তৎকাল অবিহনে একেদিনাই কেনেকৈ IRCTC ত ৰে’লৱেৰ টিকট বুকিং কৰিব?
তৎকাল বুকিং নকৰাকৈ কেনেকৈ একেদিনাই টিকট পাব পাৰি। IRCTCৰ ৱেবছাইট বা ইয়াৰ এপ ব্যৱহাৰ কৰিও একেদিনাই টিকট বুকিং কৰিব পাৰিব, যদিহে টিকট উপলব্ধ।

ৰে'লৱে
উৎসৱৰ বতৰত ঘৰৰ পৰা আঁতৰত থকা লোকসকলে নিজ ঘৰলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰে। পৰিয়ালৰ লোকৰ সৈতে উৎসৱ উদযাপন কৰাৰ ইচ্ছা সকলোৰে থাকে। দেখা যায় যে, উৎসৱৰ বতৰত কামৰ পৰা ছুটী পোৱাতকৈ ৰে’লৰ টিকট পোৱাটো আৰু অধিক প্ৰত্যাহ্বানজনক হ’ব পাৰে।
এইবাৰ দীপাৱলীৰ মাত্ৰ দুদিন পূৰ্বে IRCTC ৰ ৱেবছাইট ডাউন হৈ যোৱাত মানুহে তৎকালৰ টিকট বুকিং কৰিব পৰা নাই। যদি আপুনি এই তালিকাত আছে, তেন্তে চিন্তা নকৰিব; আমি ষ্টেপ-বাই-ষ্টেপ বুজাম যে, তৎকাল বুকিং নকৰাকৈ কেনেকৈ একেদিনাই টিকট পাব পাৰি। IRCTCৰ ৱেবছাইট বা ইয়াৰ এপ ব্যৱহাৰ কৰিও একেদিনাই টিকট বুকিং কৰিব পাৰিব, যদিহে টিকট উপলব্ধ।
কেনেকৈ টিকট বুকিং কৰিব ?
- তৎকাল সেৱা অবিহনে একেদিনাই ৰে’লৰ টিকট বুকিং কৰিবলৈ প্ৰথমে আই আৰ চি টি চিৰ ৱেবছাইট বা এপ চাওক।
- ইয়াৰ পিছত, আপোনাৰ IRCTC ব্যৱহাৰকাৰী আইডি আৰু পাছৱৰ্ডৰ সৈতে লগ ইন কৰক।
- আপুনি যাব বিচৰা ষ্টেচনটো নিৰ্বাচন কৰক, ভ্ৰমণৰ তাৰিখ দিয়ক, আৰু জমা দিয়ক।
- সেই পথত থকা ৰে’লৰ তালিকা এখন ওলাব। আপুনি যাত্ৰা কৰিব বিচৰা ৰে’লখনত ক্লিক কৰক আৰু পথৰ সময় নিৰ্বাচন কৰক।
- ক্লাছৰ ধৰণত ক্লিক কৰক (যেনে, Sleeper, 3AC, 2AC)। আই আৰ চি টি চিৰ সেৱা চাৰ্জকে ধৰি এই ভাড়া এজন প্ৰাপ্তবয়স্কৰ বাবেহে।
- নিৰ্বাচিত ৰে’লখনৰ ক্লাছত ক্লিক কৰি চাব যে আসন আছে নে নাই।
- উপলব্ধতা অংশত “Book Now” ত ক্লিক কৰক। যদি বেলেগ ৰে’লৰ প্ৰয়োজন হয়, “ৰিছেট” ক্লিক কৰক।
- বুকিং পেজত ৰে’লৰ নাম আৰু ষ্টেচন শুদ্ধ হয় নে নহয় দুবাৰ পৰীক্ষা কৰক।
- যাত্ৰীৰ নাম, বয়স, লিংগ, আৰু বাৰ্থৰ পছন্দ (upper/lower) পূৰণ কৰক।
- সকলো সবিশেষ দিয়াৰ পিছত “পে” ক্লিক কৰক, তাৰ পিছত বেংকৰ নিৰাপদ পেমেণ্ট পেজলৈ গৈ পেমেণ্ট কৰক।