ৰে’লৱেৰ টিকট সন্দৰ্ভত নতুন নিয়ম! বাতিল কৰিলে পূৰ্বৰ সিদ্ধান্ত…

পুনৰ সিদ্ধান্ত সলনি হ'ল ভাৰতীয় ৰে'লৱেৰ। কিছুদিন পূৰ্বে ভাৰতীয় ৰে'লৱে ৱেটিং লিষ্ট সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু এতিয়া পুনৰ সেই সিদ্ধান্ত বাতিল কৰে।

ৰেলৱেৰ টিকট সন্দৰ্ভত নতুন নিয়ম! বাতিল কৰিলে পূৰ্বৰ সিদ্ধান্ত...

ৰে'লৱে

Published: 

08 Jul 2025 | 10:36 AM

যোৱা ২০ জুনত ভাৰতীয় ৰে’লৱেই ৱেটিং লিষ্ট সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন কৰিছিল। কনফৰ্ম টিকটত লৈ দালালসকলে আৰম্ভ কৰা ব্যৱসায় ৰোধ কৰিবলৈ ৰেলৱে গ্ৰহণ কৰিছিল সিদ্ধান্ত। সেই অনুসৰি, ২৫ শতাংশতকৈ অধিক ৱেটিং লিষ্টত নাথাকিব। কিন্তু এই সিদ্ধান্তৰ কেইটামান সপ্তাহৰ পাছতে পুনৰ নিয়ম পৰিবৰ্তন হ’ল। যাৰ ফলত ৱেটিং লিষ্টৰ নিয়ম পুনৰ সলনি হয়।

ৰে’লৱে ২৫ শতাংশ ৱেটিং লিষ্ট ৰখাক লৈ জাৰি কৰা অধিসূচনা বাতিল কৰে। দূৰৰ যাত্ৰাৰ ৰে’লৰ বাবে সলনি কৰা হৈছে সিদ্ধান্ত। এই ক্ষেত্ৰত ৰাজধানী এক্সপ্ৰেছ আৰু শতাব্দী এক্সপ্ৰেছক বিশেষ গুৰুত্ব দিয়া হৈছে। ৰে’লৰ কিমান আসন থাকিব আৰু কিমানখন আসন ৱেটিং লিষ্টত থাকিব সেই সকলো নতুন তালিকাত উল্লেখ আছে।

নতুন তালিকা অনুসৰি যিকোনো মেইল ​​বা এক্সপ্ৰেছ ট্ৰেইনত ফাৰ্ষ্ট এচিত ১০০ শতাংশ ৱেটিং লিষ্ট। উদাহৰণস্বৰূপে , যদি এটা টায়াৰৰ এচিত ১৮ টা ৱাৰ্থ থাকে. তেন্তে ৱেটিং লিষ্টত ১৮ টা টিকট দিয়া হ’ব। ইয়াৰ লগতে ছেকেণ্ড এচিত ৬০ শতাংশ আৰু শ্লিপাৰত ৪০ শতাংশ ৱেটিং লিষ্টত থাকিব।

ৰাজধানী আৰু শতাব্দী এক্সপ্ৰেছৰ ক্ষেত্ৰত কিছু বেলেগ হ’ব নিয়ম। ইয়াৰ ক্ষেত্ৰত ফাৰ্ষ্ট এচিত ৬০ শতাংশ আৰু বাকী সকলো শ্ৰেণীত ৪০ শতাংশ ৱেটিং লিষ্টত থাকিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৫ শতাংশৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। অৰ্থাৎ যিকোনো ৰে’লত ৱেটিং টিকটৰ সংখ্যা ৰে’লৰ মুঠ ক্ষমতাৰ ২৫% লৈ সীমাবদ্ধ থাকিব। প্ৰতিখন ৰে’লৰ এচি ফাৰ্ষ্ট ক্লাছ, এচি ছেকেণ্ড, এচি থাৰ্ড, স্লিপাৰ আদি সকলোতে ২৫ শতাংশ ৱেটিং টিকট প্ৰদান কৰা হৈছিল। কিন্তু এতিয়া ৰে’লৱে এই সিদ্ধান্ত পুনৰ সলনি কৰিলে।

 

 

অন্য খবৰ পঢ়কঃ মধ্যবিত্তৰ সাধ্যৰ বাহিৰত! সোণৰ মূল্যবৃদ্ধিয়ে চকু কপালত তুলিব আপোনাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...