Jammu Kashmir: পৰ্যটনৰ ক্ষেত্ৰত ১২ হাজাৰ কোটি টকাৰ লোকচান! প্ৰতি বছৰে কিমান সংখ্যক পৰ্যটকৰ আগমন ঘটে জম্মু-কাশ্মীৰলৈ?

Jammu Kashmir Terror Attack: জম্মু-কাশ্মীৰৰ ডাল লেকত ১৫০০ৰো অধিক হাউচবোট চলে, ৩০০০ৰো অধিক হোটেল আছে। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এতিয়া সকলো খালী হৈ পৰিছে। সকলো বুকিং বাতিল কৰিছে পৰ্যটকে।

Jammu Kashmir: পৰ্যটনৰ ক্ষেত্ৰত ১২ হাজাৰ কোটি টকাৰ লোকচান! প্ৰতি বছৰে কিমান সংখ্যক পৰ্যটকৰ আগমন ঘটে জম্মু-কাশ্মীৰলৈ?

পৰ্যটনৰ ক্ষেত্ৰত ১২ হাজাৰ কোটি টকাৰ লোকচান!

Updated On: 

24 Apr 2025 14:17 PM

সন্ত্ৰাসবাদে পুনৰবাৰ কাশ্মীৰত তেজেৰে ৰাঙলী কৰিছে। পহলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণে সমগ্ৰ দেশকে জোকাৰি গৈছে। এই আক্ৰমণ কেৱল নিৰীহ পৰ্যটকৰ ওপৰত আক্ৰমণ নহয়, কাশ্মীৰৰ সাংস্কৃতিক ঐতিহ্য আৰু লাখ লাখ কাশ্মীৰীৰ জীৱিকাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। প্ৰতি বছৰে কোটি কোটি পৰ্যটক জম্মু-কাশ্মীৰলৈ আহে। জম্মু-কাশ্মীৰৰ অৰ্থনীতি পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল।

ভূ-স্বৰ্গ হিচাপে পৰিচিত কাশ্মীৰৰ পৰ্যটন উদ্যোগৰ পৰা প্ৰায় ১২ হাজাৰ কোটি টকা উপাৰ্জন হয়। জম্মু-কাশ্মীৰৰ জিডিপিৰ ৭-৮ শতাংশ আহে পৰ্যটন পৰা। আশা কৰা হৈছিল যে ২০৩০ চনৰ ভিতৰত এই আয় ২৫,০০০ৰ পৰা ৩০,০০০ কোটি টকা হ’ব। কিন্তু এই সন্ত্ৰাসবাদী আক্ৰমণে সেই উন্নয়ন যাত্ৰাত বাধাৰ সৃষ্টি কৰিছে।

কাশ্মীৰত পৰ্যটন সম্পৰ্কীয় বিভিন্ন বৃত্তি যেনে হোটেল, হাউচবোট, টেক্সি, গাইড, হস্তশিল্প আদি আছে। প্ৰায় ২ লাখ ৫০ হাজাৰ লোকৰ জীৱিকাৰ উৎস হৈছে পৰ্যটন। ডাল লেকত ১৫০০ৰো অধিক হাউচবোট চলে আৰু ৩০০০ৰো অধিক হোটেল আছে। সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এতিয়া সকলো খালী হৈ পৰিছে। সকলো বুকিং বাতিল কৰা হৈছে।

গুলমাৰ্গ, সোণামাৰ্গ, পহলগাম, ডাল লেকৰ দৰে পৰ্যটনস্থলসমূহে প্ৰতি বছৰে লাখ লাখ পৰ্যটকক আকৰ্ষণ কৰে। ২০২৪ চনত ২ কোটি ৩৬ লাখ পৰ্যটক কাশ্মীৰ ভ্ৰমণ কৰিছিল, ইয়াৰে ৬৫ হাজাৰৰো অধিক বিদেশী আছিল। কেৱল গুলমাৰ্গে ১০৩ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি অৰিহণা যোগাইছিল। এতিয়া এই সকলোবোৰ পৰ্যটনস্থলী ভয় আৰু অনিশ্চয়তাৰ ছাঁত।

কাশ্মীৰ কেৱল পৰ্যটকৰে প্ৰিয় স্থান নহয়, বলীউড আৰু অ’টিটি প্ৰযোজকৰ বাবেও শ্বুটিং এক প্ৰিয় গন্তব্যস্থান। এতিয়া ছবি নিৰ্মাতাসকলেও এই ঘটনাৰ বাবে দুখোজ পিছুৱাই আহিছে।

 

 

 

 

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension