আজিৰ দিনত পতঞ্জলিৰ ব্যৱসায় কিমান কোটি টকাৰ জানেনে ? জানিলে আচৰিত হ’ব…
বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলি ফুডছে এম এম চি খণ্ডত নিজস্ব পৰিচয় গঢ়ি তুলিছে। কিন্তু আপুনি জানেনে, কোম্পানীটোৰ ব্যৱসায়ৰ মূল্য কিমান কোটি?

পতঞ্জলি
দেশৰ বিখ্যাত এফ এম জি কোম্পানী পতঞ্জলিৰ ব্যৱসায় বৃদ্ধি পাইছে। বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলি ফুডছে এম এম চি খণ্ডত নিজস্ব পৰিচয় গঢ়ি তুলিছে। বৰ্তমান কোম্পানীটোৱে দন্ত কান্তি, এলোভেৰাৰ পৰা কৃষিজাত সামগ্ৰী আৰু খাদ্য তেললৈকে ব্যৱসায় কৰে। কিন্তু আপুনি জানেনে, কোম্পানীটোৰ ব্যৱসায়ৰ মূল্য কিমান কোটি?
পতঞ্জলি ফুড লিমিটেড কোম্পানী বৰ্তমান শ্বেয়াৰ বজাৰত তালিকাভুক্ত। কোম্পানীটো তালিকাভুক্ত হোৱাৰ পিছৰে পৰা ই বিনিয়োগকাৰীক ভাল লাভ দিবলৈ সক্ষম হৈছে। যদি যোৱা পাঁচ বছৰৰ কথা কওঁ, তেন্তে পতঞ্জলি ফুড লিমিটেডৰ শ্বেয়াৰে বিনিয়োগকাৰীক প্ৰায় ৭২ শতাংশ ডাঙৰ ৰিটাৰ্ণ দিছে। ৫ বছৰ পূৰ্বে য’ত কোম্পানীটোৰ শ্বেয়াৰ ১০৪০ টকা আছিল, আজি প্ৰায় ৭৪৩.৯০ টকা বৃদ্ধি পাই ১৭৮৪ টকা হৈছে।
কোম্পানীৰ ব্যৱসায়
পতঞ্জলি ফুড লিমিটেডে এফএমচিজি খণ্ডৰ বিখ্যাত কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। যোৱা পাঁচ বছৰত বিনিয়োগকাৰীৰ বাবে ই যথেষ্ট ভাল লাভ দিছে। বৰ্তমান বিএছইত কোম্পানীটোৰ মাৰ্কেট কেপ ৬৪,৭৫৮ কোটি টকা।
২০২৪ চনৰ বিত্তীয় বৰ্ষত পতঞ্জলি ফুডছ লিমিটেডৰ সৰ্বাধিক ৰাজহ অৰ্থাৎ প্ৰায় ৭০ শতাংশ খোৱা তেলৰ পৰা লাভ কৰিছিল। ইয়াৰ পিছত কোম্পানীটোৰ খাদ্য আৰু অন্যান্য এফএমচিজিৰ সামগ্ৰী, যাৰ ৰাজহৰ অংশ আছিল প্ৰায় ৩০ শতাংশ। পতঞ্জলি ফুডছ হৈছে ভাৰতীয় এফএমচিজি কোম্পানী, যিয়ে ভাৰতত গ্ৰাহক সামগ্ৰী আৰু খোৱা তেল প্ৰস্তুত কৰে। বিশেষ কথাটো হ’ল, পতঞ্জলিৰ সামগ্ৰীৰ চাহিদা ক্ৰমাগতভাৱে বাঢ়িছে, যাৰ বাবে কোম্পানীটোৰ ৰাজহ আৰু লাভো দ্ৰুতগতিত বৃদ্ধি পাইছে।
পতঞ্জলিয়ে এই সামগ্ৰীসমূহ বিক্ৰী কৰে
পতঞ্জলিয়ে খাদ্য সামগ্ৰীৰ পৰা আয়ুৰ্বেদিক ঔষধলৈকে বিক্ৰী কৰে। খাদ্য সামগ্ৰীৰ ভিতৰত ঘিউ, আটা, দালি, বিস্কুট শ্বেম্পু, টুথপেষ্ট, চাবোন, তেল ইত্যাদি বিক্ৰী কৰে কোম্পানীটোৱে। ইয়াৰ উপৰিও পতঞ্জলিয়ে আয়ুৰ্বেদিক ঔষধো প্ৰস্তুত কৰে। কোম্পানীয়ে দাবী কৰে যে, ই বহু ৰোগ নিৰাময় কৰিব পাৰে। পতঞ্জলিৰ দেশজুৰি ৪৭ হাজাৰৰো অধিক খুচুৰা বিপণী, ৩৫০০ ডিষ্ট্ৰিবিউটৰ আৰু ১৮ খন ৰাজ্যত বহু গুদাম আছে।