পিন পাহৰিলেও কৰিব পাৰিব পে’মেণ্ট! শীঘ্ৰেই UPIত দেখা যাব অত্যাধুনিক প্ৰযুক্তি
নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা অনলাইন পে’মেণ্টৰ বাবে কোনো বাধ্যতামূলক সংখ্যাগত পিন নাথাকিব। স্বাভাৱিকতেই সকলোৰে মনত প্ৰশ্ন উঠিব পাৰে, পিন অবিহনে কিদৰে সুৰক্ষামূলক লেনদেন সম্ভৱ?

ধনৰ লেনদেনৰ ক্ষেত্ৰত এতিয়া প্ৰায় অধিকাংশ লোকৰ ভৰসা ইউনিফাইড প”মেণ্টছ ইন্টাৰফেচ, চমুকৈ UPI। অনলাইন ধন পৰিশোধৰ বাবে এই UPIৰ ওপৰত অধিকাংশ লোকেই এতিয়া অধিক আস্থা প্ৰকাশ কৰিছে। এতিয়া UPIৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে দেখা পাব এক নতুন পৰিৱৰ্তন। এই পৰিৱৰ্তনৰ বাবে মাজত মাত্ৰ ১ দিন বাকী। সূত্ৰ অনুসৰি ৮ অক্টোবৰ, অৰ্থাৎ বুধবাৰৰ পৰা ইউনিফাইড পে’মেণ্টছ ইন্টাৰফেচ বা UPI নেটৱৰ্কত বৃহৎ পৰিৱৰ্তন আহিব।
নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা অনলাইন পে’মেণ্টৰ বাবে কোনো বাধ্যতামূলক সংখ্যাগত পিন নাথাকিব। স্বাভাৱিকতেই সকলোৰে মনত প্ৰশ্ন উঠিব পাৰে, পিন অবিহনে কিদৰে সুৰক্ষামূলক লেনদেন সম্ভৱ? পিছে এই চিন্তা হৈ পৰিব অমূলক। জানিব পৰা মতে পিনৰ পৰিৱৰ্তে ব্যৱহাৰকাৰীয়ে ফিংগাৰপ্ৰিণ্ট বা ফেচ ৰিক’গনিশ্যন ব্যৱহাৰ কৰিব পাৰিব।
যদি সঁচাকৈয়ে নেচনেল কৰ্পৰেশ্যন পে’মেণ্টছ অৱ ইণ্ডিয়া, চমুকৈ NPCI- এ এনে পদক্ষেপ গ্ৰহণ কৰে, তেতিয়া ই ডিজিটেল লেনদেনত এক নতুন দিগন্তৰ সূচনা কৰিব। জানিব পৰা গৈছে যে এই বায়’মেট্ৰিক অথেণ্টিকেশ্যন কেন্দ্ৰীয় চৰকাৰৰ ইউনিক আইডেণ্টিফিকেশ্যন চিষ্টেম অৰ্থাৎ আধাৰ তথ্যকোষ ব্যৱহাৰ কৰি কৰা হ’ব।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া নিৰ্দেশনা অনুসৰি এই নতুন পিনমুক্ত ব্যৱস্থা আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে পিনৰ উপৰিও বিকল্প অথেণ্টিকেশ্যন পদ্ধতি যেনে ফিংগাৰপ্ৰিণ্ট বা ফেচ ৰিক’গনিশ্যন ব্যৱস্থাত অনুমোদন কৰা হৈছে। নেচনেল কৰ্পৰেশ্যন পে’মেণ্টছ অৱ ইণ্ডিয়াই বৰ্তমান মুম্বাইত চলি থকা গ্ল’বেল ফিনটেক ফেষ্টিভেলত এই নতুন সুবিধা প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে।
পিন অবিহনে UPIত কি লাভ দেখা যাব?
পিন নাথাকিলে UPIৰ লেনদেনত একাধিক সুবিধা হ’ব পাৰে। বিশেষকৈ এতিয়া পিন পাহৰি যোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ’ব নালাগে। একেদৰে এতিয়া এটা স্পৰ্শতে পে’মেণ্ট কৰিব পৰা হ’ব। তদুপৰি পিনতকৈ এতিয়া এই ফিংগাৰপ্ৰিণ্ট বা ফেচ ৰিক’গনিশ্যন অধিক শক্তিশালী সুৰক্ষামূলক ব্যৱস্থা হ’ব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।