3 Cr Retirement Fund:অৱসৰৰ সময়ত কেনেকৈ লাভ কৰিব ৩ কোটি টকা? জানক সমগ্ৰ প্ৰক্ৰিয়া…

3 Cr Retirement Fund: প্ৰায় সকলো মানুহে এটা ভাল ভৱিষ্যত বিচাৰে। ইয়াৰ বাবে জমা ধনৰ প্ৰয়োজন। গতিকে প্ৰশ্ন হয়, যদি আপুনি অৱসৰৰ সময়ত ৩ কোটি টকাৰ পুঁজি বিচাৰে তেন্তে এতিয়াৰ পৰা কিমান টকা জমা কৰিব লাগিব?

3 Cr Retirement Fund:অৱসৰৰ সময়ত কেনেকৈ লাভ কৰিব ৩ কোটি টকা? জানক সমগ্ৰ প্ৰক্ৰিয়া...

জমা ধন

Published: 

07 Jan 2026 | 03:38 PM

এতিয়া আপোনাৰ বয়স কিমান? ২৫, ৩৫ নে ৪৫?  আপুনি হয়তো ভাবিছে যে অৱসৰ ল’বলৈ আৰু বহুত সময় আছে! কিন্তু মনত ৰাখিব, মুদ্ৰাস্ফীতিৰ বজাৰত আজি আপোনাৰ জমা ধন কাইলৈৰ বাবে যথেষ্ট নহ’বও পাৰে। বিশেষজ্ঞসকলে কয় যে মৰ্যদাপূৰ্ণ অৱসৰৰ বাবে ক’মেও ৩ কোটি টকাৰ পুঁজি থকাটো গুৰুত্বপূৰ্ণ।

৩ কোটি টকা কিয়?

এই পৰিমাণৰ ধনেৰে মাহে ক’মেও ৭৫ হাজাৰৰ পৰা ১ লাখ টকা উপাৰ্জন কৰা সম্ভৱ। যাৰ সহায়ত আপুনি এতিয়াৰ পৰা ১৫ বা ৩০ বছৰৰ পাছতো আপোনাৰ দৈনন্দিন খৰচ আৰু চিকিৎসাৰ সকলো খৰচ পৰিচালনা কৰিব পাৰিব। কিন্তু এই লক্ষ্যত উপনীত হ’ব কেনেকৈ? এয়া সম্ভৱ মিউচুৱেল ফাণ্ড (Mutual Fund) বা এছ আই পি (SIP)ৰ দ্বাৰা।

পলম কৰিলে হ’ব পাৰে বিপদ

সময় আপোনাৰ আটাইতকৈ ডাঙৰ বন্ধু। ফলত যিমান সোনকালে সঞ্চয় কৰিবলৈ আৰম্ভ কৰিব সিমানেই পকেটত চাপ কম হ’ব। হিচাপ অনুসৰি নিফ্টি ৫০ বা চেন্সেক্সৰ দৰে সূচকাংকই গড়ে প্ৰায় ১২ শতাংশ ৰিটাৰ্ণ দিয়ে। সেইবাবেই যদি আমি গড় ৰিটাৰ্ণ ১২ শতাংশ বুলি ধৰি লওঁ, তেন্তে হিচাপ এনেকুৱা হ’বঃ

২৫ বছৰ বয়সৰ পৰা আৰম্ভ: প্ৰতিমাহে মাত্ৰ ৫৫০০ টকা জমা কৰি ৩৫ বছৰত ৩ কোটিৰ সীমাত উপনীত হ’ব পাৰিব। অৰ্থাৎ ৬০ বছৰ হ’লে ৩ কোটি টকাৰ পুঁজি আপোনাৰ হাতত থাকিব।

৩৫ বছৰ বয়সৰ পৰা আৰম্ভ: মাত্ৰ ১০ বছৰ পলম কৰিলে বিনিয়োগ কৰিবলগীয়া ধনৰ পৰিমাণ বাঢ়িব। এনে অৱস্থাত আপুনি মাহে ১৮ হাজাৰ টকালৈ জমা কৰিব লাগিব।

৪৫ বছৰ বয়সৰ পৰা আৰম্ভ: যদি আপুনি ভাবে যে ৪৫ বছৰ বয়সত অৱসৰৰ পুঁজিৰ প্ৰয়োজন, তেন্তে আপুনি প্ৰতিমাহে বহুত বেছি সঞ্চয় কৰিব লাগিব। প্ৰায় ৬৩ হাজাৰকৈ জমা কৰিলে ভৱিষ্যত ভাল হ’ব। গতিকে সোনকালে ধন জমা বা বিনিয়োগ কৰা উচিত।

কি কৰিব?

বিত্তীয় বিশেষজ্ঞসকলে কয়, কম পৰিমাণৰ পৰা সঞ্চয় আৰম্ভ কৰক, কিন্তু এয়া নিয়মীয়া হ’ব লাগে। মিউচুৱেল ফাণ্ডত ডিচিপ্লিন আৰু সময়—এই দুয়োটাই আপোনাক কোটিপতি কৰি তুলিব পাৰে। অৱসৰ কোনো পৰিকল্পতি বিলাসীতা নহয়, কিন্তু এই ধন এক প্ৰয়োজন। গতিকে ভৱিষ্যতৰ বাবে আজিয়েই আপুনি বিত্তীয় উপদেষ্টাৰ সৈতে কথা পাতি বিনিয়োগৰ ক্ষেত্ৰত পদক্ষেপ লওক। এটা কথা মনত ৰাখিব, যিমানেই সময় যাব সিমানেই বিনিয়োগৰ ধন বৃদ্ধি পাব। গতিকে যিমান সোনকালে বিনিয়োগ কৰিব পাৰে সিমানেই ভাল।

স্পষ্টীকৰণঃ যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সকলো দিশ সঠিকভাৱে বিশ্লেষণ কৰক। TV9Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।

 

অন্য খবৰ পঢ়কঃ EPF সন্দৰ্ভত ডাঙৰ আপডেট! দৰমহা বৃদ্ধিক লৈ কেন্দ্ৰক ন্যায়ালয়ে দিলে বিশেষ নিৰ্দেশ…

জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ