প্ৰথম চাকৰিত যোগদান কৰাসকলক চৰকাৰে দিব ১৫,০০০ টকা, জানক সবিশেষ…

PM Viksit Bharat Rozgar Yojana: আৰম্ভ হৈছে এক নতুন আঁচনি। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে চাকৰি কৰাসকলে লাভ কৰিব ১৫ হাজাৰ টকা। ১৫ আগষ্টত মোদীয়ে এই ঘোষণা কৰিছিল যদিও এতিয়া ইয়াৰ পঞ্জীয়ন আৰম্ভ হৈছে।

প্ৰথম চাকৰিত যোগদান কৰাসকলক চৰকাৰে দিব ১৫,০০০ টকা, জানক সবিশেষ...

ই পি এফ অ'

Published: 

29 Dec 2025 | 06:22 PM

যদি আপুনি চাকৰিৰ আৰম্ভণি কৰিছে তেন্তে আছে এক ভাল খবৰ। প্ৰধানমন্ত্ৰী বিকাশ ভাৰত ৰোজগাৰ যোজনা (PM Viksit Bharat Rozgar Yojana) ৰ অধীনত আপুনি লাভ কৰিব পাৰে ১৫ হাজাৰ টকা। শেহতীয়াকৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে এই সন্দৰ্ভত টুইট কৰিছে। য’ত কোৱা হৈছে-যদি আপুনি প্ৰথমবাৰৰ বাবে চাকৰিৰ আৰম্ভণি কৰিছে অৰ্থাৎ প্ৰথমবাৰৰ বাবে ইপিএফঅ’ (Epfo)ত পঞ্জীয়ন কৰিছে তেন্তে এই আঁচনিৰ অধীনত ১৫ হাজাৰ টকা লাভ কৰিব।

এই আঁচনিৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ pmvry.labour.gov.in ৱেবচাইট চাব পাৰে। মন্ত্ৰালয়ৰ টুইট অনুসৰি, প্ৰথমবাৰ EPFO ত পঞ্জীয়ন কৰাসকলেহে ইয়াৰ দ্বাৰা লাভান্বিত হ’ব।

কেনেকৈ উপকৃত হ’ব?

এই আঁচনিৰ লাভ পাবলৈ আপুনি EPFO ত পঞ্জীয়নভুক্ত হ’ব লাগিব। অৰ্থাৎ যেতিয়া আপুনি চাকৰি আৰম্ভ কৰে তেতিয়া EPFOত একাউন্ট খোল খায়। ইয়াৰ লগে লগে EPFOত পঞ্জীয়নভুক্ত হয়। পাছত ইয়াক আপোনাৰ পি এফ একাউন্টৰ সৈতে লিংক কৰা হয়। এই আঁচনিৰ সুবিধা পাবলৈ আপুনি pmvry.labour.gov.in ত গৈ পঞ্জীয়ন কৰিব পাৰিব। ঘৰৰ পৰাও অনলাইনৰ দ্বাৰা এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে।

 

PFৰ টকা উলিওৱাৰ নিয়ম

এই আঁচনি কেৱল প্ৰথমবাৰৰ কৰ্মচাৰীৰ বাবে। নতুন পি এফ নিয়মৰ অধীনত পি এফ একাউণ্টৰ পৰা ধন উলিওৱাটো পূৰ্বতকৈ সহজ হৈ পৰিছে। অতি সোনকালে ইপিএফঅ’ই এটিএম কাৰ্ডৰ পৰা উলিওৱাৰ সুবিধাও প্ৰদান কৰিব। নতুন নিয়ম অনুসৰি, আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বিয়াৰ বাবে, ঘৰ ক্ৰয় বা মেৰামতি, শিশুৰ শিক্ষা,অসুস্থতাৰ বাবে এই ধন উলিয়াব পাৰে।

কেতিয়া আৰু কিমান টকা উলিয়াব পাৰিব?

টকা উলিওৱাৰ পৰিমাণ আপোনাৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে। চাকৰি হেৰুৱালে লগে লগে ৭৫% আৰু বাকী ২৫% ১২ মাহৰ পিছত উলিয়াব পাৰিব।ঘৰ ক্ৰয়, বিয়া, বেমাৰ,অৱসৰ আদিত চৰ্ত অনুসৰি উলিয়াব পাৰে। চাকৰি এৰাৰ লগে লগে ৭৫ শতাংশ PFৰ ধন উলিয়াব পাৰে। ইয়াৰোপৰ বাকী ১২ মাহৰ পাছত উলিয়াব পাৰে। বিয়াৰ ক্ষেত্ৰত বা নিজৰ পৰিয়ালৰ বাবে ৭ বছৰৰ সেৱাৰ পাছত ৫০ শতাংশ উলিয়াব পাৰে। নিজৰ বাবে বা পৰিয়ালৰ স্বাস্থ্যৰ বাবে সম্পূৰ্ণ ধন বা ৬ মাহৰ দৰমহা উলিয়াব পাৰে।

 

অন্য খবৰ পঢ়কঃ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰঃ কিয় বিশেষ এই প্ৰকল্প, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...