা অনুসৰি ধন বিনিয়োগ কৰিব পাৰে। আটাইতকৈ ভাল কথাটো হ’ল ইয়াত কৰা বিনিয়োগ আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাইৰ অধীনত আহে। এবছৰত ১.৫ লাখ টকা পৰ্যন্ত কৰমুক্ত বিনিয়োগ কৰিব পাৰিব।

কিমান ৰিটাৰ্ণ পাব?

বৰ্তমান এই আঁচনিখনে বছৰি ৭.৭% সুত দিয়ে, যিটো কম্পাউণ্ডিঙৰ লগত যোগ হৈ থাকে। ৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে সুতৰ পৰিমাণ লাভ কৰা হয়। প্ৰথম ৪ বছৰৰ সুত পুনৰ বিনিয়োগ কৰা হয়, যাৰ ওপৰত কৰ ৰেহাই পোৱা যায়, কিন্তু ৫ম বছৰৰ সুত কৰযোগ্য।

প্ৰয়োজন হ’লে ঋণো ল’ব পাৰে

যদি কেতিয়াবা আপোনাক টকাৰ প্ৰয়োজন হয় তেন্তে এই আঁচনিৰ অধীনত ঋণ লব পাৰে। ইয়াৰ বাবে আপুনি এন এছ চিক বেংক বা এন বি এফ চিত বন্ধকত ৰাখিব লাগিব। এনে ক্ষেত্ৰত আপুনি জমা ধন উলিয়াব লগাত নপৰে। অৱশ্যে ৫ বছৰৰ পূৰ্বে এই একাউন্ট বন্ধ কৰিব নোৱাৰিব।

স্বামী-স্ত্ৰী উভয়ৰে বাবে উপকাৰী

এই একাউন্টত স্বামী-স্ত্ৰীয়ে একেলগে বিনিয়োগ কৰিব পাৰে। ধৰি লওক দুয়ো একেলগে ৯ লাখ টকা বিনিয়োগ কৰে, তেন্তে ৫ বছৰৰ পাছত প্ৰায় ১৩,০৪,১৩০ টকা পাব। ইয়াৰে ৪,০৪,১৩০ টকা সুতৰ ৰূপত হ’ব। মুঠতে চৰকাৰী নিশ্চয়তাৰ সহায়ত আপুনি ৰিটাৰ্ণ পাব।

(এই আঁচনিত বিনিয়োগ কৰাৰ আগত ইয়াৰ বিষয়ে  সবিশেষ তথ্য পঢ়ি লোৱা দৰকাৰ)

 

অন্য খবৰ পঢ়কঃ কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ! ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...