শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

PM Kisan Samman Nidhi: এতিয়াও একাউণ্টত সোমোৱা নাই নেকি PM ​​কিষাণ সন্মান নিধিৰ ধন? কাৰণ জানক…

প্ৰধানমন্ত্ৰী মোদীয়ে ৯ কোটি কৃষকক উপকৃত কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২১ তম কিস্তি মুকলি কৰে। যদি ধন আহি পোৱা নাই তেন্তে e-KYC অসম্পূৰ্ণ বা আধাৰ আৰু বেংকৰ তথ্যৰ ভুলৰ বাবে হ’ব পাৰে। এই কথা বিতংভাৱে বুজি লওঁ আহক।

PM Kisan Samman Nidhi: এতিয়াও একাউণ্টত সোমোৱা নাই নেকি PM ​​কিষাণ সন্মান নিধিৰ ধন? কাৰণ জানক…
PM ​​কিষাণ সন্মান নিধি
trishna-kalita
Trishna Kalita | Updated On: 20 Nov 2025 10:48 AM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২১ তম কিস্তি মুকলি কৰিছে। যোৱা বুধবাৰে কইম্বাটুৰৰ পৰা এই আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে। এই আঁচনিৰ অধীনত চৰকাৰে ৯ কোটি যোগ্য কৃষকৰ খেতিৰ বাবে ১৮,০০০ কোটিতকৈ অধিক টকা মুকলি কৰি দিছে। যদি আপোনাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন আপোনাৰ একাউণ্টত অহা নাই তেন্তে ইয়াৰ আঁৰত কিছু কাৰণ থাকিব পাৰে। সেইবোৰ আৰু কেনেকৈ ঠিক কৰিব পাৰি জানো আহক।

এই আঁচনিৰ জৰিয়তে প্ৰতিটো যোগ্য কৃষক পৰিয়ালক বছৰি ৬০০০ টকা প্ৰদান কৰা হয়। এই ধন পোনপটীয়াকৈ কৃষকৰ আধাৰ সংযুক্ত বেংক একাউণ্টত জমা হয়। বছৰত তিনিবাৰকৈ ২০০০ টকাকৈ কিস্তি লাভ কৰা হয়। এই আঁচনিখন ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল।শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে ২ আগষ্টত ২০তম কিস্তি মুকলি কৰিছিল।

এতিয়ালৈকে চৰকাৰে ১১ কোটিৰো অধিক কৃষক পৰিয়ালক মুঠ ৩.৭০ লাখ কোটি টকাতকৈ অধিক ধন প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত সকলো যোগ্য ব্যক্তিয়ে ধন লাভ কৰাৰ বিপৰীতে কিছুমান মৌলিক ভুলৰ বাবে ধন পৰিশোধ কৰাত পলম হ’ব পাৰে।

টকা কিয় পোৱা নাই?

যদি পি এম কিষাণ আঁচনিৰ ২১ সংখ্যক কিস্তি আপোনাৰ একাউণ্টত জমা হোৱা নাই, তেন্তে সম্ভৱ আপুনি সকলো পেৰামিটাৰ সঠিকভাৱে পূৰণ কৰা নাই। উদাহৰণস্বৰূপে, যদি আপোনাৰ পিএম-কিষান আঁচনিৰ কিস্তি এতিয়াও আপোনাৰ বেংক একাউণ্টত জমা হোৱা নাই, তেন্তে ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ব পাৰে ই-কেৱাইচি অসম্পূৰ্ণ বা আপোনাৰ আধাৰ আৰু বেংক একাউণ্টৰ তথ্যত ভুল। কেতিয়াবা নাম, জন্ম তাৰিখ, বেংকৰ আই এফ এছ চি ক’ড, একাউণ্ট নম্বৰৰ সৰু সৰু ভুলৰ বাবেও কিস্তিত পলম হ’ব পাৰে। গতিকে সকলো কৃষক ভাই-ভনীক অনুৰোধ জনোৱা হ’ল যে তেওঁলোকৰ বেংক একাউণ্টটো আধাৰৰ সৈতে লিংক কৰক আৰু পঞ্জীয়নৰ সময়ত দিয়া সকলো তথ্য সম্পূৰ্ণ শুদ্ধ হ’ব লাগে।