ব্যৱসায়তো ৰামদেৱৰ দপদপনি! লাভ হ’ব দুগুণ, কৰিলে ডাঙৰ ঘোষণা…

পতঞ্জলি ফুডছ লিমিটেডে বিনিয়োগকাৰীৰ বাবে আনিছে ভাল খবৰ। দিব বোনাছ শ্বেয়াৰ। এই সন্দৰ্ভত কোম্পানীটোৱে তাৰিখ ঘোষণা কৰিছে।

ব্যৱসায়তো ৰামদেৱৰ দপদপনি! লাভ হব দুগুণ, কৰিলে ডাঙৰ ঘোষণা...

পতঞ্জলি

Updated On: 

26 Aug 2025 09:54 AM

পতঞ্জলিয়ে কৰিছে এক ডাঙৰ ঘোষণা। দেশৰ বিখ্যাত FMCG কোম্পানী পতঞ্জলিয়ে দীপাৱলীৰ পূৰ্বে শ্বেয়াৰহোল্ডাৰসকলক উপহাৰ দিবলৈ সাজু হৈছে। কোম্পানীটোৱে বিনিয়োগকাৰীসকলক ১টা শ্বেয়াৰৰ সৈতে দুটা শ্বেয়াৰ বোনাছ হিচাপে দিব। ইয়াৰ বাবে কোম্পানীটোৱে তাৰিখো ঘোষণা কৰিছে।  বাবা ৰামদেৱৰ নেতৃত্বত গঠিত কোম্পানী পতঞ্জলি ফুডছ লিমিটেডে ঘোষণা কৰিছে যে, বোনাছ শ্বেয়াৰ ২০২৫ চনৰ ১১ ছেপ্টেম্বৰত দিয়া হ’ব।

বৰ্তমান বিএছইত তালিকাভুক্ত হৈছে পতঞ্জলি ফুডছ লিমিটেড। কোম্পানীটোৱে এক্সচেঞ্জ ফাইলিঙত কয় যে বিনিয়োগকাৰীক ২ টকাৰ ফেচ ভেলু এটা ষ্টকত ২ টা শ্বেয়াৰ বোনাছ হিচাপে দিয়া হ’ব।ইয়াৰ বাবে কোম্পানীয়ে ছেপ্টেম্বৰ মাহৰ তাৰিখ নিৰ্ধাৰণ কৰিছে। ১১ ছেপ্টেম্বৰত এই বোনাছ শ্বেয়াৰ দিয়া হ’ব।

বোনাছ শ্বেয়াৰ দিয়াৰ পূৰ্বে কোম্পানীটোৱে ডিভিডেণ্ডো দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ বাবে ৩ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে। ৰামদেৱৰ কোম্পানীটোৱে ও ১ টা শ্বেয়াৰত ২ টকাৰ ডিভিডেণ্ড দি আছে। ইয়াৰ পূৰ্বেও কোম্পানীটোৱে ২০২৪ চনত দুবাৰকৈ বিনিয়োগকাৰীক লভ্যাংশ দিছিল।প্ৰথমে ৮ টকাৰ লভ্যাংশ আৰু দ্বিতীয়বাৰ ১৪ টকাৰ লভ্যাংশ প্ৰদান কৰা হৈছিল।

ফলাফল

পতঞ্জলি ফুডছ লিমিটেডে জুন ত্ৰৈমাসিকত অতি ভাল ফল দেখুৱাইছে। কোম্পানীটোৰ মুঠ ৰাজহ ৮,৮৯৯.৭০ কোটি টকা। ইয়াৰ পৰিমাণ বিগত বছৰৰ একেটা ত্ৰৈমাসিকত আছিল ৭,১৭৭.১৭ কোটি টকা। গতিকে পূৰ্বৰ তুলনাত এইবাৰৰ ৰাজহ অতি বেছি। কোম্পানীটোৰ মুঠ লাভ ১,২৫৯.১৯ কোটি টকা। পূৰ্বৰ তুলনাত ই ২৩.৮১% বেছি। কৰ পিছত লাভ (পিএটি) ১৮০.৩৯ কোটি টকা, ২.০২% মাৰ্জিন।

ছেগমেণ্টৰ পৰা উপাৰ্জন

  • খাদ্য আৰু অন্যান্য এফএমচিজি সামগ্ৰীৰ পৰা ১,৬৬০.৬৭ কোটি টকা।
  • ঘৰ আৰু ব্যক্তিগত যত্নৰ পৰা ৬৩৯.০২ কোটি টকা।
  • ৰন্ধন তেলৰ পৰা ৬,৬৮৫.৮৬ কোটি টকাৰ ৰাজহ।

 

কোম্পানীটোৰ শ্বেয়াৰৰ অৱস্থা

শুকুৰবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত কিছু অৱনতি ঘটে। বজাৰৰ মুখ্য সূচকাংক চেনচেক্স ৬৯৩.৮৬ পইণ্ট বৃদ্ধিৰে ৮১,৩০৬.৮৫ত বন্ধ হয়। পতঞ্জলিৰ শ্বেয়াৰ ০.৪৭ শতাংশ সামান্য হ্ৰাস পাই ১৮০৪.০৫ টকাত বন্ধ হয়।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীত মৃতদেহ উদ্ধাৰৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণলৈ…চাওক দিনটোৰ খবৰ…

গণেশ চতুৰ্থীত বিৰল কাকতালীয় সংযোগ, এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!
নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা
৫০০ বছৰ পাছত গণেশ চতুৰ্থীত বিৰল সংযোগ! ভাল দিন আহিব এইসকল লোকৰ...
ডাঙৰ সংযোগ! গণেশ চতুৰ্থীত এই ৰাশিৰ লোকে লাভ কৰিব গণপতিৰ আশীৰ্বাদ...