কেতিয়া হ’ব ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিত সাক্ষৰ? ট্ৰাম্পে কৰিলে ডাঙৰ ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ দাবী কৰে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক হ্ৰাস কৰিবলৈ সাজু। শীঘ্ৰে দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হ’ব বুলিও কয়। অৱশ্যে ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কৰিলে ডাঙৰ ঘোষণা।

কেতিয়া হ’ব ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিত সাক্ষৰ? ট্ৰাম্পে কৰিলে ডাঙৰ ঘোষণা

কেনেকুৱা হ’ব ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি?

Published: 

17 May 2025 | 09:30 PM

ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক চুক্তিৰ ওপৰত এটা ডাঙৰ ইংগিত দিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ পৰা অহা সামগ্ৰীৰ সকলো শুল্ক বাতিল কৰিবলৈ ভাৰত সাজু বুলি উল্লেখ কৰি ট্ৰাম্পে কয় যে, নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত চুক্তি হ’বলৈ ওলাইছে। তেওঁ কয়, আপোনালোকে জানেনে যে ভাৰতে আমেৰিকাৰ বাবে নিজৰ শুল্ক ১০০ শতাংশ কমাবলৈ ইচ্ছুক। ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় তেওঁ ভাৰতৰ সৈতে চুক্তি কৰিবলৈ কোনো খৰখেদা কৰা নাই। ভাৰতৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ বিষয়ে তেওঁ কি কৈছে জানক।

এই বাণিজ্যিক চুক্তিৰ ওপৰত ট্ৰাম্পৰ দাবী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ দাবী কৰে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্ক হ্ৰাস কৰিবলৈ সাজু। শীঘ্ৰে দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হ’ব বুলিও কয়। অৱশ্যে ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে প্ৰস্তাৱিত বাণিজ্যিক চুক্তিৰ বাবে তেওঁৰ কোনো খৰখেদা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বাৰে বাৰে দাবী কৰি আহিছে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ সকলো শুল্ক হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, যিকোনো বাণিজ্যিক চুক্তি পাৰস্পৰিকভাৱে লাভজনক হ’ব লাগে।

কোনো খৰখেদা নাই

ট্ৰাম্পে পুনৰবাৰ ভাৰতক বিশ্বৰ ভিতৰতে সৰ্বাধিক শুল্ক আৰোপ কৰা দেশসমূহৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁলোকে ব্যৱসায় কৰাটো প্ৰায় অসম্ভৱ কৰি তোলে। আপুনি জানেনে যে তেওঁলোকে আমেৰিকাৰ বাবে নিজৰ শুল্ক ১০০ শতাংশ হ্ৰাস কৰিবলৈ ইচ্ছুক।

ভাৰতৰ সৈতে কেতিয়া চুক্তি হ’ব বুলি সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অতি সোনকালে হ’ব। মোৰ কোনো খৰখেদা নাই। সকলোৱে আমাৰ লগত ব্যৱসায় কৰিব বিচাৰে। দক্ষিণ কোৰিয়াই চুক্তি কৰিব বিচাৰে, কিন্তু মই সকলোৰে সৈতে চুক্তি কৰিবলৈ যোৱা নাই। মই মাত্ৰ সীমা নিৰ্ধাৰণ কৰি দিম। ইমান মানুহ লগ কৰিব নোৱাৰাৰ বাবে মই সকলোৰে লগত মোকাবিলা কৰিব নোৱাৰো। মোৰ ওচৰত ১৫০ খন দেশ আছে যিয়ে চুক্তি কৰিব বিচাৰে।

ৱাশ্বিংটনত আছে পীয়ুষ গোৱাল

বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ বাবে ভাৰত আৰু আমেৰিকাই আলোচনাত মিলিত হৈছে। জয়শংকৰে বৃহস্পতিবাৰে কয় যে, এইবোৰ জটিল আলোচনা। সকলো ঠিক নোহোৱালৈকে একো সিদ্ধান্ত লোৱা নহয়। যিকোনো বাণিজ্যিক চুক্তি পাৰস্পৰিকভাৱে লাভজনক হ’ব লাগে। বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল বৰ্তমান ৱাশ্বিংটনত আছে প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ আলোচনাৰ অগ্ৰগতি মূল্যায়ন কৰিবলৈ। তেওঁ আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিক আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি (ইউ এছ টি আৰ) জেমিছন গ্ৰীৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...