আমেৰিকাত ভাৰতৰ ডাঙৰ পদক্ষেপ! লাভান্বিত হ’ব প্ৰায় ৫৩ লাখ ভাৰতীয়…

ভাৰতে লছ এঞ্জেলছত এটা নতুন ভাৰতীয় কনছুলাৰ এপ্লিকেচন চেণ্টাৰ মুকলি কৰিছে। যাৰ ফলত লাখ লাখ ভাৰতীয় লাভান্বিত হ'ব পাৰে। ইয়াৰ অধীনত আমেৰিকাত থকা লাখ লাখ ভাৰতীয়ই বিভিন্ন দিশত কিছু সকাহ পাব পাৰে।

আমেৰিকাত ভাৰতৰ ডাঙৰ পদক্ষেপ! লাভান্বিত হব প্ৰায় ৫৩ লাখ ভাৰতীয়...

পাছপোৰ্ট

Published: 

25 Dec 2025 | 10:32 AM

আমেৰিকাৰ লছ এঞ্জেলছত ভাৰতে মুকলি কৰিছে নতুন ভাৰতীয় কনছুলাৰ এপ্লিকেশ্যন চেন্টাৰ (ICAC)। ভিএফএছ গ্ল’বেলৰ দ্বাৰা পৰিচালিত এই কেন্দ্ৰটো ১৫ ডিচেম্বৰৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠে। ইয়াৰ লক্ষ্য হৈছ, অঞ্চলটোত বাস কৰা ভাৰতীয় প্ৰৱাসীসকলক কনছুলাৰ সেৱাৰ সুবিধা প্ৰদান কৰা। য’ত এটা স্থানতে বহু সুবিধা উপলব্ধ হ’ব।

কি কি সেৱা

জানিব পৰা মতে, এই এটা চেন্টাৰতে ভাৰতীয়সকলে বিভিন্ন দিশৰ সেৱা লাভ কৰিব। নতুন  ICAC ত পাছপোৰ্ট আৰু ভিছাৰ বাবে আবেদন, অভাৰচিজ চিটিজেনশ্যিপ অফ ইণ্ডিয়া  (OCI), ভাৰতীয় নাগৰিকত্ব ত্যাগ, আৰক্ষীৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট, গ্ল’বেল এণ্ট্ৰি প্ৰগ্ৰেম, এটেষ্টেচন, আৰু অন্যান্য কনছুলাৰ সেৱাসমূহ লাভ কৰিব। ইয়াৰ ফলত মানুহৰ যথেষ্ঠ সময় ৰাহি হব আৰু এটা কামৰ বাবে বিভিন্ন স্থানলৈ যাব নালাগিব।

১৭টালৈ বৃদ্ধি

শেহতীয়াকৈ নতুন  ICAC মুকলি হোৱাৰ পাছত আমেৰিকাত ভিএফএছ গ্ল’বেলৰ দ্বাৰা পৰিচালিত ভাৰতীয় কনছুলাৰ এপ্লিকেচন চেণ্টাৰৰ সংখ্যা ১৭টালৈ বৃদ্ধি পাইছে।ইয়াৰ পূৰ্বে আগষ্ট মাহত বষ্টন, কলম্বাছ, ডালাছ, ডেট্ৰাইট, এডিচন, অৰলেণ্ডো, ৰেলি, আৰু ছান জোছত আঠটা নতুন কেন্দ্ৰ মুকলি কৰা হৈছিল।

৫৩ লাখ ভাৰতীয় লাভান্বিত

ভিএফএছ গ্ল’বেলৰ আমেৰিকাৰ মুৰব্বী অমিত কুমাৰ শৰ্মাই কয় যে, এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপৰ ফলত প্ৰায় ৫৩ লাখ ভাৰতীয় লাভান্বিত হ’ব। ভাৰতীয় প্ৰৱাসীসকলক উন্নত আৰু সুবিধাজনক সেৱা প্ৰদান কৰা হৈছে ইয়াৰ উদ্দেশ্য। তেওঁ আৰু কয় যে, ছুটিৰ দিনত সেৱা আৰু কৰ্মৰ সময় বৃদ্ধিৰ বাবে পাছপোৰ্ট অ’চিআইৰ বাকী থকা আবেদনৰ সংখ্যা হ্ৰাস পাইছে। নিউয়ৰ্ক, ছান ফ্ৰান্সিস্কো, এডিছনে সৰ্বাধিক আবেদন লাভ কৰিছে।  ভৱিষ্যতে এই প্ৰক্ৰিয়াই লাখ লাখ ভাৰতীয়ক সকাহ দিব বুলি আশা কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ কিমান নাৰীৰ সৈতে সম্পৰ্ক আছে ইউনুছৰ? ভাৰতৰ সৈতেও আছে সংযোগ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...