অষ্টম দৰম আয়োগৰ পৰা EPFO লৈকে, নতুন বছৰ ২০২৬ ত সলনি হ’ব এই নিয়ম
এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে, সাধাৰণ মানুহক সকাহ দিয়াৰ লগতে ডিজিটেল নিৰাপত্তা সুদৃঢ় কৰা। নতুন বছৰত সলনি হ’বলগীয়া মূল নিয়মসমূহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ আহক।

নতুন বছৰত বহু নিয়ম সলনি হ’বলৈ গৈ আছে। ২০২৬ চনৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই নিয়মসমূহে আপোনাৰ বিত্তীয় আৰু জীৱনশৈলীত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। চৰকাৰ আৰু নিয়ন্ত্ৰণ সংস্থাসমূহে নতুন বছৰৰ বাবে কৰ স্লেব সংস্কাৰৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ নিয়মলৈকে বিশদ ৰোডমেপ প্ৰস্তুত কৰিছে। এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে, সাধাৰণ মানুহক সকাহ দিয়াৰ লগতে ডিজিটেল নিৰাপত্তা সুদৃঢ় কৰা। নতুন বছৰত সলনি হ’বলগীয়া মূল নিয়মসমূহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ আহক।
কৰ্মচাৰীৰ বাবে ভাল খবৰ
আগন্তুক বছৰটোৱে দৰমহা পোৱা ব্যক্তি আৰু কৰদাতা উভয়ৰে বাবে কিছু সকাহ কঢ়িয়াই আনিব পাৰে। সকলোৰে চৰ্চা বিষয় হৈ আছে অষ্টম দৰমহা আয়োগ। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব, যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আয় যথেষ্ট বৃদ্ধি পাব। প্ৰাথমিক হিচাপ অনুসৰি, ২০ৰ পৰা ৩৫ শতাংশ দৰমহা বৃদ্ধি পাব পাৰে। সপ্তম দৰমহা আয়োগত ফিটমেণ্ট ফ্যাক্টৰ ২.৫৭ আছিল যদিও এতিয়া ইয়াক ৩.০ লৈ বৃদ্ধি হ’ব পাৰে বুলি আশা কৰা হৈছে।
কৰদাতাৰ বোজা লাঘৱ হ’ব
ইয়াৰ উপৰিও নতুন আয়কৰ বিধেয়কখনে কৰদাতাৰ বোজাও লাঘৱ কৰিব। চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰ হ্ৰাস কৰাৰ ইংগিত দিছে, যাৰ ফলত দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী সস্তা হ’ব পাৰে। নতুন কৰ বিধেয়কখনত কৰ স্লেবৰ পৰিৱৰ্তনও অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত দৰমহাপ্ৰাপ্ত শ্ৰেণী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল প্ৰত্যক্ষভাৱে লাভৱান হ’ব। ইয়াৰ উপৰিও কৰ দাখিল কৰাটো সহজ কৰি তুলিবলৈ নতুন ‘প্ৰি-ফিল্ড আইটিআৰ ফৰ্ম’ প্ৰৱৰ্তন কৰা হ’ব।
ইপিএফঅ’ৰ নিয়মত ডাঙৰ পৰিৱৰ্তন
ইপিএফঅ’ৰ নিয়মৰ পৰিৱৰ্তন ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে উপহাৰতকৈ কম নহয়। পি এফৰ ধন উলিওৱাটো এতিয়া পূৰ্বতকৈ সহজ হৈ পৰিব। পূৰ্বৰ ১৩টা পৃথক চৰ্তৰ পৰিৱৰ্তে উলিওৱাৰ নিয়মক তিনিটা মূল ভাগত ভাগ কৰা হৈছে। অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা, ঘৰুৱা খৰচ, আৰু বিশেষ পৰিস্থিতি। ইয়াৰ ফলত চিকিৎসা জৰুৰীকালীন বা বিয়াৰ বাবে ধন উলিয়াওঁতে অপ্ৰয়োজনীয় কাগজ-পত্ৰৰ কাম প্ৰয়োজন নহয়।
কটকটীয়া হ’ব বেংকিং নিয়ম
আনহাতে বেংকিং জালিয়াতি ৰোধ কৰিবলৈ নিয়মাৱলী কটকটীয়া কৰা হৈছে। ১ জানুৱাৰীৰ পৰা প্ৰায় প্ৰতিটো বিত্তীয় সেৱাৰ বাবে পান আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক হৈ পৰিব। যদি আপুনি এতিয়াও সেইবোৰ লিংক কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্ট ফ্ৰীজ হ’ব পাৰে। ইয়াৰ উপৰিও ইউপিআই আৰু ডিজিটেল পেমেণ্ট সুৰক্ষিত কৰিবলৈ চিম পৰীক্ষণ আৰু ডিজিটেল চিনাক্তকৰণ প্ৰক্ৰিয়া কঠোৰ কৰা হ’ব, যাৰ ফলত অনলাইন জালিয়াতি সম্ভৱনা হ্ৰাস পাব।
মুদ্ৰাস্ফীতিৰ পৰা সকাহ সম্ভৱ
নতুন বছৰত ৰন্ধা-বঢ়া আৰু ভ্ৰমণৰ খৰচ কিছু হ্ৰাস পাব পাৰে। ইউনিফাইড শুল্ক ব্যৱস্থাৰ পৰিৱৰ্তনে চিএনজি আৰু পিএনজিৰ মূল্য হ্ৰাস কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি, চিএনজি প্ৰতি কিলোগ্ৰামত ২.৫০ টকা পৰ্যন্ত আৰু পিএনজি ১.৮০ টকা পৰ্যন্ত সস্তা হ’ব পাৰে। কিন্তু প্ৰদূষণৰ বাবে ডাঙৰ চহৰত পুৰণি পেট্ৰ’ল-ডিজেল বাহন আৰু বাণিজ্যিক বাহনৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব, যাৰ ফলত লজিষ্টিক সেৱাত প্ৰভাৱ পৰিব পাৰে।
ডিজিটেল সুৰক্ষাৰ প্ৰতিও চিন্তিত চৰকাৰ
শিশুৰ ডিজিটেল সুৰক্ষাক লৈও চিন্তিত চৰকাৰ। সম্ভৱতঃ ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ নতুন নিৰ্দেশনা ২০২৬ চনত কাৰ্যকৰী কৰা হ’ব, যাৰ ফলত অভিভাৱকৰ নিয়ন্ত্ৰণ আৰু বয়স পৰীক্ষণৰ দৰে বৈশিষ্ট্যসমূহ বাধ্যতামূলক কৰা হ’ব। একে সময়তে কৃষকসকলে পিএম-কিষাণ যোজনাৰ সুবিধা লাভ কৰিবলৈ ‘ইউনিক কিষাণ আইডি’ সৃষ্টি কৰাটো প্ৰয়োজনীয় হ’ব পাৰে, যাৰ ফলত আঁচনিখনত স্বচ্ছতা আহিব।