অফিচত চাহ খোৱা এৰি দিলে ১০ বছৰত কিমান টকা জমা হ’ব? জানক…
সকলো মানুহে ভাল ভৱিষ্যতৰ বাবে ধন জমা কৰিব পাৰে। কিন্তু কিছুমান সৰু সৰু অভ্যাসৰ বাবে আমাৰ লাখ লাখ টকা খৰচ হয়। যদি আপুনি অফিচত চাহ খোৱা এৰি দিয়ে আপোনাৰ ১০ বছৰৰ পাছত কিমান টকা জমা হ'ব জানেনে?

ধন
সম্ভৱতঃ বহু কম মানুহ ওলাব, যিয়ে চাহ নাখায়। অফিচ বা কৰ্মস্থলীত চাহ নোখোৱা মানুহৰ সংখ্যা গণনা কৰিব পৰা বিধৰ। গুৱাহাটী বা অসমৰ বিভিন্ন অংশত একাপ সাধাৰণ চাহৰ গড় মূল্য ১০ টকা।কিন্তু আপুনি জানেনে, এই ধন সঞ্চয় কৰি মাত্ৰ ১০ বছৰত ৩ লাখ টকাৰো অধিক টকা সঞ্চয় কৰিব পাৰি। আচৰিত হৈছে নেকি আপুনি? আচৰিত যেন লাগিলেও এয়া সঁচা।
ধৰি লওক আপুনি সপ্তাহত ৬ দিন অফিচ বা আপোনাৰ কৰ্মস্থলীলৈ যায়। এনে ক্ষেত্ৰত গোটেই মাহটোত ২৫ বা ২৬ দিন অফিচলৈ যাব লাগে। যদি আপুনি দিনটোত চাৰিবাৰ চাহ খায়, তেন্তে আপোনাৰ দৈনিক খৰচ ৪০ টাকা। অৱশ্যে আমি ইয়াৰ লগত চিগাৰেট বা অন্য খোৱা বস্তুৰ হিচাপ কৰা নাই। বাকীবোৰ হিচাপ কৰিলে পৰিমাণ আৰু বেছি হ’ব। গতিকে ২৫ দিনৰ বাবে অফিচলৈ গ’লে আপোনাৰ চাহৰ নামত খৰচ ১ হাজাৰ টকা।
পিছে আপুনি এই টকা জমা কৰিব পাৰে। ১ হাজাৰ টকা আপুনি মাহিলী এটা স্মল কেপ মিউচুৱেল ফাণ্ডত জমা কৰিব পাৰে। এনে স্মল কেপ ফাণ্ডে প্ৰায় ১৮ শতাংশ ৰিটাৰ্ণ দিয়ে। আৰু এই ৰিটাৰ্ণৰ শতাংশ হিচাপ কৰিলে ১০ বছৰত আপোনাৰ হাতত ১ লাখ ২০ হাজাৰ টকা থাকিব। ইয়াৰ লগে লগে প্ৰায় ১ লাখ ৯০ হাজাৰ টকা সুত হিচাপে জমা হ’ব। মুঠতে ১০ বছৰৰ পাছত আপুনি লাভ কৰিব ৩ লাখ ১০ হাজাৰ টকা ।
আপোনাৰো চাহৰ লগত চিগাৰেট খোৱাৰ অভ্যাস আছে, তেন্তে সঞ্চয়ৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাব। কেনেকৈ জানেনে? যদি এটা চিগাৰেটৰ গড় দাম ৮ টাকা হয়, আৰু যদি আপুনি দিনটোত ৫ টা চিগাৰেট খায়, তেন্তে আপোনাৰ খৰচ দিনটোত ৪০ টাকা হ’ব। ২৫ দিনত খৰচ হ’ব ১ হাজাৰ টকা। তেতিয়া একেদৰে আৰু ৩ লাখ ১০ হাজাৰ টকা ৰাহি কৰিব পাৰিব। গতিকে যদি আপুনি আপোনাৰ নিচা এৰিব পাৰে, তেন্তে ১০ বছৰৰ শেষত আপোনাৰ হাতত প্ৰায় ৬ লাখ টকা থাকিব।
অন্য খবৰ পঢ়কঃ ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ ‘মুক্তি বাণিজ্য চুক্তি স্বাক্ষৰ’: সস্তা হ’ব এইসমূহ সামগ্ৰী…